Rupaliparda.com
সমীৰণ মলয়ৰ নতুন প্ৰকল্প; নিজ প্ৰডাকচনত নিৰ্মাণ "তুমি অহাৰ বাটে"- 1

সমীৰণ মলয়ৰ নতুন প্ৰকল্প; নিজ প্ৰডাকচনত নিৰ্মাণ “তুমি অহাৰ বাটে”-

সমীৰণ মলয়ৰ নতুন প্ৰকল্প; “তুমি অহাৰ বাটে” শীৰ্ষক এটি ন-গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আহিছে সংগীতশিল্পী সমীৰণ মলয়। পোন প্ৰথমবাৰৰ বাবে নিজ প্ৰডাকচনত সংগীত শিল্পী গৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই ন-গীতটি। আপোনালোকে প্ৰায়ে সমীৰণ মলয়ক অইন কোনো সংগীতশিল্পী অথবা কন্ঠশিল্পীৰ সৈতে যুঁটীয়া প্ৰচেষ্টাৰে আগবঢ়া দেখিবলৈ পাইছে কিন্তু সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিৰ ক্ষেত্ৰত সংগীত শিল্পী গৰাকীৰ আন কেইবাটাও নতুন দিশৰ সোঁৱাদ লাভ কৰিব অনুৰাগীয়ে। উক্ত গীতটিৰ প্ৰযোজনা তথা পৰিকল্পনা লগতে গীতটিৰ কথা আৰু সুৰ হৈছে সমীৰণ মলয়ৰ নিজৰেই। গীতটিত কন্ঠদান কৰিছে হৰাদ্ৰি দীপাই; সংগীত ব্যৱস্থাপনাৰ দায়িত্বত আছে ইউফনিক্স অডিঅ’ ৱৰ্কষ্টেচনৰ শ্যামল ভূঞা। আনহাতে, ৰিডম প্ৰগ্ৰেমিং আৰু শব্দ সংমিশ্ৰণ কৰিছে গ্ৰীণ ভাইবজ ষ্টুডিঅ’ৰ জাগৰণ শইকীয়াই। গীতটিত বাদ্যযন্ত্ৰ বজাইছে ক্ৰমে শ্যামল ভূঞা, ভাস্কৰ জ্যোতি কলিতা, হোমেন বৰা, পাপু বৰুৱা, সমীৰণ মলয় আৰু জাগৰণ শইকীয়াই। ইয়াৰ উপৰিও, গীতটি বাণীবন্ধন কৰিছে শ্যামল ভূঞা (ইউফনিক্স অডিঅ’ ৱৰ্কষ্টেচন), শঙ্কৰ জ্যোতি বৰুৱা (ষ্টুডিঅ’ হাৰ্মনিক্স), জাগৰণ শইকীয়া (গ্ৰীণ ভাইবছ ষ্টুডিঅ’জ) আৰু নয়ন আঞ্জাৰাম বৰাই (ষ্টুডিঅ’ ব্ৰীজ)।প্ৰচ্ছদ অলংকৰণ জোনাক যুগান্তৰ বৰাৰ ।


দুৰ্লভ শংকৰ বৰদলৈৰ ভিডিঅ’ সম্পাদনাৰে নিৰ্মিত এই গীতটিয়ে মুক্তিৰ পিছতেই জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হয়। কিছুদিন পূৰ্বে সমীৰণ মলয়ৰ সৈতে আন কেইবাগৰাকীও অসমীয়া সংগীতশিল্পীৰ প্ৰচেষ্টাত মুক্তি লাভ কৰিছিল “অভিমান্যু” এলবামটোৰ দ্বিতীয়টো সংস্কৰণ। উক্ত এলবামটোৰ প্ৰথমটো সংস্কৰণে যেনেদৰে বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ঠিক তেনেদৰে শেহতীয়া সংস্কৰণটোৱেও শ্ৰোতা-দৰ্শকক নিজৰ পিনে টানিবলৈ সক্ষম হৈছিল। সুদক্ষ একোগৰাকী অসমীয়া কন্ঠশিল্পীৰ সমান্তৰালকৈ নৱপ্ৰজন্মৰ প্ৰতিভাসমূহৰ প্ৰতিও বিশ্বাস প্ৰদৰ্শন কৰা সমীৰণ মলয়ৰ ৰচনাৰে নিৰ্মিত একোটা গীতত জুবিন গাৰ্গকে আৰম্ভ কৰি কন্ঠদান কৰিছে তৰালী শৰ্মা, জয় বৰুৱা, অংগৰাগ পাপন মহন্ত, বৰ্ণালী কলিতা, নীল আকাশকে ধৰি সংগীত ক্ষেত্ৰ ভিন্ন জন কন্ঠশিল্পীয়ে।

সমীৰণ মলয়ৰ নতুন প্ৰকল্প; নিজ প্ৰডাকচনত নিৰ্মাণ "তুমি অহাৰ বাটে"- 2


এই প্ৰকল্পটোক লৈ উৎসাহী সমীৰণ মলয় নিজেও। আহিবলগীয়া সময়ত আৰু অধিক গ্ৰহণযোগ্য কামৰ আশা কৰিছে তেওঁৰ অনুৰাগীয়েও। তেওঁৰ এই প্ৰকল্পসমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform