Rupaliparda.com
জানুৱাৰীত আৰম্ভ হ'ব শ্বুটিং চিড্যুলঃ আহি আছে মণি সিনহাৰ "গংগা"- 1

জানুৱাৰীত আৰম্ভ হ’ব শ্বুটিং চিড্যুলঃ আহি আছে মণি সিনহাৰ “গংগা”-

চলিত বৰ্ষটো ছবিক্ষেত্ৰখনৰ কাৰণে একপ্ৰকাৰ প্ৰত্যাহ্বানমূলক বৰ্ষ আছিল বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ছবি গৃহসমূহ বন্ধ হৈ থকাৰ সমান্তৰালকৈ কেইবাখনো ছবিৰ মুক্তিৰ তাৰিখো পিছুৱাই দিয়া হৈছে। সম্প্ৰতি সময়ছোৱাত যদিও ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস কমি যোৱা নাই তথাপিও ইয়াৰ সংক্ৰমণৰ হাৰ কিছু কমি যোৱা ফলত স্তব্ধ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হৈ পৰিছে। শেহতীয়াকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনো সক্ৰিয় হৈ পৰিছে; ইটোৰ পিছত নতুন প্ৰকল্পৰ বিষয়ে জনসাধাৰণক জানিবলৈ দিছে একাংশ পৰিচালক তথা প্ৰযোজক গোষ্ঠীয়ে। এনে প্ৰকল্প সমূহৰ ভিতৰত আন এক উল্লেখনীয় প্ৰকল্প হৈছে “গংগা”। কিছুদিন পূৰ্বে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। ছবিখনৰ পোষ্টাৰখনেই আচলতে যথেষ্ট হৈ পৰিছে বহুল হাৰত অসমীয়া ছবিপ্ৰেমী জনসাধাৰণক আকৰ্ষণ কৰিবলৈ। মণি সিনহাৰ পৰিচালনাৰে নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ নাম হৈছে “গংগা”। “ধম ধমা ধম” আৰু “ৰাইনো’ এক্সপ্ৰেছ” (মুক্তিৰ বাবে সাজু) আদিৰ দৰে ছবিৰ পৰিচালক মণি সিনহা সম্প্ৰতি সময়ছোৱাৰ এগৰাকী সফল তথা জনপ্ৰিয় পৰিচালক বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব।

জানুৱাৰীত আৰম্ভ হ'ব শ্বুটিং চিড্যুলঃ আহি আছে মণি সিনহাৰ "গংগা"- 2


ছবিখনৰ “গংগা” অৰ্থাৎ ইয়াৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। গৌৰী ফিল্মচৰ বেনাৰত ব্যয়বহুল প্ৰযোজনাৰে নিৰ্মিত এই ছবিখন প্ৰযোজনাৰ দায়িত্বত আছে বাচ্চু ৰয়। অভিজিৎ ভট্টাচাৰ্য্যৰ কাহিনীৰে এই ছবিখন সম্পূৰ্ণ বাণিজ্যিকধৰ্মী তথা পৰিয়ালকেন্দ্ৰিক ছবি। ইয়াৰ উপৰিও, ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে অৰূপ বৈশ্য, ৰাগ ঐনিতম, যোগেশ কাশ্যপ, মুনমী কলিতা আৰু বেবী সৃষ্টিয়ে। ছবিখনত সংগীত পৰিচালনা অজয় ফুকনৰ। ৰূপালীপৰ্দাক পৰিচালক গৰাকীয়ে জনোৱা মতে, অহা বৰ্ষৰ জানুৱাৰী মাহত ছবিখনৰ শ্বুটিং চিড্যুল আৰম্ভ কৰা হ’ব। প্ৰস্তুতি পৰাশ বুলি ক’লেই এগৰাকী স্থিতপ্ৰজ্ঞ, দৃঢ়প্ৰতিজ্ঞ তথা দমদাৰ চৰিত্ৰৰে পূৰ্ণ অভিনেত্ৰীৰ কথা মনলৈ আহে; আহিবলগীয়া এই ছবিখনতো আপোনালোকে এনেই এক ৰূপত অভিনেত্ৰী গৰাকীক দেখিবলৈ পাব যদিও এইবাৰ “গংগা” ৰ দৰে ধীৰ, স্থিৰ আৰু কোমলতাকো প্ৰস্তুতিৰ চৰিত্ৰ যোগে উপভোগ কৰিবলৈ পাব দৰ্শকে।

জানুৱাৰীত আৰম্ভ হ'ব শ্বুটিং চিড্যুলঃ আহি আছে মণি সিনহাৰ "গংগা"- 3


আহিবলগীয়া বহু প্ৰত্যাশিত ছবি সমূহৰ ভিতৰত “গংগা” ও হৈ পৰিছে এখন। অভিজিৎ ভট্টাচাৰ্য্যৰ কাহিনীবোৰে আচলতে এতিয়া বুলিয়ে নহয়; পূৰ্বৰে পৰাই আপ্লুত কৰি আহিছে সকলো শ্ৰেণীৰ জনসাধাৰণক। “গংগা” ছবিখনৰ ভিন্ন যুঁটিক লৈও উৎসাহিত প্ৰত্যেকজন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform