Rupaliparda.com
"জনপ্ৰিয়তাৰ বাবে যিকোনো প্ৰকল্পতেই জড়িত হোৱাৰ মানসিকতা কোনোদিনেই ৰখা নাই"- অতনু মহন্ত 1

“জনপ্ৰিয়তাৰ বাবে যিকোনো প্ৰকল্পতেই জড়িত হোৱাৰ মানসিকতা কোনোদিনেই ৰখা নাই”- অতনু মহন্ত

অতনু মহন্ত; অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত এই অভিনেতা গৰাকীৰ নামটিও হয়টো আপোনালোকৰ বাবেও নতুন নহয়। নাটকৰ সৈতে জড়িত এইগৰাকী অভিনেতাৰ সম্প্ৰতি সময়ছোৱাৰ সৃষ্টিশীল কামবোৰে জনসাধাৰণক আকৃষ্ট নকৰাকৈ থকা নাই। তেওঁৰ অভিনয় তথা প্ৰকল্প সমূহৰ বিচাৰে তেওঁক জনসাধাৰণৰ মাজত এগৰাকী গ্ৰহণযোগ্য অভিনেতা ৰূপে থিয় কৰোৱাত সক্ষম হৈছে। মাতৃৰ কথা মতে এই ক্ষেত্ৰখনৰ সৈতে জড়িত হ’বলৈ আগবঢ়া অভিনেতা অতনু মহন্ত সৰুৰ পৰাই জড়িত অভিনয় ক্ষেত্ৰখনৰ সৈতে। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক অভিনয় ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “পঞ্চম শ্ৰেণীৰ পৰাই মই নাটক কৰিবলৈ আৰম্ভ কৰিছিলো; একাংকিকা নাট লগতে শিশু অভিনেতা ৰূপে মই সৰুৰ পৰাই অভিনয় কৰিবলৈ আৰম্ভ কৰিছিলো। মই কৰা প্ৰথমখন নাটক আছিল চন্দন বৰুৱাৰ পৰিচালনাৰে “পাৰঘাট”; মই কৰা চৰিত্ৰটো প্ৰথমতে দাদায়ে কৰিছিল কিন্তু পিছলৈ চৰিত্ৰটোৰ সৈতে বয়সটো নিমিলা হ’ল তেতিয়া চন্দন দাই এজন ল’ৰাৰ বিচাৰ কৰি আছিল; আৰু তেতিয়াই মোক মাই সাহস দি নিজেই কৈছিল যে “তই কিয় নকৰ? তই পাৰিবি।” আচলতে, এই ক্ষেত্ৰখনত জড়িত হোৱাৰ মূল কাৰণটোৱে হৈছে মোৰ মা।” অভিনেতাগৰাকীক ৰূপালীপৰ্দাই কৰা দ্বিতীয়টো প্ৰশ্ন আছিল যে, “অসমীয়া প্ৰায়েখিনি দৰ্শকৰ বাবে “অতনু মহন্ত” এক চিনাকী নাম; অচিনাকীৰ পৰা চিনাকী হোৱাৰ পথত কৰা কোনো প্ৰকল্পৰ সৈতে অনিচ্ছা স্বত্বেও জড়িত হৈছে নেকি?”

"জনপ্ৰিয়তাৰ বাবে যিকোনো প্ৰকল্পতেই জড়িত হোৱাৰ মানসিকতা কোনোদিনেই ৰখা নাই"- অতনু মহন্ত 2


উক্ত প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,”অতনু মহন্ত এতিয়াও চিনাকী নাম হোৱাগৈ নাই; অভিনয়ক ভাল পাওঁ যদিও ইয়াৰ বাবে কেতিয়াও “চৰ্টকাট” গ্ৰহণ কৰা নাই। জনপ্ৰিয়তাৰ বাবে যিকোনো প্ৰকল্পতেই জড়িত হোৱাৰ মানসিকতা কোনোদিনেই ৰখা নাই। চৰিত্ৰ এটাক কিমান সুন্দৰকৈ দৰ্শকৰ ওচৰত উপস্থাপন কৰিব পাৰো, তাৰ কাৰণে মই যিমান পাৰো কষ্ট কৰো।যেতিয়াই এই কষ্টই সফলতা লাভ কৰে তেতিয়াই মইয়ো নিজক সাৰ্থক বুলি ভাবো আৰু এয়া মোৰ বাবে যথেষ্ট। “চিনাকী” হ’ব পৰাকৈ মই এতিয়ালৈ তেনে কোনো প্ৰকল্পৰ সৈতে জড়িত হোৱা নাই। বৰ্তমান সময়লৈ যিমানবোৰ প্ৰকল্পৰ সৈতে জড়িত হৈছো তাত মই কোনোধৰণৰ বুজা-বুজিৰ মাজেৰে কৰা নাই আৰু আগলৈও কেতিয়াবা এনে বুজা-বুজিৰ মাজেৰে পাৰ হ’ম বুলি মই নাভাবো। প্ৰকল্প এটাৰ সৈতে জড়িত হ’বলৈ হ’লে তাৰ চিত্ৰনাট্য,অন্য চৰিত্ৰ সমূহৰ সমান্তৰালকৈ গোটেই টীমটোৰ কথা আহি পৰে। যদি টীমটো ভাল হয়, কাম কৰা উৎসাহ তেওঁলোকৰ মাজত থাকে অথবা তেওঁলোক যদি কামবোৰ কৰা ক্ষেত্ৰত ধনাত্মক চিন্তাধাৰাৰ হয় তেতিয়া একোটা প্ৰকল্প সদায় সফল হয়। মই সদায় কামক লৈ ধনাত্মক হয় থাকো।”

"জনপ্ৰিয়তাৰ বাবে যিকোনো প্ৰকল্পতেই জড়িত হোৱাৰ মানসিকতা কোনোদিনেই ৰখা নাই"- অতনু মহন্ত 3


অতনু মহন্তৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলি ক’লে বহুখিনিয়ে আছে। পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ লগতে চুটি ছবিৰ কামো অলপ আছে। নাটকৰ পৰাই যিহেটো আৰম্ভণি গতিকে নাটকো আছে মোৰ কৰিবলৈ; সকলো ঠিকে থাকিলে হয়টো অতিশীঘ্ৰে সকলোবোৰ কাম আৰম্ভ হ’ব।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform