Rupaliparda.com
অনুতাপ আৰু অনুধাৱনৰ কাহিনীৰে চুটি ছবি "Remorse"- 1

অনুতাপ আৰু অনুধাৱনৰ কাহিনীৰে চুটি ছবি “Remorse”-

আমি প্ৰায় জীৱনত এনে বহু কাম কৰো অথবা বিভিন্নজন অইন ব্যক্তিক এনে কিছুমান কথা কওঁ যিসমূহক লৈ পিছলৈ আমি অনুতাপ কৰিবলগীয়া হয়। আমি অনুশোচনাত ভুগিবলগীয়া হয় যে আমি যদি সেইটো সময়ত অকণমান নিজক সংযম কৰিব পাৰিলোহেঁতেন তেতিয়াহ’লে হয়টো আমি আজিৰ এই সময়খিনিত সেই ব্যক্তিজনৰ পৰা আঁতৰি আহিবলগীয়া নহ’লহেঁতেন অথবা আমাৰ মাজত থকা সম্পৰ্কৰ অৱসান নঘটিল হেঁতেন। অসমীয়াত এষাৰ কথা আছে, “কথা কটা যায়; কথাতেই বঁটা পায়”; অৰ্থাৎ ব্যক্তিবিশেষৰ এষাৰ কথাই জনসাধাৰণক বহুল ৰূপত আকৰ্ষিত কৰিব পাৰে আৰু আনহাতে কেতিয়াবা কাৰোবাৰ কথাই কষ্টও হয়টো প্ৰদান কৰে। এনেবোৰ কথা লগতে উক্ত “অনুতাপ” ৰ বিষয়বস্তুটোক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি ছবি “Remorse”। কিশোৰ অৱস্থাত এজন-দুজন বুলিয়েই নহয়; প্ৰত্যেকগৰাকী ব্যক্তিয়েই এনে বহু কথা নভৱাকৈ কয় দিয়ে যিসমূহে আন এজন ব্যক্তিক মানসিক কষ্ট দিব পাৰে বুলি অনুধাৱন কৰা নহয় আৰু পৰৱৰ্তী সময়ত জীৱনৰ কোনোবা এটা সময়ত কথাখিনিৰ বাবে অনুতাপ কৰিবলগীয়া হয়।

অনুতাপ আৰু অনুধাৱনৰ কাহিনীৰে চুটি ছবি "Remorse"- 2


The Filmy Jokers আৰু NJD films Production ৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনৰ কাহিনী, পৰিচালনা আৰু সম্পাদনা নিহাৰ জে দাসৰ লগতে ইয়াত অভিনয় কৰিছে জুবিন দাস, ৰজলিন ভাৰতী, দানৱিৰ ভৌমিক আৰু গুণজিৎ বড়োই। সুজাতা দাসৰ প্ৰযোজনাৰে চুটি ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে ৰিয়ান দ্বীপেন নাথ। চুটি ছবিখনৰ চাউণ্ড ডিজাইন আৰু মিক্স ধ্ৰুৱ হাজৰিকাৰ। একাংশ নৱপ্ৰজন্মৰ প্ৰয়াসেৰে নিৰ্মিত এই চুটি ছবিখনৰ জি এফ এক্স ডিউকে বৈশ্যৰ। প্ৰডাকচনত সহায় কৰিছে জিতুমণি চৌধুৰী আৰু দেৱাশীষ দে। চুটি ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়াইছে সুমন পাটৰে।সমগ্ৰ চুটি ছবিখন নিৰ্মাণৰ সৈতে ব্যস্ত উক্ত নৱপ্ৰজন্মৰ কলা-কুশলী সকলে তেওঁলোকৰ নিজ নিজ প্ৰতিভা বিকাশত অহৰহ প্ৰয়াস কৰা দেখিবলৈ পোৱা যায়।

অনুতাপ আৰু অনুধাৱনৰ কাহিনীৰে চুটি ছবি "Remorse"- 3
অনুতাপ আৰু অনুধাৱনৰ কাহিনীৰে চুটি ছবি "Remorse"- 4


আহিবলগীয়া সময়ত মুক্তিপাবলগীয়া এই চুটি ছবিখনক লৈ বৰ্তমান অপেক্ষাৰত দৰ্শকো। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও এওঁলোকৰ প্ৰচেষ্টাক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform