Rupaliparda.com
"পঢ়া শুনাৰ লগে লগে সংগীতকো সদায়ে নিজৰ লগত ৰাখিম"- প্ৰতীক্ষা গগৈ 1

“পঢ়া শুনাৰ লগে লগে সংগীতকো সদায়ে নিজৰ লগত ৰাখিম”- প্ৰতীক্ষা গগৈ

“The Blissed Intergration”; এই বেণ্ডটোৰ সৈতে জড়িত সদস্যসকল আপোনালোক সকলোৰে চিনাকী। নহয়নে? নহবওঁনো কিয়! এই বেণ্ডটোৰ সৈতে জড়িত প্ৰত্যেকগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাই কৰা প্ৰচেষ্টা, প্ৰয়াসে প্ৰত্যেকজন সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছিল অথবা সম্প্ৰতি সময়ছোৱাতো ই নিজ দিশত আগবাঢ়ি গৈ আছে। শেহতীয়াকৈ উক্ত বেণ্ডটোৰে এগৰাকী সদস্য কন্ঠশিল্পী প্ৰতীক্ষা গগৈৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ গীত “Zindagi”। গীতটি মুক্তি লাভ কৰা পিছতেই ই জনসাধাৰণৰ সমুখত বহুল সমাদৰ লাভ কৰাৰ সমান্তৰালকৈ সংগীত ক্ষেত্ৰখনক ই আৰু এঢাপ ওপৰলৈ লৈ যোৱাত সক্ষম হৈছে। হিন্দী ভাষাত মুক্তি লাভ কৰা এই গীতটিয়ে সকলোকে উৎসাহিত কৰি তুলিছে। প্ৰতীক্ষা গগৈৰ সৈতে ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক সাক্ষাৎকাৰ যোগে যেতিয়া প্ৰশ্ন কৰা হৈছিল যে তেওঁৰ মতে একোটা সংগীতৰ সফলতা অথবা বিফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? নৱপ্ৰজন্মৰ এই কন্ঠশিল্পী গৰাকীয়ে তাৰ উত্তৰত কয় যে, “একোটা সংগীতৰ ক্ষেত্ৰত সফলতা/বিফলতাৰ কথা সঠিক কৈ ক’বলৈ টান হয় যদিও মোৰ মতে, শ্ৰোতা সকলে আমাৰ সংগীতৰ লগত নিজকে যদি কেতিয়াবা বিচাৰি পায় অথবা নিজৰ জীৱনটো অনুভৱ কৰিব পাৰে, তাতেই অামি আমাৰ কষ্টখিনি সাৰ্থক হৈছে বুলি ধৰি ল’ব পাৰো।” সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “সৰুৰে পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলো যদিও বৰ্তমানৰ কটন ৰাজ্যিক বিশ্ববিদ্যালয়লৈ অহাৰ পিছতহে বেছিকৈ এই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিলো। কটনলৈ আহোতে সংগীতৰ লগত জড়িত মাথো এটাই সপোন লৈ আহিছিলো যে তাত গৈ ‘The Blissed Integration’ নামৰ এটা ছোৱালীৰ বেণ্ড ফৰ্ম কৰিম। কিন্তু কটনলৈ আহি, ‘The Blissed Integration’ ৰ সপোন পূৰ হোৱা লগতে আৰু বহুত বেছি অভিজ্ঞতা হ’ল; তাৰে এটা হৈছে ‘Zindagi’। ৪ ডিচেম্বৰ, ২০২০ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ কফি হাউচত গীতটিয়ে মুক্তিলাভ কৰে।”

"পঢ়া শুনাৰ লগে লগে সংগীতকো সদায়ে নিজৰ লগত ৰাখিম"- প্ৰতীক্ষা গগৈ 2


তেওঁ আগলৈ কয় যে, “আচলতে, ২০১৮ চনৰ শেষৰ ফালে মৃন্ময় কলিতা দাৰ লগত গীতটিৰ পৰিকল্পনা কৰিছিলো । গীতটিৰ লগত জড়িত গোটেই টিমটোকে ৰূপালীপৰ্দাৰ জৰিয়তে বহুত ধন্যবাদ জনাইছো; সুদৰ্শন দা, ৰাকেশ দা, দৰথি বা, অবিনাশ দা অাৰু আন সকলোকে ইমান ধুনীয়াকৈ সহায় কৰাৰ বাবে। দৰ্শকে যে গীতটি ভাল পাইছে সেইখিনিতে আমি যথেষ্ট সুখী। নিজৰ জীৱনৰ লগত মানুহে গীতটি যে সংযোগ কৰিব পাৰিছে সেইখিনি কথাই আমাৰ মনত সাহসৰ যোগান ধৰিছে; হিন্দী গীত এটি যে ভালকৈ দৰ্শকৰ আগলৈ উলিয়াই দিব পাৰিলো তাৰ বাবে আমি বহুত আনন্দিত।” প্ৰতীক্ষাৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পঢ়া শুনাৰ লগে লগে সংগীতকো সদায়ে নিজৰ লগত ৰাখিম । শিকিবলৈ এতিয়াও বহু বাকি আছে, গতিকে নিজকে আৰু অলপ পৰিপক্ব কৰি লোৱাৰ আশা আছে।

"পঢ়া শুনাৰ লগে লগে সংগীতকো সদায়ে নিজৰ লগত ৰাখিম"- প্ৰতীক্ষা গগৈ 3


আৰু দুটিমান গীত অাগন্তুক দিনত দৰ্শক সকলে ভালকৈ শুনিবলৈ পাব বুলি কামনা কৰিছো; নিজৰ এটি এলবাম কৰাৰো সপোন পুহি ৰাখিছো। আশা কৰো যাতে কামবোৰ ভালকৈ হৈ উঠে। আপোনালোকে “জিন্দেগী” গীতটিক দিয়াৰ দৰেই সঁহাৰি যাতে মোৰ আহিবলগীয়া প্ৰকল্প সমূহকো দিয়ে তাৰেই কামনা কৰিছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform