Rupaliparda.com
শেষ আৰু আৰম্ভণিৰ মাজত স্থায়ী হৈ ৰোৱা এটি অনুভৱ "স্পৰ্শ"- 1

শেষ আৰু আৰম্ভণিৰ মাজত স্থায়ী হৈ ৰোৱা এটি অনুভৱ “স্পৰ্শ”-

শেষ আৰু আৰম্ভণিৰ মাজত স্থায়ী হৈ ৰোৱা এটি অনুভৱ “স্পৰ্শ”। “স্পৰ্শ” বোৰ আচলতে খুব মিঠা। এগৰাকী মাতৃয়ে নিজ সন্তানৰ পৰা লাভ কৰা প্ৰথমটো স্পৰ্শ, কোনো এটা ভাল কৰ্মৰ পিছত সন্তানে লাভ কৰা প্ৰশংসাসূচক নিজ অভিভাৱকৰ স্পৰ্শ অথবা দুই প্ৰেমিকদ্বয়ৰ মাজত ইজনে আনজনক কৰা স্পৰ্শ; এই আটাইবোৰ “স্পৰ্শ” ই আচলতে শিহৰিত কৰি থৈ যায় সকলোকে। হাজাৰটা প্ৰশ্নৰ উত্তৰবোৰ যেন সীমাবদ্ধ হৈ ৰয় এটা “স্পৰ্শ” ত। আমাৰ প্ৰত্যেকৰে জীৱনত এনে একোজনো ব্যক্তি আছে যাৰ এটা “স্পৰ্শ’ তেই আমি চিনি পাওঁ তেওঁলোকক।প্ৰেমৰ অনুভূতিক লৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি নতুন গীত; “স্পৰ্শ”। নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত এই গীতটিয়েও যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই। বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়, এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে।


শেষ আৰু আৰম্ভণিৰ মাজত স্থায়ী হৈ ৰোৱা এটি অনুভৱ "স্পৰ্শ"- 2

পেছাত এগৰাকী এফ. এম ৰেডিঅ’ৰ কৰ্মকৰ্তা, Voice over artist পাপলু চেতিয়াৰ শব্দৰে নিৰ্মিত একোটা একোটা গীতক আঁকোৱালিছে এতিয়া সকলোৱে। “স্পৰ্শ” শীৰ্ষক গীতটিৰ পূৰ্বেও তেওঁৰ কথাৰে মুক্তি লাভ কৰিছিল ক্ৰমে আচুৰ্য্য বৰপাত্ৰই কন্ঠদান কৰা গীত “তোৰহে জিৰণি নাই” ৰ লগতে “চাকনৈয়া”। সদ্যমুক্তিপ্ৰাপ্ত “স্পৰ্শ” ত কন্ঠদান কৰিছে অৰুন্ধতী ভানুপ্ৰিয়াই। “ৰুক্সানা” ত কন্ঠদান কৰা এই গৰাকী কন্ঠশিল্পীৰ নামটোও বৰ্তমান সময়ছোৱাৰ সাধাৰণজনৰ বাবে নতুন নহয়। “ৰুক্সানা” ৰ জৰিয়তে বহুল অনুৰাগী গোটাবলৈ সক্ষম হোৱা অৰুন্ধতীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “স্পৰ্শ” য়ো লাভ কৰিছে জনসাধাৰণৰ সঁহাৰি; আনহাতে গীতটিৰ সুৰ আৰু সংগীতৰ দায়িত্বত আছে এলানা। ভাস্কৰ অপ্সৱেলৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “নদীৰ দৰে” শীৰ্ষক গীতটিত ইতিমধ্যে এলানাৰ প্ৰতিভা জনসাধাৰণে উপভোগ কৰিছিল।

শেষ আৰু আৰম্ভণিৰ মাজত স্থায়ী হৈ ৰোৱা এটি অনুভৱ "স্পৰ্শ"- 3


“Jollywood Now” ত মুক্তি লাভ কৰা উক্ত গীতটিয়ে একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাক আকৌ এবাৰ সফল ৰূপত ঠিয় কৰোৱাইছে জনসাধাৰণৰ মাজত। এওঁলোকৰ প্ৰয়াসেৰে আহিবলগীয়া সময়তো গীতে মুক্তি লাভ কৰাৰ আশা প্ৰকাশ কৰিছে এতিয়া একাংশই। গীতৰ কথা, সুৰ আদিৰে পৰা আৰম্ভ কৰি ইয়াত কন্ঠদান কৰা ইত্যাদি ভিন্ন উপাদানে আচলতে গীতটিক প্ৰত্যেকটো দিশৰ পৰাই গ্ৰহণযোগ্য কৰি তুলিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform