Rupaliparda.com
সৰ্বত্ৰে চলিছে নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলনঃ কৃষকৰ হকে মাত মাতিছে প্ৰিয়ংকা চোপ্ৰা, সুন সোদেও 1

সৰ্বত্ৰে চলিছে নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলনঃ কৃষকৰ হকে মাত মাতিছে প্ৰিয়ংকা চোপ্ৰা, সুন সোদেও

সৰ্বত্ৰে চলিছে নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন। এই আন্দোলনত কৃষি সকলৰ সৈতে লগ দিছে বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় তাৰকা। দিলজিৎ ডসাঞ্জকে আৰম্ভ কৰি শেহতীয়াকৈ এই আন্দোলনৰ বিৰোধিতা কৰি কৃষক সকলৰ হকে মাত মাতিছে প্ৰিয়ংকা চোপ্ৰা তথা পৰিণীতি চোপ্ৰা আৰু এগৰাকী অভিনেতাৰ সমান্তৰালকৈ সমাজ সেৱক ৰূপে পৰিগণিত সুন সোদেও মাত মাতিছে এই বিষয়ত। পঞ্জাৱত জনপ্ৰিয় অভিনেতা তথা গায়ক দিলজিতে কৃষক আন্দোলনলৈ এক কোটি টকাৰ বৰঙনি আগবঢ়ায়। আনহাতে, টুইট যোগে প্ৰিয়ংকা চোপ্ৰাইও কয় যে, “আমাৰ দেশৰ একোজন কৃষক খাদ্য যোগানৰধাৰী সৈনিক। তেওঁলোকৰ ভয়বোৰ নিকা কৰাটো অত্যন্ত জৰুৰী। তেওঁলোকৰ সপোন আৰু আশাবোৰক লৈ কথা পতাটোও দৰকাৰী। আমি এই সংকটটোক সোনকালে শেষ কৰি দিব লাগে।” আনহাতে এই বিষয়টোক লৈ নিজ মতামত দাঙি ধৰে অভিনেত্ৰী পৰিণীতি চোপ্ৰাইও। তেওঁ কয় যে, “আজি ৰাতিৰ আহাৰ আপুনি গ্ৰহণ কৰিলেনে? যদি কৰিলে তেতিয়াহ’লে ধন্যবাদ জ্ঞাপন কৰক কৃষক সকলক।”

https://twitter.com/ParineetiChopra/status/1335288238244708353?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1335288238244708353%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-farmers-protest-priyanka-chopra-sonu-sood-other-celebrities-support-farmers-bjp-mp-actor-sunny-deol-issues-clarification-21142186.html


আনহাতে, অভিনেতা সনু সোদেও এই বিষয়ত সক্ৰিয় ভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা যায়। তেওঁ কয় যে, “কৃষক থাকিলেহে আমি থাকিম, সমাজ থাকিব।” লগতে আন এক টুইট যোগে তেওঁ কয় যে, “কৃষকৰ স্থান পিতৃ-মাতৃতকৈ কম নহয়।” উল্লেখ্য যে, প্ৰতিবাদী কৃষকৰ বাবে আজি অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে “ভাৰত বন্ধ” ৰ ঘোষণা কৰে কৃষক নেতা সকলে;য’ত কেইবাটাও বিৰোধী দলে সমৰ্থনো জনায়।

Add comment

Leave a Reply