Rupaliparda.com
যোৰহাটৰ একাংশ সংস্কৃতিৱান যুৱকৰ প্ৰচেষ্টাৰে মুক্তিৰ বাবে সাজু "মন দিহিঙৰ গৰা ২০২১"- 1

যোৰহাটৰ একাংশ সংস্কৃতিৱান যুৱকৰ প্ৰচেষ্টাৰে মুক্তিৰ বাবে সাজু “মন দিহিঙৰ গৰা ২০২১”-

পৰিস্থিতি সাপেক্ষে জনসাধাৰণৰ মাজত একোটা সুন্দৰ প্ৰকল্পৰে আগবঢ়া একাংশ নৱপ্ৰজন্মৰ সৃষ্টিয়ে সঘনাই আপ্লুত কৰিবলৈ সক্ষম হৈছে জনসাধাৰণক। বৰগীত, লোকগীতকে আৰম্ভ কৰি সংগীতৰ ভিন্ন ধাৰাৰ ক্ষেত্ৰত নিজৰ নাম অংকুৰিত কৰি মনোৰঞ্জন জগতখনত দপদপাই থকা দেখিবলৈ পোৱা যায় এওঁলোকক। ইউটিউবৰ ভিউৱাৰচৰ অযুত অংক নাথাকিলেও এওঁলোকে কৰা সৃষ্টিসমূহত থকা নতুনত্বই প্ৰায়ে ধীৰে ধীৰে হ’লেও শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। মনোৰঞ্জন হৈছে এনে এক মাধ্যম যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উৎফুল্লিত হ’বলৈ চেষ্টা কৰে। দেশত চলি থকা অমানৱীয়তা, অন্যায়, দূনীৰ্তি, ভ্ৰষ্টাচাৰ আদিবোৰৰ উৰ্দ্ধত জনসাধাৰণক কিছু সময়ৰ অৱকাশ, স্ফূৰ্তিৰ প্ৰয়োজন হয় আৰু এই আটাইবোৰৰ মাজত তেওঁলোকক প্ৰয়োজন হয় মনোৰঞ্জনৰ। এনেক্ষেত্ৰত নিৰৱিচ্চন্ন ভাৱে প্ৰয়াস কৰি থকা কেইগৰাকীমান যুৱকৰ যুঁটীয়া প্ৰচেষ্টাৰে ভোগালী বিহুৰ প্ৰাকক্ষণত মুক্তিৰ বাবে সাজু হৈছে এটি বিহু সুৰীয়া গীতৰ এলবাম। ইয়াৰ পূৰ্বেই যোৰহাটৰে উক্ত দলটোৰ কেইগৰাকীমান যুৱকে মুক্তি দিছিল এটা স্তুষ্টিমূলক গীতৰ এলবাম। স্তুষ্টিমূলক গীতকেইটিয়ে ইতিমধ্যে শ্ৰোতা-দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে গীতসমূহ উপভোগ কৰা জনসাধাৰণৰ প্ৰতিক্ৰিয়াও আছিল লেখত ল’বলগীয়া।

যোৰহাটৰ একাংশ সংস্কৃতিৱান যুৱকৰ প্ৰচেষ্টাৰে মুক্তিৰ বাবে সাজু "মন দিহিঙৰ গৰা ২০২১"- 2
যোৰহাটৰ একাংশ সংস্কৃতিৱান যুৱকৰ প্ৰচেষ্টাৰে মুক্তিৰ বাবে সাজু "মন দিহিঙৰ গৰা ২০২১"- 3


এইবাৰৰ বিহুসুৰীয়া এলবামটোৰ নাম হৈছে “মন দিহিঙৰ গৰা ২০২১”। এলবামটোত সন্নিৱিষ্ট প্ৰথমটো গীতত কথা আৰু সুৰ পৰাগ জ্যোতি শইকীয়াৰ; গীতটিত যুঁটীয়াভাৱে কন্ঠদান কৰিছে কন্ঠশিল্পী বিকশিতা গগৈ আৰু জনম কাশ্যপে। ষ্টুডিঅ’ মেলডিত বাণীবদ্ধ হোৱা এই গীতটিত শব্দ সংমিশ্ৰণৰ দায়িত্বত আছে ঋতুপৰ্ণ বৰা। গীতটিত বাদ্যযন্ত্ৰ সংগত কৰিছে মুম্বাই প্ৰতিষ্ঠিত সংগীত শিল্পী ঋতুৰাজ বৰা, প্ৰাঞ্জল বৰা(চুম্পি), চন্দন দত্ত আৰু ৰক্তিম দত্তই। আনহাতে, উক্ত এলবামটোৰ আন দুটি গীতত কথা ৰঞ্জন বৰা আৰু পৰাগৰ । “মন দিহিঙৰ গৰা” ৰ এই গীতকেইটিত কন্ঠদান কৰিছে ক্ৰমে জনপ্ৰিয় কন্ঠশিল্পী সঞ্জয় বৰা, গীতিমণি হাতীবৰুৱা আৰু অভিনন্দন দিহিঙীয়াই। ইয়াৰ উপৰিও, লোচন বৰা আৰু ৰাজি নাজিৰৰ পৰিচালনাৰে আন এক বিহু সুৰীয়া গীতৰ এলবামৰ সোঁৱাদ ল’ব পাৰিব জনসাধাৰণে; এলবামটোৰ নাম হৈছে “মৰম”। এপেক্স ষ্টুডিঅ’ নামে এটি ইউটিউব চেনেলত মুক্তি লাভ কৰিব দুয়োটা এলবামৰে গীতকেইটি।

যোৰহাটৰ একাংশ সংস্কৃতিৱান যুৱকৰ প্ৰচেষ্টাৰে মুক্তিৰ বাবে সাজু "মন দিহিঙৰ গৰা ২০২১"- 4


আহিবলগীয়া সময়বোৰ কেনে হ’ব ইয়াৰ আমি ধাৰণা কৰিব নোৱাৰো। কিন্তু এটা সুন্দৰ আৰম্ভণিৰ পৰিকল্পনা আমি নিশ্চয় কৰিব পাৰো। মনোৰঞ্জন ক্ষেত্ৰখনলৈ আগন্তুক এই প্ৰকল্প সমূহক লৈ অপেক্ষাৰতও আচলতে শ্ৰোতা-দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform