Rupaliparda.com
চলিত মাহতেই নীল আকাশৰ "বিহুৱান"- 1

চলিত মাহতেই নীল আকাশৰ “বিহুৱান”-

সমাগত মাঘ বিহু; মাঘ বিহুৰ পূৰ্বেই কন্ঠশিল্পী নীল আকাশৰ কন্ঠৰে আহি আছে “বিহুৱান”। শেহতীয়াকৈ চচিয়েল মিডিয়াত যোগে এই কথা ব্যক্ত কৰে কন্ঠশিল্পী গৰাকীয়ে; কিছুদিন পূৰ্বে নীল আকাশৰ কন্ঠৰেই মুক্তিপ্ৰাপ্ত “ৰুক্সানা” ৰ এতিয়াও মাৰ যোৱা নাই জনপ্ৰিয়তা। গীতটিত কিছু সময়ৰ বাবে অভিনয়ো কৰিছিল কন্ঠশিল্পী গৰাকীয়ে; ১৯৯১ চনত জন্মগ্ৰহণ কৰা নীল আকাশে প্ৰায়ে “হুচৰি বিহু” ত নাচিছিল আৰু পিছলৈ তেওঁ কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি বিভিন্ন পৰিচালক ও কম্পোজাৰৰ সমাদৰ লাভ কৰিছিল। বহু সংগ্ৰামৰ অন্তত নীল আকাশে ২০১৬ চনত মুক্তি দিলে তেওঁৰ প্ৰথমখন একক এলবাম “বিহুৱান”; যিয়ে ইউটিউবত এক নতুন ঢৌৰ সৃষ্টি কৰিছিল; লগতে সেই একেটা বৰ্ষতে তেওঁ আনখন এলবাম “এনাজৰী” মুকলি কৰে। দুয়োখন এলবামৰে দ্বিতীয় সংস্কৰণো নীল আকাশে মুকলি কৰে; কোৱা বাহুল্য যে, নীল আকাশৰ গীত “অ’ শকুন্তলা” ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁৰ গীতটিয়ে ইউটিবত ক্ষন্তেকতে লাভ কৰে ১০ লাখতকৈও অধিক ভিউৱাৰচ।

চলিত মাহতেই নীল আকাশৰ "বিহুৱান"- 2


নীল আকাশে কেৱলমাত্ৰ নিজৰ গীতেই নহয় তেওঁক প্ৰায়ে নৱপ্ৰজন্মক সঁহায় কৰা দেখিবলৈ পোৱা যায়। নিজ প্ৰকাডচৰ ফালৰ পৰা একোজন নৱপ্ৰজন্মৰ গীত মুকলি কৰি দিয়াৰ সমান্তৰালকৈ ন-ন প্ৰতিভাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰাতো ব্যস্ত হৈ থাকে কন্ঠশিল্পী গৰাকী। চচিয়েল মিডিয়াত অধিক সক্ৰিয় হৈ নাথাকিলেও নীল আকাশে সমাজত ঘটি থকা গুৰুত্বপূৰ্ণ প্ৰসংগ সমূহত সদায় মাত মতা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.