Rupaliparda.com
১৫ দিনীয়া কাৰ্যসূচীৰে মইনুল হকৰ "মুকাভিনয় কৰ্মশালা"- 1

১৫ দিনীয়া কাৰ্যসূচীৰে মইনুল হকৰ “মুকাভিনয় কৰ্মশালা”-

চলিত মাহৰ ২৮ তাৰিখৰ পৰা আৰম্ভ কৰি অহা মাহৰ অৰ্থাৎ জানুৱাৰী মাহৰ ১১ তাৰিখলৈ মুঠ ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলৈ গৈ আছে “মুকাভিনয় কৰ্মশালা”। গুৱাহাটী হেদায়ৎপুৰস্থিত মাইম একাডেমীত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাখনৰ মূখ্য প্ৰশিক্ষক ৰূপে থাকিব সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত মুকাভিনয় শিল্পী মইনুল হক। অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলৈ আগবঢ়া এই “মুকাভিনয় কৰ্মশালা” ত ১৬ বছৰৰ উৰ্দ্ধৰ প্ৰায় প্ৰতিগৰাকী ইচ্ছুক ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব। মুঠ ২০ টা আসনৰহে ঠাই থকা হেতুকে ইচ্ছুক ব্যক্তিয়ে অতিশীঘ্ৰে যোগাযোগ কৰক পোষ্টাৰ খনত অন্তৰ্ভূক্ত হৈ থকা ফোন নম্বৰত। ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া ৬ বজালৈ “মাইম” প্ৰশিক্ষণ দিয়া হোৱাৰ সমান্তৰালকৈ ১২ জানুৱাৰী তাৰিখে ৰবীন্দ্ৰ ভৱনত প্ৰশিক্ষাৰ্থীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ব এক মাইম এক্ট “Voice Of Silence”। বাকহীন হৈ মনৰ ভিতৰতে থকা ভাৱটোক জনসাধাৰণৰ মাজত মুখৰ অংগী-ভংগীৰে উলিয়াই দিয়া কথাটোৱে এই শিল্পটোৰ প্ৰতি যথেষ্ট আকৰ্ষণ কৰে সকলোকে। আমি প্ৰায়ে দেখিছো যে, এই শিল্পটোৰ দ্বাৰা সমাজ সংস্কাৰৰ পৰা আৰম্ভ কৰি তথাকথিত সমাজৰ কিছু আচাৰ-ব্যৱহাৰক লৈ বিভিন্নজন মুকাভিনয় শিল্পীয়ে কাম কৰা দেখিবলৈ পোৱা যায়।

১৫ দিনীয়া কাৰ্যসূচীৰে মইনুল হকৰ "মুকাভিনয় কৰ্মশালা"- 2


১৯৭০ চনৰ পৰা মুকাভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত মইনুল হকে পোন প্ৰথমবাৰৰ উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা মইনুল হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ “The Thief”, “The Puppet”, “Mask Maker”, “Paisa” “The Bridge” আদিকে ধৰি আন বহুকেইখনৰ মূকাভিনয়ৰ সৃষ্টি কৰে মইনুল হকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform