Rupaliparda.com
"Childish" আৰু আমি; নৱপ্ৰজন্মৰ প্ৰয়াসেৰে নিৰ্মাণ আন এখন চুটি ছবিঃ 1

“Childish” আৰু আমি; নৱপ্ৰজন্মৰ প্ৰয়াসেৰে নিৰ্মাণ আন এখন চুটি ছবিঃ

আমাৰ প্ৰত্যেকৰে জীৱনলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে আমাক কিবা নহয় কিবা এটা শিকাই যায়। এই নানান জন ব্যক্তিৰ সৈতে হোৱা আমাৰ চিনাকীবোৰে অভিজ্ঞতা প্ৰদান কৰি আগবঢ়াই লৈ যোৱাত সক্ষম হয়। “বন্ধু”; জীৱনৰ সফল অথবা সফলতা, দুখ অথবা বিষাদ, হাঁহি অথবা কান্দোন এই আটাইবোৰতেই লগ দিয়া ব্যক্তিগৰাকীয়ে হৈছে “বন্ধু”। বহু দিনৰ বিৰতিৰ পিছত লগ পালেও এই “বন্ধু” ৰ সৈতে সম্পৰ্কৰ কোনোদিন সাল-সলনি নঘটে; অনৰ্গল এগালকৈ কথা ক’লেও, অকাৰণবশতঃ কোনো কাম কৰিলেও আমনি নালাগে এওঁলোকৰ সৈতে। এষাৰ কথা আছে যে, পৃথিৱীৰ সকলো সম্পৰ্কতকৈ “প্ৰেম” সুন্দৰ হ’লেও “বন্ধু” অথবা “বন্ধুত্ব” ত হেনো স্বাৰ্থ নাথাকে। সেইবাবেই হয়টো ভুল শুদ্ধৰ বাচ-বিচাৰ নকৰাকৈ ইটোৱে সিটোক কয় দিয়া হয় যিকোনো কথা। আৰু, কেতিয়াবা এই বাচ-বিচাৰ নোহোৱাৰ ফলতেই আৰম্ভ হয় কাজিয়া অথবা ভুল বুজা বুজিৰ। শেহতীয়াকৈ এনে এক কাহিনীক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি “Childish”; নিচেই এটি সৰু বিষয়ক লৈ সুন্দৰ উপস্থাপন কৰা হৈছে চুটি ছবিখনত। কিছুমান সাধাৰণ কথাৰ বাবে যেতিয়া প্ৰিয়জনৰ পৰা আঁতৰি যোৱা হয় তেতিয়া আচলতে দুয়ো পক্ষৰ ব্যক্তিৰ হৃদয়েই অশান্তি পায়।


কৌশিক ৰাজখোৱাৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনৰ কাহিনী, চিত্ৰনাট্য তথা সংলাপ হৈছে কিশোৰ ভৰদ্ধাজৰ। “Childish” ৰ চিত্ৰগ্ৰহণ কৰিছে পূৰ্বজ্যোতি বৰাই আৰু সম্পাদনা কৰিছে মৃণাল শইকীয়াই। চুটি ছবিখনক নিজ অভিনয়েৰে আৰু অধিক সুন্দৰ কৰি তুলিছে স্বাগতা ভৰালীৰ লগতে কিশোৰ ভৰদ্বাজ আৰু চুমি ভৰালীয়ে। সংগীত আৰু শব্দৰ দায়িত্বত আছে সমীক বৰুৱা। ইয়াৰ সামগ্ৰিক পৰিকল্পনা কৌশিক ৰাজখোৱাৰ। ১০ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ বিষয়বস্তু আচলতে তেনেই সাধাৰণ যদিও দৰ্শকে ইয়াৰ সৈতে সংযোগ স্থাপন কৰিবলৈ যে সক্ষম হ’ব সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। বিগত এদিন পূৰ্বে মুক্তি লাভ কৰা “Childish” ত পুনৰ বাৰ স্বাগতা ভৰালীৰ অভিনয় চাবলৈও উৎসাহিত হৈ আছিল জনসাধাৰণ।

"Childish" আৰু আমি; নৱপ্ৰজন্মৰ প্ৰয়াসেৰে নিৰ্মাণ আন এখন চুটি ছবিঃ 2


চুটি ছবিসমূহৰ পয়োভৰৰ মাজত এইখন চুটি ছবিয়ো শেহতীয়াকৈ লাভ কৰিছে জনপ্ৰিয়তা। Dhwani Music ত মুক্তি লাভ কৰা এই চুটি ছবিখনত ভিউৱাৰচৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.