Rupaliparda.com
কমল লোচনৰ শেহতীয়া ফটোশ্বুটঃ অনুৰাগীৰ কমেন্টৰ ভিৰ- 1

কমল লোচনৰ শেহতীয়া ফটোশ্বুটঃ অনুৰাগীৰ কমেন্টৰ ভিৰ-

কমল লোচনে শেহতীয়াকৈ কৰা ফটোশ্বুটে আকৌ এবাৰ অনুৰাগীক তেওঁৰ ফালে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অভিনয়ৰ সমান্তৰালকৈ নিজ লুকেৰেও জনসাধাৰণক আপ্লুত কৰে অভিনেতাগৰাকীয়ে; সম্প্ৰতি সময়ছোৱাৰ একাংশ নৱপ্ৰজন্মৰ প্ৰতিভাৰ মাজত শীৰ্ষস্থান দখল কৰা অভিনেতা গৰাকী কমল লোচন বুলি যদি কোৱা হয় তেতিয়াহ’লেও হয়টো অতিৰঞ্জিত নহ’ব। ধাৰাবাহিক “দুটি মনৰ জোনাক” ৰ সমাপ্তিৰ পিছতো অভিনেতা গৰাকীয়ে কৰা প্ৰতিখন চুটি, প্ৰতিটো মিউজিক ভিডিঅ’ই জনসাধাৰণৰ ইমানেই অধিক দৃষ্টি আকৰ্ষণ কৰিছে যে তেওঁৰ প্ৰতিটো প্ৰকল্পত ভিউৱাৰচৰ সংখ্যা হৈছে লেখত ল’বলগীয়া। প্ৰিয়াক্ষী ডেকাৰ ডিজাইনেৰে কমল লোচনে শেহতীয়াকৈ পৰিধান কৰা পোচাক যোৰৰ ফটোশ্বুটটো ভাইৰেল হোৱাৰ লগতে তাত অনুৰাগীৰ কমেন্টৰ ভিৰ লগাও পৰিলক্ষিত হৈছে।

কমল লোচনৰ শেহতীয়া ফটোশ্বুটঃ অনুৰাগীৰ কমেন্টৰ ভিৰ- 2


দীঘল চুলিৰে আহি অভিনয়ৰ আন এক ৰোমাঞ্চিত ৰূপ উপস্থাপন কৰা কমল লোচনৰ অভিনয় এতিয়া সৰ্বত্ৰে চৰ্চিত; তেওঁ অভিনীত প্ৰকল্প সমূহৰ বিষয়বস্তুও লেখত ল’বলগীয়া। এখন সৰু গাঁৱৰ পৰা উঠি অহা কমল লোচনে নিজ স্থিতি মজবুত কৰিছে এতিয়া দৰ্শকৰ মন মগজুত। সুবাসনা দত্তৰ গীতৰ লগতে নম্ৰতা কাশ্যপ তথা সদ্যমুক্তিপ্ৰাপ্ত “ৰুক্সানা” ত দেখিবলৈ পোৱা কমল লোচনৰ প্ৰতিটো প্ৰকল্পৰ বাবে এতিয়া অপেক্ষাৰত অনুৰাগী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform