Rupaliparda.com
এটি বিহু গীতত আকৌ এবাৰ বৰষা ৰাণী বিষয়া আৰু কিশোৰ দাসৰ যুঁটিঃ 1

এটি বিহু গীতত আকৌ এবাৰ বৰষা ৰাণী বিষয়া আৰু কিশোৰ দাসৰ যুঁটিঃ

আকৌ এবাৰ বৰষা ৰাণী বিষয়াৰ সৈতে এটি বিহু গীতত দেখিবলৈ পোৱা যাব অভিনেতা কিশোৰ দাসক। গীতটিৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে শ্বুটিং। এক চচিয়েল মিডিয়া পোষ্ট যোগে অভিনেতা কিশোৰ দাসে বৰষা ৰাণীৰ সৈতে এটা নতুন প্ৰকল্পত জড়িত হোৱাৰ সুবিধা লাভ কৰি সুখী হৈ পৰিছে বুলিও ব্যক্ত কৰে। ইয়াৰ পূৰ্বেও “মাইহাং” শীৰ্ষক এটি গীতত দুইগৰাকীৰ যুঁটিক দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও, চচিয়েল মিডিয়াত সক্ৰিয় বৰষা ৰাণী বিষয়া লগতে কিশোৰ দাসে প্ৰায়ে বিভিন্ন কথাত ইজনে আনজনক প্ৰশংসা কৰাৰ লগতে যিকোনো কথাত প্ৰতিক্ৰিয়া দিয়া দেখা পোৱা যায়। কিশোৰ দাসে প্ৰায়ে তেওঁৰ চচিয়েল মিডিয়া একাউন্টত নৃত্য ভিডিঅ’ পোষ্ট কৰি দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। “লক-ডাউন” ৰ প্ৰথমভাগত অভিনেতা গৰাকীয়ে ভিন্ন জন অৰ্থনৈতিক ভাৱে পিছপৰা পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছিল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰি সাধাৰণজনৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

https://www.instagram.com/p/CIj7aq8jG-H/?utm_source=ig_web_copy_link


ৰং চেনেলত প্ৰচাৰিত “বিধাতা” ধাৰাবাহিকখনৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে দৰ্শকে উপভোগ কৰিবলৈ পাইছিল এই গৰাকী অভিনেতাৰ অভিনয়। অভিনেত্ৰী বৰষা ৰাণী বিয়ষাৰ শেহতীয়াকৈ হোৱা ন-ন ফটোশ্বুটে তেওঁৰ অনুৰাগীক আৰু অধিক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি তোলাত সক্ষম হৈছে। জীৱনক উদ্দেশ্যি ভিন্ন কথাৰে জনসাধাৰণক বুজাবলৈ চেষ্টা কৰা এই গৰাকী অভিনেত্ৰীৰ অভিনয়ৰ চৰ্চা বৰ্তমানেও সকলোৱে কৰে। কেতিয়াবা অকণো প্ৰসাধন ব্যৱহাৰ নকৰাকৈ প্ৰকৃত বৰষা গৰাকীক অনুৰাগীৰ মাজলৈ উলিয়াই আনি পোষ্ট কৰাও দেখা যায় অভিনেত্ৰী গৰাকীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform