তন্ময় সেনাপতি ওৰফে তন্ময় কৃপটন; নামটোত যেনেদৰে এক উৎস্যুকতা সোমাই আছে ঠিক তেনেদৰে এই নৱপ্ৰজন্মৰ গীতসমূহেও সম্প্ৰতি সৃষ্টি কৰিছে উৎকন্ঠাৰ, উৎসাহৰ। নৱপ্ৰজন্মৰ মাজত চিনাকী অথবা বৰ্তমান সময়ছোৱাত সংগীত ক্ষেত্ৰখনত এক সুন্দৰ বৈশিষ্ট্যৰে ওলাই অহা এইগৰাকী সংগীত শিল্পী হৈ পৰিছে সকলোৰে প্ৰিয়। “সংগীত শিল্পী” বুলি একাষাৰে এইবাবেই কৈ দিয়া হৈছে কিয়নো তেওঁৰ সংগীতেৰেই জীপাল হৈছে কেইবাটাও গীত ক্ৰমে “অলকানন্দা”, “সুৰঞ্জনা”, “জীপাল ২.০” লগতে আন বহুতো গীত। অসমীয়া সংগীত ক্ষেত্ৰখনত নতুনৰ সঞ্চাৰ বোঁৱাই দিয়া তন্ময় কৃপটনৰ সৈতে আজি ৰূপালীপৰ্দাই পাতিব কিছু কথা। নিচেই কম বয়সতে জনসাধাৰণৰ মাজত জনপ্ৰিয় হোৱাৰ সমান্তৰালকৈ এক সুকীয়া চিনাকী পাবলৈ সক্ষম হোৱা এই গৰাকী সংগীত শিল্পীৰ আহিবলগীয়া গীত সমূহক লৈ অপেক্ষাৰতও হৈ থাকে জনসাধাৰণ। কম বয়সতে জনপ্ৰিয়তা লাভ কৰাত কেনে অনুভৱ হয় বুলি তেওঁক প্ৰশ্ন কৰাত তন্ময়ে কয় যে, “অন্তৰৰ পৰা ভাল লাগে যেতিয়া মোৰ নামটো জড়িত হৈ থকা গীতবোৰ শ্ৰোতা-দৰ্শকে শুনি ভাল পায়; আনন্দ লাভ কৰে। মানুহে মোৰ সংগীত বোৰ শুনাৰ পিছত মোক যিদৰে মৰম দিয়ে সেয়া বৰ ভাল লাগে; মই আৰু ভাল কিছুমান কৰি যাবলৈ প্ৰেৰণা পাওঁ। আনন্দ অনুভৱ কৰো।”

এটা গীতৰ সফলতা/বিফলতা কি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “সঁচা কথা ক’বলৈ গ’লে এটা সংগীত সম্পূৰ্ণ সফল হ’বলৈ হ’লে তাত মাত্ৰ এটাই উপাদান নাথাকে। কিন্তু প্ৰথমতে, নিজ ওপৰত বিশ্বাস ৰখাটো খুব প্ৰয়োজন। যদি নিজৰ ওপৰত বিশ্বাস ৰাখি সংগীতৰ কামবোৰ সম্পূৰ্ণ কৰি যোৱা হয় তেতিয়াহ’লে জীৱনৰ কোনটো সময়ত সফলতাই আহি চুমুক দিব সেয়া ক’ব পৰা নাযায়। গতিকে, বিশ্বাসটো খুবেই দৰকাৰী। দ্বিতীয়তে, এটা গীত নিৰ্মাণৰ ক্ষেত্ৰত গীতটিৰ বিষয়বস্তু যদি ভাল হয় অথবা ই যদি জনসাধাৰণক সংযোগ কৰিব পাৰিছে লগতে হৃদয়স্পৰ্শী হয় তেতিয়াহ’লে কোনো এটা গীতে সফলতা লাভ কৰাটো নিশ্চিত। আৰু তৃতীয়তে, কোনো এটা বস্তু সৃষ্টি কৰিবলৈ সেই বস্তুটোৰ প্ৰতি তথা জনসাধাৰণৰ প্ৰতি নিষ্ঠাবান হ’ব লাগিব; সৎ প্ৰকৃতিৰ হ’ব লাগিব।

তন্ময় কৃপটনৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “অসমীয়া গীত সমূহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰোৱাৰ ইচ্ছা আছে; এয়া মোৰ সপোন। মই মাত্ৰ চেষ্টাহে কৰিব পাৰো; কিন্তু ভৱিষ্যতে অসমীয়া ৰাইজৰ বাবে সদায় একোটাকৈ ভাল গান দি থকাৰ সদায় যে প্ৰয়াস কৰিম সেয়া আপোনালোকক বিশ্বাস দিছো।
Add comment