Rupaliparda.com
"লক-ডাউন" ৰ অন্যতম প্ৰচেষ্টা "বিহান"; ব্যংগৰে আমোদ প্ৰদান জনসাধাৰণকঃ 1

“লক-ডাউন” ৰ অন্যতম প্ৰচেষ্টা “বিহান”; ব্যংগৰে আমোদ প্ৰদান জনসাধাৰণকঃ

“লক-ডাউন” ৰ সময়ছোৱাত ভিন্ন ন-প্ৰকল্পই মুক্তি লাভ কৰিছিল। তাৰ ভিতৰত এনেও কিছু প্ৰকল্প আছে যাৰ যাত্ৰা বৰ্তমানেও অব্যাহত আছে; সেই সময়ছোৱাত মুক্তি লাভ কৰা গীত, চুটি ছবি আদিৰ সমান্তৰালকৈ দৰ্শকক আমোদ প্ৰদানৰ স্বাৰ্থত নৱপ্ৰজন্মৰ একাংশ প্ৰতিভাই নিৰ্মাণ কৰি উলিয়াইছে কিছুমান ব্যংগাত্মক প্ৰকল্পৰ। ব্যংগ অথবা হাস্যৰস; এই দুটা বস্তু অইনতকৈ অকণমান বেছি কষ্টৰ প্ৰয়োজন হয় কিয়নো কোনো এটা কথাৰ উপস্থাপনৰে জনসাধাৰণক হহুঁৱাই দিয়াটো সহজ নহয়। কিন্তু এনেক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মৰ চেষ্টাও আচলতে লেখত ল’বলগীয়া। কাৰিকৰী দিশটোৰ ফালৰ পৰা আৰম্ভ কৰি বৰ্তমান পৰিপ্ৰেক্ষিতত সমাজত ঘটি থকা কিছু নঘটিবলগীয়া অথবা অমংগলীয়া কথা সমূহক জনসাধাৰণৰ মাজত উলিয়াই আনি প্ৰশংসা বুটিবলৈ সক্ষম হোৱা নৱপ্ৰজন্ম কোনটো দিশতনো আগবাঢ়ি থকা নাই সেয়া আচলতে সম্প্ৰতি সময়ছোৱাত একাষাৰে কৈ দিয়াটো টান হ’ব। “লক-ডাউন” ৰ এই সময়খিনিতে চচিয়েল মিডিয়াত এটা গ্ৰুপৰ আৰম্ভণি হৈছিল; ইয়াৰ নাম হৈছে “বিহান”। গ্ৰুপটোৰ সৈতে জড়িত প্ৰত্যেকজন কলা-কুশলীৰ এটাই মাত্ৰ লক্ষ্য আছিল যে ব্যংগ আৰু ইয়াৰ মাজেৰে দৰ্শকৰ মাজত বৰ্তমান যুগত ঘটি থকা কিছুমান সঁচা দিশ দাঙি ধৰা।

"লক-ডাউন" ৰ অন্যতম প্ৰচেষ্টা "বিহান"; ব্যংগৰে আমোদ প্ৰদান জনসাধাৰণকঃ 2
"লক-ডাউন" ৰ অন্যতম প্ৰচেষ্টা "বিহান"; ব্যংগৰে আমোদ প্ৰদান জনসাধাৰণকঃ 3


“বিহান” ত ইতিমধ্যে চাৰিটাকে ব্যংগাত্মক তথা হাস্যৰসাত্মক ভিডিঅ’ মুকলি কৰি দিয়া হৈছে। অতি কম সময় অৰ্থাৎ খুব কমেও ৭-১০ মিনিটৰ এটি ভিডিঅ’ ত চমুকৈ কিছু কথাৰ উপস্থাপনেৰে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে। “বিহান”, “Cat Fight”, “ইলেকমেট্ৰমানিয়াছ” আৰু “তিনি সহোদৰ” শীৰ্ষক চাৰিটাকৈ ভিডিঅ’ত জনসাধাৰণৰ প্ৰতিক্ৰিয়া পোৱা গৈছে ধনাত্মক। অংকিতা দাস আৰু মানৱ জ্যোতি নাথৰ যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত “বিহান” ৰ চাৰিটাকৈ ভিডিঅ’ ত এতিয়ালৈ অভিনয় কৰিছে ক্ৰমে মনিষা ডেকা, ৰিকু মণি শৰ্মা, উৎপল পাঠক, মানৱ কলিতা, তুলিকা য়াংগৰু, তাপস হাজৰিকা, পল্লৱী বৰা আৰু এলি বিশ্বকৰ্মাই। জানিব পৰা মতে, আহিবলগীয়া সময়ত উক্ত কলা-কুশলী সকলৰ প্ৰচেষ্টাত নিৰ্মাণ হোৱা এই ভিডিঅ’ সমূহ ব্যংগৰ পৰা কিছু পৰিমাণে গহীনলৈ ধাৱমান হোৱাৰ উপৰিও এই গ্ৰুপটোৰ সৌজন্যত কিছু চুটি ছবি নিৰ্মাণৰ কথাও ভাবি থকা হৈছে।

"লক-ডাউন" ৰ অন্যতম প্ৰচেষ্টা "বিহান"; ব্যংগৰে আমোদ প্ৰদান জনসাধাৰণকঃ 4

https://www.facebook.com/110826017369910/videos/386176865720565/

https://www.facebook.com/110826017369910/videos/284174925975962/


“ক’ৰণা ভাইৰাছ” ৰ লগতে “লক-ডাউন” ৰ ফলত দেশত হোৱা মণ্ডাৱস্থা আৰু তাৰ সমান্তৰালকৈ একাংশ নৱপ্ৰজন্মৰ সৃষ্টিশীল প্ৰতিভাই কিছু পৰিমাণে হ’লেও আমোদ দিছে প্ৰত্যেকজন দৰ্শকক। সেই সময়ছোৱাত আৰম্ভ হোৱা প্ৰকল্পসমূহে বৰ্তমানলৈ জনসাধাৰণক বহুল হাৰত মনোৰঞ্জন প্ৰদানত সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform