Rupaliparda.com
চলিত বৰ্ষত এখনো ছবি নাহিল অনুষ্কা শৰ্মা, আমিৰ খানকে ধৰি ছলমান, শ্বাহৰুখৰ 1

চলিত বৰ্ষত এখনো ছবি নাহিল অনুষ্কা শৰ্মা, আমিৰ খানকে ধৰি ছলমান, শ্বাহৰুখৰ

চলিত বৰ্ষটো বলীউড ক্ষেত্ৰখনৰ বাবে হতাশগ্ৰস্ত আছিল। কেইবাগৰাকীও সুদক্ষ তাৰকাৰ দেহাৱসনাৰ সমান্তৰালকৈ এইটো বৰ্ষত এনেও বহু তাৰকা আছে যাৰ ছবি অনুৰাগীয়ে এখনো উপভোগ কৰিবলৈ নোৱাৰিলে। এইটো বৰ্ষত মুক্তি পাবলগীয়া বহুকেইখন ছবি আচলতে ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। এইটো বৰ্ষত দৰ্শকে ডাঙৰ স্ক্ৰীণত অভিনয় দেখিবলৈ নোপোৱা তাৰকা কেইজনৰ ভিতৰত প্ৰথম গৰাকী হৈছে আমিৰ খান; তেওঁৰ আহিবলগীয়া ছবি “লাল সিং চড্ডা” ৰ শ্বুটিং স্তব্ধ হোৱাৰ ফলতেই এইটো বৰ্ষত তেওঁ কাষ চাপিব নোৱাৰিলে জনসাধাৰণৰ। আন গৰাকী অভিনেত্ৰী হৈছে অনুষ্কা শৰ্মা; তেওঁ মাতৃত্ব সুখ লাভ কৰিব অহা বৰ্ষৰ জানুৱাৰী মাহত; অভিনেত্ৰী গৰাকীৰ গৰ্ভধাৰণৰ খবৰটোৱে আচলতে খলকনি লগাইছিল চচিয়েল মিডিয়াত; এই সুখবৰটোৰ সৈতে অনুষ্কা শৰ্মা বিৰত আছে ছবিৰ পৰা। আনহাতে, চলিত বৰ্ষত কোনো ছবিৰে জনসাধাৰণৰ কাষ নচপা আন কেইগৰাকী তাৰকা হৈছে ক্ৰমে শ্বাহৰুখ খান, ছলমান খান, কেটৰিণা কাইফৰ লগতে ৰাণী মূখাৰ্জী আৰু ৰণৱীৰ সিং।

চলিত বৰ্ষত এখনো ছবি নাহিল অনুষ্কা শৰ্মা, আমিৰ খানকে ধৰি ছলমান, শ্বাহৰুখৰ 2
চলিত বৰ্ষত এখনো ছবি নাহিল অনুষ্কা শৰ্মা, আমিৰ খানকে ধৰি ছলমান, শ্বাহৰুখৰ 3


উক্ত আটাইকেইগৰাকীৰ তাৰকাৰ সঁচা কথা ক’বলৈ গ’লে অনুৰাগীৰ সংখ্যাও অধিক। তেওঁলোকৰ ভালেখিনি ছবিৰ মুক্তিৰ তাৰিখ এইটো বৰ্ষতেই আছিল যদিও চলিত বৰ্ষৰ ভাইৰাছৰ সন্ত্ৰাস আৰু লক-ডাউনে বহু তাৰকাৰ গুৰুত্বপূৰ্ণ ছবি পিছলৈ ঠেলি পঠিয়ায়। উল্লেখ্য যে, ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ একেবাৰে কমি যোৱা নাই যদিও ইয়াৰ সংক্ৰমণৰ হাৰ কিছু কম হোৱা ফলত বৰ্তমান পূৰ্ণগতিত প্ৰতিজন তাৰকা ব্যস্ত হৈছে নিজ নিজ শ্বুটিঙত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform