Rupaliparda.com
"আধৰুৱা সপোন" শীৰ্ষক আন এক ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ 1

“আধৰুৱা সপোন” শীৰ্ষক আন এক ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ

আন এক নতুন ৰোমান্টিক গীতৰ প্ৰস্তুতিত ব্যস্ত কন্ঠশিল্পী ৰাকেশ ৰিয়ান। চলিত বৰ্ষটোতে তেওঁ এনে বহুকেইটা গীতৰ মুক্তি দিছে যিকেইটা হয়টো প্ৰতিজন অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ হিট প্লে-লিষ্টত আছে। আপোনালোকক আগতেই হয়টো কেইবাবাৰো কৈছো যে ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু শেহতীয়াকৈ মুক্তিৰ বাবে সাজু হোৱা “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। গীতটিৰ মুক্তিৰ তাৰিখ বৰ্তমানেও জনোৱা হোৱা নাই যদিও গীতটিৰ বিষয়ে বিভিন্ন খবৰ চচিয়েল মিডিয়াত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে কন্ঠশিল্পী গৰাকীক। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে চলিত বৰ্ষতে বিবাহ পাশত আৱদ্ধ হৈছিল।

"আধৰুৱা সপোন" শীৰ্ষক আন এক ৰোমান্টিক গীতেৰে ৰাকেশ ৰিয়ানঃ 2


কিছুদিন পূৰ্বে কন্ঠশিল্পী গৰাকী “অ মোৰে জান” শীৰ্ষক গীতটিয়ে অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হৈছিল জনপ্ৰিয়তা। গীতটিয়ে সহজতে ভিউৱাৰচৰ মিলিয়নৰ অংক অতিক্ৰম কৰাত উৎসাহীত হৈ চচিয়েল মিডিয়াত পোষ্টো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে। তেওঁৰ গীতটিৰ আন একো তথ্য বৰ্তমানেও দিয়া হোৱা নাই যদিও তেওঁৰ এই আহিবলগীয়া গীতটিক লৈ অপেক্ষাৰত ৰাকেশ ৰিয়ানৰ অনুৰাগী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.