Rupaliparda.com
"য়াহু" বিচাৰ তালিকাত শীৰ্ষস্থান অভিনেতা সুশান্ত সিং ৰাজপুতৰঃ 1

“য়াহু” বিচাৰ তালিকাত শীৰ্ষস্থান অভিনেতা সুশান্ত সিং ৰাজপুতৰঃ

২০২০ বৰ্ষটোত “য়াহু” ত অধিক বাৰ বিচাৰ কৰা নামটো হৈছে অভিনেতা সুশান্ত সিং ৰাজপুতৰ। সমান্তৰালকৈ তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ নাম আহিছে তিনি নম্বৰত; আনহাতে বলীউড তাৰকাৰ বিচাৰ তালিকাত বিগ বি অমিতাভ বচ্চন ৯ নম্বৰত আৰু অভিনেত্ৰী কংগনা ৰাণাওঁট আছে দশম স্থানত। চলিত বৰ্ষটোত “য়াহু” ৰ বিচাৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অভিনেতা সুশান্ত সিং ৰাজপুতে। তাৰকা অভিনেতা সুশান্ত আৰু বিগ বিৰ পিছত উক্ত তালিকাখনত ক্ৰমে অক্ষয় কুমাৰ, ছলমান খান, ইৰফান খান, ঋষি কাপুৰ, বালা সুব্ৰমনিয়াম, সনু সোদ আৰু অলু অৰ্জুনৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। এই আটাইকেইজন অভিনেতাৰ ভিতৰত ইৰফান খান, ঋষি কাপুৰ আৰু বালা সুব্ৰমনিয়ামৰ চলিত বৰ্ষতে দেহাৱসান ঘটে। আনহাতে, ক’ৰোণা কালত অভিনেতা সুন সোদৰ মহানুভৱতা আমি প্ৰত্যেকেই দেখিছো আৰু এই আটাইবোৰৰ ফলতেই হয়টো তেওঁৰ নামটো “য়াহু” বিচাৰ তালিকাত অধিক ক্ৰমত সাঙুৰ খোৱাই ৰখা হৈছে।

"য়াহু" বিচাৰ তালিকাত শীৰ্ষস্থান অভিনেতা সুশান্ত সিং ৰাজপুতৰঃ 2
"য়াহু" বিচাৰ তালিকাত শীৰ্ষস্থান অভিনেতা সুশান্ত সিং ৰাজপুতৰঃ 3


উল্লেখ্য যে, চলিত বৰ্ষৰ ১৪ জুন তাৰিখে সুশান্ত সিং ৰাজপুতৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছতেই বলীউডত এক সাংঘাতিক খেলি-মেলিৰ সৃষ্টি হয়। ড্ৰাগছৰ প্ৰসংগৰ লগতে নেপোটিজিমৰ দৰে কিছু গুৰুত্বপূৰ্ণ বিষয়ক লৈ চৰ্চা আৰম্ভ হ’বলৈ লৈছিল বলীউডত। সুশান্তৰ মৃত্যুৰ পিছত সমুখলৈ অহা ড্ৰাগছ প্ৰসংগই প্ৰায় কেইবাগৰাকীও তাৰকাক নিজ আগ্ৰাসনত লৈছিল। ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ সৰবৰাহ কেছৰ বাবে এমাহ পৰ্যন্ত ন্যায়িক জিম্মাত থাকে আৰু পিছলৈ তেওঁক বোম্বে হাইকোৰ্টে জামিন প্ৰদান কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.