Rupaliparda.com
Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে "ভাগৰ"- 1

Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে “ভাগৰ”-

“ভাগৰ”; ইতিমধ্যে এই শব্দটো চচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। আহিবলগীয়া সময়ৰ এটি সুন্দৰ প্ৰকল্পৰ নাম হৈছে “ভাগৰ”। “ভাগৰ” বুলি ক’লে আমি কি বুজো বাৰু? দৈহিক ভাগৰতকৈ আমাক অধিক কষ্ট দিয়ে মানসিক “ভাগৰ” য়ে। বহু উশাহৰ সাঁথৰ “ভাগৰ”; সঁচাকৈ “ভাগৰ” বোৰৰ আঁৰত থকা উত্তৰহীন প্ৰশ্নবোৰৰ মাজত আমি কেতিয়াবা বৰ গভীৰ ভাৱে সোমাই পৰো। কেতিয়াবা ক’ৰবাত ৰৈ যাবলগীয়া হয় আৰু কেতিয়াবা ক’ৰবাৰ পৰা ওলাই আহিব নোৱাৰাত পৰো। “ক্লান্ত” অথবা “ভাগৰে” আগ্ৰাসনত লোৱাৰ পূৰ্বেই আমি সম্পূৰ্ণ মানসিক জোৰেৰে আগবাঢ়ো যাতে ই আমাক পিছলৈ টানি নানে। চলিত মাহৰ ২০ তাৰিখে মুক্তিপাবলগীয়া এই “ভাগৰ” ত নো কি আছে সেয়া চাবলৈ বৰ্তমান উৎসাহিত হৈ পৰিছে সকলো। Jonaki Mon & Soulmates ৰ দ্বিতীয়টো প্ৰচেষ্টা তথা প্ৰয়াসক লৈ অনুৰাগীও হৈ পৰিছে উৎকন্ঠিত। প্ৰকল্পটোৰ ফাৰ্ষ্ট লুক পোষ্টাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। জানিব পৰা মতে, উক্ত প্ৰকল্পটোত অনুৰাগীক আপ্লুত কৰিব পৰাকৈ জড়িত হৈ থকা অভিনেতা গৰাকীৰ নাম হৈছে কমল লোচন। অভিনয় ক্ষেত্ৰখনত এঢাপ এঢাপকৈ জনপ্ৰিয়তাক চুমিবলৈ সক্ষম হোৱা কমল লোচনৰ অনুৰাগীও “ভাগৰ” ক লৈ অপেক্ষাৰত।

Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে "ভাগৰ"- 2


Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহিবলগীয়া এই গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে মানৱ জ্যোতি বৰুৱা; আনহাতে ভিডিঅ’টোত কমল লোচনৰ সৈতে অভিনয় কৰিছে দূৰ্গাশ্ৰী বৰাই। ভিডিঅ’ ৰ বিষয়বস্তু কুকীল প্ৰতিম শইকীয়াৰ লগতে গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত সংগীত পৰিচালনা জোনাকী মনৰ। গীতটিত কথা ডানিশৰ, সংগীত ব্যৱস্থাপনা সৌৰভ হাজৰিকাৰ আৰু গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে উৎপল শৰ্মাই। মানৱ জ্যোতি বৰুৱাৰ পৰিচালনাৰে ইতিমধ্যে আমি দুখনকৈ চুটি ছবিৰ লগতে কেইবাটাও গীত উপভোগ কৰিছো। আহিবলগীয়া সময়ত তেওঁৰ পৰিচালনাৰে হয়টো আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পই লাভ কৰিব মুক্তি। আনহাতে, সংগীত ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা তথা ইটোৰ পিছত সুন্দৰ প্ৰকল্পৰ সৈতে দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হোৱা Jonaki Mon & Soulmates ৰ প্ৰথমটো গীত আছিল “সপোন যেন পাওঁ”। গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছিল জনসাধাৰণৰ বহুল সঁহাৰি।

Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে "ভাগৰ"- 3
Jonaki Mon & Soulmates আৰু Bioscope ৰ সৌজন্যত আহি আছে "ভাগৰ"- 4

সম্প্ৰতি সময়ত দৰ্শক সকল একোটা সুন্দৰ প্ৰকল্প উপভোগ কৰিবলৈ অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা যায়। অৱশ্যে ইটোৰ পিছত সিটোকৈ নতুন প্ৰকল্পৰে আগবঢ়া এই নৱপ্ৰজন্মৰ সৃষ্টিয়ে এতিয়া প্ৰত্যেককে মনোৰঞ্জন প্ৰদানত সহায় কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform