Rupaliparda.com
কমল লোচনৰ নতুন ৰূপঃ Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু "কোন হ'ব"- 1

কমল লোচনৰ নতুন ৰূপঃ Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু “কোন হ’ব”-

“ভবাই নাছিলো” শীৰ্ষক গীতটিৰ বহুল জনপ্ৰিয়তাৰ অংশীদাৰ আপুনিও হয়টো নোহোৱাকৈ নাই! কেইবাবাৰো ৰিপিট ম’ডত শুনিলেও মন নভৰা উক্ত গীতটিৰ সফলতাৰ কাহিনী মাৰ নৌযাওঁতেই Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু হৈছে আন এটি গীত। একোটা গীতে মুক্তিৰ পূৰ্বৰ পৰাই আচলতে প্ৰতিজন শ্ৰোতা-দৰ্শকক উৎসাহিত কৰিবলৈ সক্ষম হয়; তাতেই আকৌ যদি গীতটিত কেইবাটাও জনপ্ৰিয় নামৰ অন্তৰ্ভূক্তি হয় তেতিয়াহ’লে সেই গীতটিয়ে সফলতা লাভ কৰাটো একেবাৰে নিশ্চিত হৈ থাকে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। Atlas Creation নামে ইউটিউব চেনেলটোত ডিচেম্বৰ মাহতেই মুক্তি পাবলগীয়া গীতটিৰ নাম হৈছে “কোন হ’ব”। গীতটিক ভিডিঅ’সহ মুকলি কৰি দিয়া হ’ব জনসাধাৰণৰ মাজত। গীতটিৰ ভিডিঅ’টোৰ ফাৰ্ষ্ট লুক পোষ্টাৰে আৰু অধিক হাৰত জনসাধাৰণক উৎকন্ঠিত কৰি তুলিছে; দীঘল চুলিৰে সৈতে জনসাধাৰণক অভিনয়ৰ নতুন পৃষ্ঠা পঢ়িবলৈ শিকোৱা কমল লোচনক এইবাৰ দেখিবলৈ পোৱা যাব এটা অন্য ৰূপত।

কমল লোচনৰ নতুন ৰূপঃ Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু "কোন হ'ব"- 2


আনহাতে কমল লোচনৰ সৈতে ভিডিঅ’টোত অভিনয় কৰিছে অঞ্জু দহলে। গীতটিত কথা ৰাহুল দে দাসৰ; গীতৰ ভিডিঅ’ অথবা কন্ঠ, সুৰ আদিৰ বাহিৰেও গীতটিৰ কথাই যেতিয়া এজন শ্ৰোতাক চুই যায়; তেতিয়াই সঁচা অৰ্থত সমাদৰ লাভ কৰে একোটা গীতে। ৰাহুল দে দাসৰ কথাত থকা এনে কিছু বিশেষত্বৰ বাবেই হয়টো জনপ্ৰিয় তেওঁৰ প্ৰতিটো গীত; গীতটিত কন্ঠদান কৰিছে সম্প্ৰতি সময়ৰ খুবেই জনপ্ৰিয় দুই কন্ঠশিল্পীৰ যুঁটিয়ে। সেয়া হৈছে ক্ৰমে নীল আকাশ আৰু বৰষা বৰাৰ; গীতটিত সুৰ প্ৰবীণ বৰাৰ আৰু ইয়াত সংগীত দিছে অনুপম কোঁৱৰে। শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে; ইয়াৰ লগতে, Esxa Music ৰ সংগীত প্ৰযোজনাৰে গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে প্ৰণৱ ভৰালী। ৰুহুল বৰভূঞাৰ দৃশ্যগ্ৰহণেৰে ইয়াত সম্পাদনা আৰু গ্ৰাফিক্সৰ দায়িত্বত আছে উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্য।

কমল লোচনৰ নতুন ৰূপঃ Atlas Creation ৰ বেনাৰত মুক্তিৰ বাবে সাজু "কোন হ'ব"- 3


কেইবাজনো জনপ্ৰিয় মুখ আৰু তেওঁলোকৰ কৰ্মৰে ইতিমধ্যে মনোৰঞ্জন ক্ষেত্ৰখনে বিভিন্ন গ্ৰহণযোগ্য সৃষ্টিক উপভোগ কৰিছে। ইটোৰ পিছত সিটো উপভোগ্য সৃষ্টিৰ আঁৰত থকা নৱপ্ৰজন্মক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform