চলিত বৰ্ষৰ সমাপ্তিৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। ২০২০ চনৰ প্ৰতিটো অপায়-অমংগল তথা সন্ত্ৰাসক উফৰাই যেন প্ৰত্যেকজন জনসাধাৰণে আগন্তুক বৰ্ষটোত সুকলমে খোজ দিব পাৰে তাৰ বাবে অপেক্ষা কৰি ৰৈছে। ঠিক একেখিনি চিন্তা-ধাৰাৰে বৰ্তমান অপেক্ষা কৰি ৰৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত কলা-কুশলীও। অহা বৰ্ষত আহিবলগীয়া অসমীয়া ছবিসমূহৰ ভিতৰত এখন বহু প্ৰত্যাশিত ছবি হৈছে “এমুঠি পুঠি”। ক’ৰোণা ভাইৰাছৰ ফলত হোৱা “লক-ডাউন” য়ে ছবিখনৰ শ্বুটিং পৰিক্ৰমাত কিছু বাধাৰ সৃষ্টি কৰিছিল যদিও সম্প্ৰতি ছবিখনৰ শ্বুটিং পৰ্যায় আকৌ এবাৰ আৰম্ভ কৰা হৈছে। “এদিন ভাইৰাছ হাৰিব; এমুঠি পুঠি আহিব” শীৰ্ষক এক বাক্য শাৰীৰে জনসাধাৰণৰ সমুখলৈ আনিবলৈ চেষ্টা কৰা এই ছবিখনক লৈ উৎসাহিত অসমীয়া চলচিত্ৰপ্ৰেমী জনসাধাৰণো; কিয়নো ছবিখনে কেৱল মাত্ৰ এটা দিশেই নহয় বহুকেইটা দিশেৰেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকবৃন্দক। Metanormal প্ৰডাকচন হাউচৰ বেনাৰত নিৰ্মিত ছবিসমূহত থকা নতুনত্ব আৰু ব্যতিক্ৰমী ভাৱটোয়ে প্ৰায় প্ৰতিখন ছবিকেই গ্ৰহণযোগ্য কৰি তুলিছিল। গতিকে, সেইনুসৰি আহিবলগীয়া ছবি “এমুঠি পুঠি” ক লৈও উৎকন্ঠিত অনুৰাগী।


এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰা সমূহতকৈ অকণমান ফালৰি কাটি ছবিখনৰ শ্বুটিং সম্পন্ন কৰা হৈছিল “I Phone” ত। কুলনন্দিনী মহন্তৰ পৰিচালনা তথা ভাস্কৰ হাজৰিকা, শ্যাম বৰা আৰু সুনীল আগৰৱালাৰ প্ৰযোজনাৰে এই ছবিখন হৈছে “I Phone” ত শ্বুটিং সম্পন্ন হোৱা প্ৰথমখন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ছবিখনৰ কাহিনীয়ে জনসাধাৰণক সংযোগ কৰিব পাৰিব বুলি ইতিমধ্যে ছবিখনৰ পৰিচালক গৰাকীয়ে এক সাক্ষাৎকাৰ যোগে জানিবলৈ দিছিল। অত্যাধিক হাস্যৰসত মছগুল হ’বলৈ নিদিলেও জনসাধাৰণে ছবিখনৰ কাহিনীৰ দ্বাৰা আমোদ লাভ কৰিব বুলিও ৰূপালীপৰ্দাৰ সমুখত জনাইছিল পৰিচালকগৰাকীয়ে। ছবিখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে প্ৰতিভা চৌধুৰী, নীতালী দাস আৰু দেৱুতান্ত সৃষ্টি শৰ্মাই। আনহাতে, ছবিখনৰ আন কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে কেনী বসুমতাৰী, মনীষা ভূঞা, ৰুবুল বড়ো আৰু ন-পূৰণি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে।

অহা বৰ্ষৰ প্ৰথমভাগতেই হয়টো জনসাধাৰণে ছবিখনৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হ’ব। আহিবলগীয়া একাংশ ছবিসমূহৰ ভিতৰত বহুল ৰূপত প্ৰত্যাশিত ছবি হৈ পৰিছে “এমুঠি পুঠি”। ছবিখনৰ কাহিনীভাগো লিখিছে ভাস্কৰ হাজৰিকাই নিজেই। উক্ত ছবিখনৰ যোগেৰে অসমবাসীয়ে কেঁহা-মিঠা কমেডীৰ সোঁৱাদ পাব বুলি চচিয়েল মিডিয়া যোগে জনাইছিল ভাস্কৰ হাজৰিকাই।
Add comment