Rupaliparda.com

২ ঘন্টীয়া নিদ্ৰা আঁকোৱালিও সুন্দৰ দীপলিনা ডেকাঃ

এগৰাকী শিল্পীৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সাধাৰণ জনৰ দৰে ইমান সহজ নহয়; তেওঁলোকৰ কষ্ট, সংগ্ৰাম আদিৰ কথা আমি নক’লেও বুজি পাওঁ কিন্তু ইয়াৰ উপৰিও, একোজন শিল্পীয়ে নিজ নিজ অনুৰাগী সকলক প্ৰতিটো সময়ত আমোদ দিয়াৰ বাবে কৰা প্ৰচেষ্টা অথবা প্ৰয়াসে আচলতে তেওঁলোকৰ কামবোৰ অধিক গ্ৰহণযোগ্য কৰি তোলে। আমি প্ৰায়ে এনে বহু শিল্পীৰ বিষয়ে শুনো যিয়ে নিজ কৰ্মৰ সুন্দৰ প্ৰকাশৰ বাবে দিন-ৰাতি একাকাৰ কৰি নিৰৱিচ্চিন্ন ভাৱে কষ্ট কৰি যায়; ক্ষন্তেক সময়ৰ জিৰণি লৈ আকৌ অব্যাহত ৰাখে নিজ কৰ্মৰ ধাৰাবাহিকতা। একেদৰে, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী দীপলিনা ডেকাই ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰা এখন ফটোত অনুৰাগীৰ কমেন্টে ভিৰ কৰিছে। কেৱল মাত্ৰ এইখন ফটো বুলিয়ে নহয়; দীপলিনা ডেকাৰ প্ৰত্যেকখন ফটোৱে অনুৰাগীক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ আপলোড কৰা এখন ফটোৰ কেপছনত দীপলিনাই লিখে যে, “ৰাতি ৩ বজাত নিজৰ শ্ব’ শেষ কৰি যেতিয়া ২ ঘন্টীয়া নিদ্ৰাক আঁকোৱালিব লগীয়া হয়।” উক্ত কথাষাৰে স্পষ্ট কৰি তুলিছে কন্ঠশিল্পী গৰাকীৰ অহৰহ প্ৰয়াস তথা প্ৰচেষ্টা।

২ ঘন্টীয়া নিদ্ৰা আঁকোৱালিও সুন্দৰ দীপলিনা ডেকাঃ 1


অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.