Rupaliparda.com
কাইলৈ মুক্তি লাভ কৰিব বাবু বৰুৱাৰ "মৰমীৰ ঘৰ"- 1

কাইলৈ মুক্তি লাভ কৰিব বাবু বৰুৱাৰ “মৰমীৰ ঘৰ”-

কন্ঠশিল্পী বাবু বৰুৱাৰ কন্ঠৰে মুক্তি লাভ কৰিব এটা নতুন গীত “মৰমীৰ ঘৰ”। কন্ঠশিল্পী গৰাকীৰ “মৰুভূমি” নামে এলবামটোত অন্তৰ্ভূক্ত এই দ্বিতীয়টো গীতক মুকলি কৰি দিয়া হ’ব অহা কাইলৈ অৰ্থাৎ ২৫ তাৰিখে। গীতটিৰ কথা আৰু সুৰ চন্দন কাকতিৰ লগতে ইয়াত সংগীত দ্বীপকেশ বৰগোঁহাইৰ; আনহাতে গীতটিত শব্দ সংমিশ্ৰণ কৰিছে ইবচন লাল বৰুৱাই। বাবু বৰুৱাৰ প্ৰায় প্ৰতিটো গীতৰ কথাৰ আঁৰত থকা ব্যক্তিজন হৈছে চন্দন কাকতি; এওঁলোক দুয়োৰে যুঁটিটোক অৱশ্যে পচন্দও কৰি আহিছে বহুতে। চন্দন কাকতিৰ কথাৰে মুক্তিপ্ৰাপ্ত গীতসমূহে জনপ্ৰিয়তা তথা জনসাধাৰণৰ সমাদৰ লাভ কৰাটো বহু পৰিমাণে সক্ষম হৈছে। ৰাজনীতিত যোগদান কৰা পিছতেই বাবু বৰুৱাৰ এটাৰ পিছত আন এটা নতুন গীতৰ মুক্তি পাবলৈ গৈ আছে। শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা এই কন্ঠশিল্পী গৰাকীক কিছুদিন পূৰ্বে বহুল ৰূপত সমালোচনা কৰা হৈছিল চচিয়েল মিডিয়াত। কন্ঠশিল্পী গৰাকীৰ ৰাজনীতিত যোগদান কৰা কাৰ্যই আচলতে হতাশো কৰি তুলিছিল তেওঁৰ অনুৰাগীক। কিন্তু বৰ্তমান কন্ঠশিল্পী গৰাকী ব্যস্ত তেওঁৰ আগন্তুক গীতৰ পৰিকল্পনাক লৈ।

কাইলৈ মুক্তি লাভ কৰিব বাবু বৰুৱাৰ "মৰমীৰ ঘৰ"- 2


১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.