Rupaliparda.com
কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত "মুন মুন"- 1

কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত “মুন মুন”-

কন্ঠশিল্পী ভৃগু কাশ্যপৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন গীত “মুন মুন”। লিৰিকেল ভিডিঅ’ৰে গীতটি মুক্তি লাভ কৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ মাজত। ভৃগু কাশ্যপৰ একোটা গীতে মুক্তি লাভ কৰা ক্ষন্তেক পিছতেই যেনেদৰে ই জনসাধাৰণৰ পৰা বহুল সংখ্যাত সঁহাৰি লাভ কৰাত সক্ষম হয়; ঠিক তেনেদৰে এইবাৰো ই ব্যতিক্ৰম নহয়। শেহতীয়াকৈ মুক্তি লাভ কৰা গীতটিয়েও মুক্তিৰ পিছতেই লাভ কৰে জনপ্ৰিয়তা। গীতটিৰ কথা আৰু সুৰৰ দায়িত্বত আছে ৰিতু ৰাজ কোঁচ লগতে ইয়াত সংগীত দিছে পলাশ গগৈয়ে। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু “মুন মুন” ক বাণীবদ্ধ কৰিছে পিংকল প্ৰত্যুষে। জনপ্ৰিয়তাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হৈ পৰে ভৃগু কাশ্যপ। শেহতীয়াকৈ নিজ চুলিৰ ষ্টাইলৰ বাবেও সমালোচনাৰ সন্মুখীন হৈছিল কন্ঠশিল্পী গৰাকী।

কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত "মুন মুন"- 2


কিছুদিন পূৰ্বে, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। কিছুদিন পূৰ্বে মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.