নিজ বিবাহক লৈ বিগত বহু দিনৰ পৰা চৰ্চালৈ আহি থকা নামটো হৈছে নেহা কক্কৰৰ। নিজ কেৰিয়াৰক লৈ নেহা কক্কড়ৰ সফল কাহিনী সকলোৱে জানে; ইয়াৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত জীৱনক লৈও আচলতে উৎসাহী হৈ থাকে সকলো। শেহতীয়াকৈ আন এক সুখবৰ লৈ জনসাধাৰণৰ কাষ চাপিছে নেহা কক্কড়; সদ্যমুক্তিপ্ৰাপ্ত ফৰ্বসৰ এখন তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ নাম। চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে আনক প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত এই তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছে নেহা কক্কড়ৰ। ইণ্ডাষ্ট্ৰীটোত নেহা কক্কড় এনে এগৰাকী তাৰকা যিয়ে নিজৰ প্ৰতিভাৰে সকলোবোৰ অৰ্জন কৰি আজিৰ এই পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে। নেহা কক্কড়ে সফলতাৰ বাৰ্তা প্ৰেৰণ কৰি নিজ সুখ ব্যক্তি কৰি কয় যে, “নিজক লৈয়ে বহুত গৌৰৱ অনুভৱ কৰিছো। আপোনালোকে জানে যে এই তালিকাখনত অমিতাভ বচ্চন ছাৰ, শ্বাহৰুখ খান ছাৰ আৰু মোৰ নাম আছে। ভগৱানক শতকোটি প্ৰণাম; আপোনালোক সকলোকে ধন্যবাদ।”

নেহা কক্কড়ৰ নাম সন্নিৱিষ্ট হোৱা কথাটোৱে এতিয়া নেহাকে নহয়; উৎসাহিত কৰি তুলিছে তেওঁৰ স্বামী ৰোহনপ্ৰীতকো। বিবাহৰ পিছত প্ৰায় সময়তে একেলগে দেখিবলৈ পোৱা উক্ত নৱ বিবাহিত যুঁটিটোৰো অনুৰাগী হৈ পৰিছে বহুতো। নেহাৰ এই জয়ত তেওঁৰ স্বামীও পোষ্ট কৰি কয় যে, “মই আপোনাৰ স্বামী হৈ আজি বহুত গৌৰৱ অনুভৱ কৰিছো। আপুনি বহু সুন্দৰ হয় আৰু আপোনাৰ বাবে একোৱে অসম্ভৱ নহয়।”
Add comment