Rupaliparda.com
ৰূপম ভূঞাৰ কন্ঠত "নিশা" ই বুটলিছে প্ৰশংসাঃ "আভাস" ৰ প্ৰথমটো গীতক সঁহাৰি শ্ৰোতাৰ- 1

ৰূপম ভূঞাৰ কন্ঠত “নিশা” ই বুটলিছে প্ৰশংসাঃ “আভাস” ৰ প্ৰথমটো গীতক সঁহাৰি শ্ৰোতাৰ-

জীৱন সংগিনীৰ পৰা আঁতৰি আহিবলগীয়া হোৱা কথাটো ভাবিলেই জীৱনলৈ বিষাদ নামে আৰু প্ৰকৃততে যিসকলে এই অনুভূতিটোক অনুভৱ কৰিছে তেওঁলোকৰ বাবে সমষ্ট জীৱন প্ৰিয়জনৰ অবিহনে জীয়াই থকাটো কিমান কষ্টকৰ হ’ব পাৰে সেয়া ভাষাৰে প্ৰকাশ নকৰিলেও হয়টো বুজিব পৰা যায়। প্ৰেমে জীৱনলৈ পূৰ্ণতা কঢ়িয়াই আনে কিন্তু এই পূৰ্ণতাত যেতিয়া বিৰাম লাগে তেতিয়া জীয়াই থকা সকলোবোৰ ইচ্ছাই শেষ উশাহ লোৱাত ব্যস্ত হৈ পৰে। এনে কিছু বিষয়বস্তুৰে শেহতীয়াকৈ “আভাস” এলবামটোৰ প্ৰথমটো গীত “নিশা” য়ে লাভ কৰে মুক্তি। সম্প্ৰতি সংগীত ক্ষেত্ৰখনত প্ৰতিদিনে কেইবাটাও গীতৰ ৰচনাৰ সমান্তৰালকৈ ইয়াক মু্কলি কৰি দিয়া হৈছে জনসাধাৰণৰ মাজত কিন্তু ইয়াৰ মাজতে এনেও কিছু গীত থাকে যিয়ে শ্ৰোতা-দৰ্শকৰ হৃদয়ত ইমানেই গাঢ়কৈ প্ৰভাৱ পেলাই যে ক্ষন্তেকতে ই চৰ্চিত হৈ পৰে। Mystic Production House ৰ বেনাৰত নিৰ্মিত “আভাস” আৰু তাৰেই প্ৰথমটো গীত “নিশা” ত কন্ঠদান কৰা ৰূপম ভূঞাৰ কন্ঠইও আকৌ এবাৰ তেওঁৰ অনুৰাগীক আপ্লুত কৰিছে। গীতটিৰ কোমলতা, কোনো কোনো ঠাইত ল’বলগা হোৱা স্থবিৰতাৰ ওপৰত ৰূপম ভূঞাৰ কন্ঠৰে অংকুৰিত মানদণ্ডই প্ৰায় প্ৰতিটো সময়ত গীতটিৰ দিশে টানিছে শ্ৰোতাক।


“নিশা” গীতটিত কথা ৰুমন প্ৰতীমৰ লগতে ইয়াত সংগীত দিছে পল্লৱ তালুকদাৰে। শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ; গীতটিৰ ভিডিঅ’ পৰিচালনা শৰৎ গগৈৰ আৰু ইয়াত অভিনয় কৰিছে অতনু মহন্ত লগতে কস্তুৰী হাজৰিকাই। দৃশ্যগ্ৰহণ কৰিছে ৰুহুল বৰভূঞাই। গীতটিৰ মুক্তিৰ পিছতেই ইউটিউবত ই ভালেখিনি লাইক বুটলিবলৈ সক্ষম হৈছে আৰু গীতটিক যথেষ্ট প্ৰশংসাৰে উপচাইছে জনসাধাৰণে। জীৱন নামৰ এই নাটকখনত আচলতে আমি প্ৰত্যেকেই একোটা চৰিত্ৰ ৰূপায়ন কৰি আগবাঢ়ি গৈ আছো; কোনোবাটো চৰিত্ৰৰ সোনকালে সমাপ্তি ঘটিছে আৰু আনহাতে কোনোবাটোৱে নিৰৱিচ্চিন্ন ভাৱে নিজ চৰিত্ৰ ৰূপায়ন কৰি গৈ আছে।

ৰূপম ভূঞাৰ কন্ঠত "নিশা" ই বুটলিছে প্ৰশংসাঃ "আভাস" ৰ প্ৰথমটো গীতক সঁহাৰি শ্ৰোতাৰ- 2


Mystic Production House ৰ বেনাৰত নিৰ্মিত “আভাস” শীৰ্ষক এই এলবামটোত সন্নিৱিষ্টি দুটিকৈ গীতত কন্ঠদান কৰিছে ৰূপম ভূঞাই লগতে এলবামটোৰ বাকী কেইটা গীতত কন্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে জয় বৰুৱা আৰু তৰালী শৰ্মাই। আগন্তুক সময়ত এলবামটোৰ বাকী থকা গীতকেইটিৰ সৈতেও ৰাইজৰ কাষ চাপিব উক্ত প্ৰডাকচন হাউচটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform