Rupaliparda.com
"কপিল আৰু মই ভাৰতীৰ সৈতে সদায় থিয় হৈ থাকিম"- কৃষ্ণা অভিষেক 1

“কপিল আৰু মই ভাৰতীৰ সৈতে সদায় থিয় হৈ থাকিম”- কৃষ্ণা অভিষেক

যোৱা কিছুদিন ধৰি সংবাদ মাধ্যমত বাতৰিৰ শিৰোনাম দখল কৰি ৰাখিছিল ভাৰতী সিঙে। তেওঁক “কপিল শৰ্মা শ্ব” ৰ পৰা উলিয়াই দিয়া হৈছিল বুলিও চৰ্চা চলিছিল সচেতন মহলত। কিন্তু শেহতীয়াকৈ এই বিষয়ত নিজ মত ব্যক্ত কৰে কৃষ্ণা অভিষেকে; তেওঁৰ মতে ভাৰতীয়ে নিজ ইচ্ছানুসৰি এৰিছে উক্ত শ্ব’টো। লগতে, কৃষ্ণা অভিষেকে এয়াও কয় যে সম্প্ৰতি যিসমূহ উৰা বাতৰি চচিয়েল মিডিয়াত ঘূৰিছে সেই আটাইবোৰ সঁচা নহয়; ইয়াৰ আঁৰৰ কথাবোৰ হৈছে বেলেগ আৰু “কপিল শৰ্মাৰ শ্ব” ৰ পৰাও শ্ব’টো এৰিবলৈ কোনো ধৰণৰ আদেশ দিয়া হোৱা নাছিল ভাৰতীক। এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰ যোগে কৃষ্ণাই কয় যে, “কপিল আৰু মই ভাৰতীৰ সৈতে সদায় থিয় হৈ থাকিম; লগা হ’লে যিয়ে হৈ নাযাওঁক কিয়! যদি উৰা বাতৰি সমূহৰ ভিতৰত কিবা এটাও সঁচা হ’লহেঁতেন তেতিয়াহ’লেও মই সদায় ভাৰতীৰ সৈতেই থিয় দিলোহেঁতেন। ভাৰতী কৰ্মলৈ উভতিব লাগিব; যি হ’ব পিছলৈ হৈ থাকিব।

"কপিল আৰু মই ভাৰতীৰ সৈতে সদায় থিয় হৈ থাকিম"- কৃষ্ণা অভিষেক 2
"কপিল আৰু মই ভাৰতীৰ সৈতে সদায় থিয় হৈ থাকিম"- কৃষ্ণা অভিষেক 3


তেওঁ আগলৈ কয় যে, “মই আৰু কপিলে সদায় লগ দিম; আমাৰ তৰফৰ পৰা তাই সদায় সঁহাৰি লাভ কৰিব। আৰু, আমাৰ চেনেলেও এনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।” উল্লেখ্য যে, বিগত কিছুদিন ধৰি “দা কপিল শৰ্মা শ্ব” য়ে চৰ্চা লাভ কৰি আহিছিল। ইয়াৰ পূৰ্বেও কীকুয়ে এই বিষয়ত মন্তব্য কৰিছিল আৰু শেহতীয়াকৈ কৃষ্ণা অভিষেকে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কীকুৱে কোৱা মতে, ভাৰতীয়ে কেৱল মাত্ৰ এটা খণ্ডৰহে শ্বুটিং কৰিবলৈ অহা নাই। প্ৰত্যেকটো খণ্ডত তেওঁৰ চৰিত্ৰ নাথাকিবও পাৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.