Rupaliparda.com
সুশান্ত সিং ৰাজপুতলৈ আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি অংকিতাৰঃ 1

সুশান্ত সিং ৰাজপুতলৈ আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি অংকিতাৰঃ

অংকিতা লোখণ্ডেক প্ৰায় চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত অভিনেত্ৰী গৰাকীক আচলতে অধিক সক্ৰিয় হৈ থকা দেখা যায়। শেহতীয়াকৈ, পুনৰ এবাৰ অংকিতা লোখণ্ডে বাতৰিৰ শিৰোনাম দখল কৰিছে; “জী ৰিষ্টে এৱাৰ্ডছ” ত অভিনেত্ৰী গৰাকীয়ে সুশান্ত সিং ৰাজপুতক তেওঁৰেই এটি নৃত্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নৃত্যৰ সেই ভিডিঅ’টো চচিয়েল মিডিয়াত বহুল ৰূপত চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ ভাইৰেল হৈ পৰিছে। সুশান্ত সিং অভিনীত “এম এছ ধোনী” নামে ছবিখনৰ এটি গীত “কৌন তুঝে ইউ প্যাৰ কৰেগা” ত নৃত্য কৰি অভিনেতা গৰাকীলৈ তেওঁৰ পূৰ্ব প্ৰেয়সী অংকিতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অংকিতাৰ এই ভিডিঅ’টোত বৰ্তমান প্ৰত্যেকজন অনুৰাগী অথবা জনসাধাৰণে কমেন্টত যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা যায়।


উল্লেখ্য যে, ৬ বছৰ ধৰি সুশান্ত আৰু অংকিতা সম্বন্ধত আছিল কিন্তু পিছলৈ তেওঁলোকৰ মাজত ব্ৰেকআপ হোৱাত বিকি জৈনৰ সৈতে অংকিতাৰ সম্পৰ্কৰ খবৰ আহিছিল যদিও এই সম্পৰ্কক কোনোদিনেই ৰাজহুৱা কৰা নাছিল অভিনেত্ৰী গৰাকীয়ে। সুশান্তৰ মৃত্যুৰ পিছত তেওঁক ন্যায় দিয়াৰ স্বাৰ্থত প্ৰায়ে অভিনেত্ৰী গৰাকী উঠি-পৰি ওলাই অহা দেখিবলৈ পোৱা গৈছিল। অংকিতাৰ অনুৰাগীয়েও তেওঁক এই বিষয়ত চাপোৰ্ট কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.