Rupaliparda.com
অসমীয়া নৱপ্ৰজন্মৰ প্ৰতিভাৰ এক দীৰ্ঘদিনীয়া প্ৰয়াস "Zindagi"- 1

অসমীয়া নৱপ্ৰজন্মৰ প্ৰতিভাৰ এক দীৰ্ঘদিনীয়া প্ৰয়াস “Zindagi”-

অসমীয়া নৱপ্ৰজন্মৰ কেইগৰাকীমান প্ৰতিভাৰ এক দীৰ্ঘদিনীয়া প্ৰয়াস “Zindagi”। আপোনালোকে যদি এতিয়ালৈ গীতটি উপভোগ কৰা নাই তেতিয়াহ’লে অতি সোনকালে গীতটি উপভোগ কৰক। অসমত থাকিয়েই বলীউডৰ হিন্দী গীতৰ দৰেই সোঁৱাদ পাবলৈ সক্ষম হ’ব আপুনি এই গীতটিৰ জৰিয়তে; অসমৰ প্ৰতিভা সমূহে প্ৰত্যেকজন অসমীয়া জনসাধাৰণক কেনেকৈ কোনটো মূহুূৰ্তত গৌৰন্বম্বিত কৰি তুলিব পাৰে সেয়া আচলতে ভাবিবই পৰা নাযায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই গীতটিয়ে সাধাৰণ শ্ৰোতা-দৰ্শককে নহয়; সুদক্ষ তথা প্ৰতিষ্ঠিত একোগৰাকী সংগীতশিল্পীকো যথেষ্ট হাৰত আকৰ্ষিত কৰি ৰাখিছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ সৃষ্টি সমূহক দাঙি ধৰাৰ মানসেৰে আগবঢ়া এনে একোগৰাকী উদ্যোগিক অসমীয়াৰ প্ৰতিভা দেখি এতিয়া উৎসাহিত প্ৰতিজন অসমীয়া সাধাৰণজন। প্ৰায় ২০১৮ চনৰ পৰাই উক্ত গীতটিক লৈ প্ৰচেষ্টা চলাই থকা কথা ইতিমধ্যে নিজ নিজ সাক্ষাৎকাৰ যোগে ব্যক্ত কৰিছে কন্ঠশিল্পী প্ৰতীক্ষা গগৈৰ লগতে মৃন্ময় কলিতাই। কিবা এটা ব্যতিক্ৰম আৰু অইনতকৈ কিছু নতুন কৰি উলিওৱাৰ অপাৰ ইচ্ছাৰ বশৱৰ্তী হৈয়ে “Zindagi” ৰ নিৰ্মাণ কৰি উলিওৱা হৈছে।


উক্ত গীতটিত কন্ঠদান কৰিছে প্ৰতীক্ষা গগৈয়ে লগতে গীতটিত কথা হৈছে ৰাকেশ ৰোশনৰ। মৃন্ময় কলিতাৰ সংগীতেৰে “Zindagi” ৰ সংগীত ব্যৱস্থাপনা আৰু প্ৰযোজনা সূদৰ্শন বৰকটকীৰ। আনহাতে, গীতটিত শব্দ সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু আৰু পৰিচালনা অবিনাশ ভূঞাৰ আৰু গীতটিৰ ভিডিঅ’টো নিজ সুন্দৰ অভিনয়েৰে সজাইছে অভিনেত্ৰী দৰথী ভৰদ্বাজে। দৃশ্যগ্ৰহণ কৰিছে অৰ্ণৱ দত্ত আৰু ৰক্তিম দুৱৰাই। “জীৱন” বুলি ক’লেই আমাৰ প্ৰত্যেকৰে হৃদয়ক বহু ভিন্ন কিছু অনুভৱ-অনুভূতিয়ে জোঁকাৰি যায়; নহয়নে? কিন্তু এই গীতটিত আছে ধনাত্মক ভাব, হাঁহি আৰু আনন্দ। সৰু সৰু কথাতেই জীৱনটোত লাভ কৰিব পৰা সুখানুভূতিক লৈয়ে নৱপ্ৰজন্মৰ সৃষ্টি “Zindagi”।

অসমীয়া নৱপ্ৰজন্মৰ প্ৰতিভাৰ এক দীৰ্ঘদিনীয়া প্ৰয়াস "Zindagi"- 2


গীতটিক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত অসম সন্তান জয় বৰুৱাইও নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এক ভিডিঅ’ যোগে কন্ঠশিল্পী গৰাকীয়ে এই গীতটিৰ সৈতে জড়িত প্ৰত্যেককে প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform