Rupaliparda.com

সংগীতৰ প্ৰতি থকা অপাৰ ইচ্ছাৰে পৰশ প্ৰতীম বৰ্মনৰ নতুন গীতঃ

সংগীত ক্ষেত্ৰখনত সম্প্ৰতি সময়ছোৱাত যথেষ্ট নতুন প্ৰতিভাক দেখিবলৈ পোৱা গৈছে। আচলতে, ক’ৰণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউন” ত একাংশই নিজৰ মাজত থকা প্ৰতিভাক চিনি পাবলৈ আৰু ইয়াক জনসাধাৰণৰ মাজত উলিয়াই অনাৰ বহুল প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছিল। আচলতে, এটা দিশৰ পৰা চাবলৈ গ’লে বৰ ভাল লগা কথা এয়াই যে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে নিতৌ নতুন সৃষ্টি আৰু প্ৰতিভাক চাবলৈ পাইছে। সপোন আঁকিবলৈ এচপৰা সাৰুৱা মাটিৰ প্ৰয়োজন হয়। খোলা চকুৰ সপোনক বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰা জাক জাক ব্যক্তি ঘূৰি ফুৰে পৃথিৱীৰ চুকে-কোণে। কেতিয়াবা দিগভ্ৰষ্ট হয় হাৰ মানি লয় একাংশই; আন একাংশই কঠোৰ কষ্ট, সংগ্ৰামৰ মাজেৰে আগবাঢ়ে আহিবলগীয়া সময়লৈ। আমি মনোৰঞ্জন ক্ষেত্ৰখনতো এনে বহু প্ৰতিভাৰ উদাহৰণ দেখিছো; যিয়ে নিজৰ ব্যক্তিগত পেছাৰ সমান্তৰালকৈ মনোনিৱেশ কৰে নিজৰ নিচাটোক লৈও। সেইবাবে একোজন ডাক্তৰ, ইঞ্জিনিয়াৰ অথবা অইন পেছাৰ ব্যক্তিবিশেষে সুন্দৰ অভিনয় নহ’লে একোটা গীতত সুন্দৰ কন্ঠদান কৰি অনুৰাগীক উৎসাহিত কৰা দেখিবলৈ পোৱা যায়।


সদ্যমুক্তিপ্ৰাপ্ত “স্তব্ধ” শীৰ্ষক এটি অসমীয়া গীতত শুনিবলৈ পোৱা গৈছিল পেছাত এগৰাকী ডাক্তৰৰ কন্ঠ। পৰশ প্ৰতীম বৰ্মনৰ সংগীতৰ প্ৰতি থকা অপাৰ ইচ্ছাই আচলতে তেওঁক টানি আনিছিল এই দিশটোৰ প্ৰতি; গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াত কথা হৈছে তেওঁৰ নিজৰেই। সংগীত পৰিচালনা যুগল কাশ্যপৰ লগতে পৰশ প্ৰতীমৰ; শব্দ সংমিশ্ৰণ ভূপেশ শইকীয়াৰ আৰু উক্ত গীতটিত আন এক কন্ঠ শুনিবলৈ পোৱা গৈছে ৰিমি দে’ ৰ। প্ৰথমটো গীত ৰূপে শ্ৰোতাৰ সঁহাৰিও লাভ নকৰাকৈ থকা নাই পৰশে; আগন্তুক সময়ত তেওঁৰ পৰা আৰু কিছু গীতৰ আশা কৰাৰ কথাও ব্যক্ত কৰে জনসাধাৰণে।

সংগীতৰ প্ৰতি থকা অপাৰ ইচ্ছাৰে পৰশ প্ৰতীম বৰ্মনৰ নতুন গীতঃ 1


চলিত বৰ্ষটোত বহু নঘটিবলগীয়া ঘটনা ঘটি প্ৰায় প্ৰত্যেকৰে মনবোৰ বিষাদপূৰ্ণ কৰি তুলিছিল। মনোৰঞ্জন ক্ষেত্ৰখনেও বহুকেইজন সুদক্ষ শিল্পীক হেৰুৱাই শোকাহত হৈ পৰিছিল গতিকে এইটো সময়ত জনসাধাৰণক আমোদ প্ৰদান কৰাটো একপ্ৰকাৰ আৱশ্যকীয় হৈ পৰিছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। এনেক্ষেত্ৰত এনে একাংশই কৰা চেষ্টা লেখত ল’বলগীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform