Rupaliparda.com
আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে ৰাইজৰ মাজলৈ এটি নতুন গীত "অভিমান এনেকুৱাই" 1

আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে ৰাইজৰ মাজলৈ এটি নতুন গীত “অভিমান এনেকুৱাই”

আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে ৰাইজৰ মাজলৈ এটি নতুন গীত “অভিমান এনেকুৱাই”। শেহতীয়াকৈ গীতটিক মুকলি কৰা হৈছে। টিজাৰ মুক্তিৰ পিছতেই গীতটিয়ে চৰ্চা লাভ কৰিছিল চচিয়েল মিডিয়াত। চলিত বৰ্ষৰ প্ৰথমভাগতে গীতটিৰ লিৰিকেল ভিডিঅ’ সহ জনসাধাৰণৰ মাজত উলিয়াই দিয়া হৈছিল কিন্তু এইবাৰ গীতটিৰ ভিডিঅ’ উপভোগ কৰিবলৈ পাইছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগী সকলে। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা তিৰাপ সীমান্ত মেধিৰ আৰু ইয়াত অভিনয় কৰিছে দীপাংকৰ মহন্ত আৰু প্ৰিয়ংকা পাঁচনীয়ে। অভিমান আৰু প্ৰেমৰ মিশ্ৰিত অনুভূতিক লৈ গীতটিক ৰাইজৰ মাজত উলিয়াই দিয়া হৈছে বুলি কিছুদিন পূৰ্বে টিজাৰ যোগে জনাই দিয়া হৈছিল জনসাধাৰণক। কেৱল মাত্ৰ এটা গীতেৰেই নহয়; আন এটি গীতৰ সৈতেও অনুৰাগীক আকৰ্ষণ কৰিবলৈ সাজু হৈছে কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ। আহিবলগীয়া সময়ত কন্ঠশিল্পী গৰাকীৰ কথা আৰু সুৰেৰে আন এটি “বৰষুণ” শীৰ্ষক গীতেও লাভ কৰিব মুক্তি। গীতটিৰ দুখনকৈ পোষ্টাৰ মুকলি কৰা হৈছে আৰু উক্ত দুয়োখন পোষ্টাৰতেই আচুৰ্য্য বৰপাত্ৰৰ পূৰ্বতকৈ এক নতুন লুক দেখিবলৈ পোৱা গৈছে।

আচুৰ্য্য বৰপাত্ৰৰ কন্ঠৰে ৰাইজৰ মাজলৈ এটি নতুন গীত "অভিমান এনেকুৱাই" 2


এই লুকটোৱে অৱশ্যে উৎসাহিত নকৰাকৈও থকা নাই অনুৰাগীকো। আচুৰ্য্য বৰপাত্ৰৰ প্ৰায় প্ৰতিটো গীতৰ বাবেই উৎসাহী হৈ থাকে অনুৰাগী; সেইবাবেই হয়টো তেওঁৰ কোনোধৰণৰ আপডেটে ক্ষন্তেকতে চচিয়েল মিডিয়াত বহুল ৰূপত শ্বেয়াৰ হোৱা দেখিবলৈ পোৱা যায়। “অভিমান এনেকুৱাই” জনপ্ৰিয়তাৰ পিছত আহিবলগীয়া “বৰষুণ” ৰ তাৰিখ বৰ্তমানলৈও জনোৱা হোৱা নাই যদিও গীত দুটিক লৈ অপেক্ষাৰত অসমীয়া সংগীত প্ৰেমী শ্ৰোতা-দৰ্শক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.