কন্ঠশিল্পী অভিজিৎ দাস; ইতিমধ্যে সংগীত ক্ষেত্ৰখনত চিনাকী হৈ পৰা এটা নাম। প্ৰায় কেইবাটাও অসমীয়া গীতত কন্ঠদান কৰি শ্ৰোতা-দৰ্শকৰ সঁহাৰি লাভ কৰা এই গৰাকী কন্ঠশিল্পীৰ সদ্যমুক্তিপ্ৰাপ্ত “শ্যামকানু” শীৰ্ষক গীতটিয়েও লাভ কৰিছে জনসাধাৰণৰ সমাদৰ। বিগত বৰ্ষতেই তেওঁৰ কন্ঠৰে মুক্তি লাভ “মৰমে মাৰে ৰিং” শীৰ্ষক গীতটিয়ে ইউটিউবত এক উল্লেখনীয় অংকত লাভ কৰিছিল ভিউৱাৰচ। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা কন্ঠশিল্পী অভিজিৎ দাসৰ সৈতে আমি পাতিছিলো কিছু কথা। একোটা গীতৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “গান এটা সফলতাৰ আঁৰত কেৱল মাত্ৰ এটা উপাদানেই নাথাকে। কিন্তু যদিহে এক কথাত এই প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয় তেতিয়াহ’লে ক’ব লাগিব যে এটা গীতত থকা শব্দৰ গাঁথনিৰ সমান্তৰালকৈ এটা গীত জনসাধাৰণৰ মনত সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ তাত দিয়া সুৰ আৰু সংগীতৰ ওপৰত গুৰুত্ব দিবলগীয়া হয়। ইয়াৰ উপৰিও, এটা গীতৰ সৈতে জড়িত হৈ থকা গোটেই টীমটোৱে যেতিয়া সক্ৰিয়ভাৱে নিজ নিজ কামবোৰ সম্পূৰ্ণ কৰিবলৈ লয় তেতিয়াই এটা গীত সফল ৰূপে পৰিগণিত হৈ পৰে।”
সংগীত ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আচলতে যি মূলা বাঢ়ে তাৰ দুপাততে চিন; ঠিক তেনেদৰে মোৰ ক্ষেত্ৰতো এনেকুৱাই হৈছিল কিয়নো সংগীত মই সৰুৰ পৰাই ভাল পাইছিলো আৰু ই মোক নিজৰ ফালে যথেষ্ট আকৰ্ষণ কৰিছিল। পেছাগত ভাৱে ক’বলৈ গ’লে ২০১১ চনৰ পৰা মই এই ক্ষেত্ৰখনৰ সৈতে জড়িত। ২০১৮ চনৰ পৰা মই গীতত কন্ঠদান কৰাৰ লগতে কেইবাটাও গীত আৰু চুটি ছবিৰ সংগীত পৰিচালক ৰূপে কাম কৰিছো। বৰ্তমানলৈ মোৰ হেঁপাহৰ এই ক্ষেত্ৰখনত কাম কৰি গৈ আছো; আশা কৰিছো এতিয়াৰ দৰে আগলৈও ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হ’ম।” আগন্তুক পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত কন্ঠশিল্পী অভিজিতে কয় যে, “আগন্তুক প্ৰকল্প ভালেখিনি মোৰ হাতত আছে। কিন্তু শেহতীয়াকৈ মই ব্যস্ত হৈ আছো বৰষা ৰাণী বিষয়া বা, উৎপল দাস আৰু মুনমী ফুকন অভিনীত এখন চুটি ছবিৰ আৱহ সংগীত পৰিচালক ৰূপে। চুটি ছবিখনৰ নাম হৈছে “অপেন মেৰেজ”।”


আগলৈ তেওঁ কয় যে, “ইয়াৰ লগতে কেইবাটাও মিউজিক ভিডিঅ’ৰ কামো মোৰ হাতত আছে। “কল্পনা” শীৰ্ষক এটি গীত মোৰ আহিবলগীয়া গীতৰ মাজৰ এটা; আনহাতে “আধী শ্বায়েৰী” শীৰ্ষক এটি হিন্দী গীতো জনসাধাৰণ সমুখলৈ আহিব। গীতটো অহা বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰি দিয়াৰ চিন্তা কৰি আছো।”
Add comment