Rupaliparda.com
কেইবাটাও ন-যুঁটিৰ সৈতে "তোমাৰ বাবে"- 1

কেইবাটাও ন-যুঁটিৰ সৈতে “তোমাৰ বাবে”-

আকৌ এটি ৰোমান্টিক গীতেৰে দীপলিনা ডেকা। “তোমাৰ বাবে” শীৰ্ষক এটি নতুন গীত মুক্তি লাভৰ পিছতেই হৈ পৰিছে অনুৰাগীৰ প্ৰিয়। মুক্তিৰ কিছু ঘন্টাৰ পিছতেই গীতটিয়ে জনসাধাৰণৰ পৰা লাভ কৰিছে বহুল অংকত সমাদৰ; শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এই গীতটিৰ ক্ষেত্ৰত ভাল লগা বিষয় হৈছে এয়াও যে গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে এটা নতুন যুঁটি। যুঁটিটোৰ অভিনয়ে বৰ্তমান শ্ৰোতা-দৰ্শকৰ সমুখত গীতটিক আৰু বহুল হাৰত গ্ৰহণযোগ্য কৰি তুলিছে। দীপলিনাৰ সৈতে এই গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছে শুকমণি দেউৰীয়ে। প্ৰেমত “সাত সাগৰ তেৰ নদী” পাৰ হৈ নিজ প্ৰেমাস্পদক লগ পাব পৰা শক্তি থাকে বুলি বহুতেই কয়। কল্লোল কাশ্যপ মহন্তৰ কথাৰে নিৰ্মিত “তোমাৰ বাবে” শীৰ্ষক এই গীতটিৰ পৰিচালনাৰ লগতে ইয়াত সংগীত আৰু গীতাৰ বজাইছে ত্ৰিয়ন মহন্তই। পিংকু দাসৰ শব্দ সংমিশ্ৰণেৰে গীতটিৰ ভিডিঅ’ৰ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে অপুৰাজ গগৈ। সাজসজ্জা প্ৰিয়াশ্ৰী বৰুৱাৰ। দীপলিনাৰ একোটা ৰোমান্টিক গীতৰ ভিতৰত শেহতীয়াকৈ ভিডিঅ’সহ মুক্তিপ্ৰাপ্ত গীতটিও হৈ পৰিছে জনপ্ৰিয়।


গীতটিৰ ভিডিঅ’টোত উপস্থাপন কৰা কাহিনীভাগ ইমানেই মনপৰশা হৈছে যে সম্পূৰ্ণ গীতটিয়ে উল্লেখনীয় হৈ পৰিছে। সম্প্ৰতি সময়ছোৱাত যদিও একাংশৰ মাজত প্ৰেম নিবেদনৰ বৈশিষ্ট্যৰ সালসলনি ঘটিছে তথাপিও ক’ৰবাত যেন সেই একেই হৈ আছে ভাললগা আৰু ভালপোৱা বোৰ। সম্প্ৰতি সময়ছোৱাৰ অধিকাংশ গীতত প্ৰিয়ম পল্লৱীৰ অভিনয়ৰ সমান্তৰালকৈ দীপজ্যোতি মহন্তৰ অনুৰাগীও হৈ পৰিছে অধিকাংশ লোক। উক্ত গীতটিৰ ভিডিঅ’টোতো এওঁলোকে কৰা অভিনয়ে তেওঁলোকৰ অনুৰাগীক উৎসাহিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। ভৃগু কাশ্যপৰ অধিকাংশ গীততেই অভিনীত প্ৰিয়ম পল্লৱীৰো জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়; আহিবলগীয়া সময়ত আকৌ এবাৰ অসমীয়া শ্ৰোতা-দৰ্শকে এই গীতটিত অভিনীত যুঁটিটোৰ লগতে শুনিবলৈ অপেক্ষাৰত হৈ পৰিছে এই গীতটিত কন্ঠদান কৰা যুঁটিটোকো।

কেইবাটাও ন-যুঁটিৰ সৈতে "তোমাৰ বাবে"- 2
কেইবাটাও ন-যুঁটিৰ সৈতে "তোমাৰ বাবে"- 3


দীপলিনা ডেকাৰ সংগীত বুলি ক’লে অনুৰাগী এনেই বলীয়া তাতেই আকৌ যেতিয়া সেয়া ৰোমান্টিক গীত হয় তেতিয়া ই আৰু অধিক হাৰত প্ৰাধান্য লাভ কৰা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform