Rupaliparda.com
"উল্লেখনীয় প্ৰকল্পৰ ভিতৰত মই অমিতাভ বচ্চনৰ বাবে ডাব কৰিছো"- বিশাল আগৰৱালা 1

“উল্লেখনীয় প্ৰকল্পৰ ভিতৰত মই অমিতাভ বচ্চনৰ বাবে ডাব কৰিছো”- বিশাল আগৰৱালা

বহু অসম সন্তান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ গৈ নিজ নিজ ক্ষেত্ৰখনত ইমান সুন্দৰকৈ উজ্বলিছে যে তেওঁলোকৰ কথাই বাৰুকৈয়ে গৌৰম্বিত কৰিছে অসমবাসীক। আচলতে, সংগীত অথবা অভিনয় ক্ষেত্ৰখনৰ উপৰিও একোজন এনে অসমীয়া প্ৰতিভাই তাত কৰ্ম সম্পাদন কৰি আছে যাৰ কথা শুনিলে হয়টো আপোনাৰো আচৰিত যেনেই লাগিব। একোটা বিজ্ঞাপনক যেতিয়া অসমীয়ালৈ ৰূপান্তৰিত কৰিবলগীয়া হয় তেনেক্ষেত্ৰত হিন্দী বিজ্ঞাপনটোত অভিনীত অভিনেতাক কন্ঠ প্ৰদান কৰিবলগীয়া হয় আৰু এনেক্ষেত্ৰত অসম সন্তান বিশাল আগৰৱালায়ে শেহতীয়াকৈ লাভ কৰিছে এক খিতাপ। India Voice Fest 2020 ত অসমীয়া বিজ্ঞাপনৰ “শ্ৰেষ্ঠ কন্ঠ” ৰ খিতাপেৰে আগবাঢ়ি অহা এইগৰাকী শিল্পীৰ সৈতে ৰূপালীপৰ্দাই পাতিছিল কিছু এক্সক্লুচিভ কথা-বতৰা। অক্ষয় কুমাৰ অভিনীত “Kurkure” বিজ্ঞাপনটোত তেওঁ অক্ষয় কুমাৰৰ বাবে ডাব কৰিছিল; যাৰ বাবে তেওঁ লাভ কৰে এই খিতাপ। এজন “Voice Artist” হিচাপে তেওঁ কেতিয়াৰ পৰা নিজ যাত্ৰা আৰম্ভ কৰিছিল বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “মই এজন “Voice Artist” প্ৰয়োজনত আৰু আকস্মিক ভাৱেহে হৈ পৰিছিলো। মই এটা বিজ্ঞাপন এজেঞ্চীত কাম কৰিছিলো; গতিকে এদিন যেতিয়া এটা প্ৰকল্পৰ বাবে কন্ঠ দিয়া শিল্পীৰ অভাৱ হৈছিল তেতিয়াই আচলতে মোৰ বচে মোক কৈছিল যে তোমাৰ মাতটো ভাল, তুমি চেষ্টা কৰাচোন। মইও চেষ্টা কৰিলো আৰু সুভাগ্য ক্ৰমে সেয়া বিজ্ঞাপনৰ প্ৰযোজক অথবা পৰিচালক গৰাকীয়ে ভাল পালে।”


তেওঁ আগলৈ কয় যে, “সেই প্ৰযোজক গৰাকীয়ে আচলতে বিগ বাজাৰৰ যিখিনি বিজ্ঞাপন আছিল সেই সমূহ চাইছিল, প্ৰতিটো সপ্তাহত বিগ বাজাৰৰ একোটা বিজ্ঞাপন আহিছিল যিকেইটা প্ৰতিটো ভাৰতীয় ভাষাত প্ৰচাৰ কৰা হৈছিল। গতিকে, তেওঁলোকে মোৰ কন্ঠৰ প্ৰশংসা কৰা লগতে ভইচ অভাৰ কৰিব পাৰিম নেকি প্ৰশ্ন কৰিলে আৰু তেনেকৈয়ে এই ক্ষেত্ৰখনত মোৰ যাত্ৰা এনেকৈয়ে আৰম্ভ হৈছিল।” একোটা ইংৰাজী অথবা হিন্দী নাইবা বেলেগ ভাষাৰ বিজ্ঞাপন এটাক যেতিয়া এটা অসমীয়া বিজ্ঞাপনলৈ ৰূপান্তৰিত কৰা হয় তেতিয়া এনে বহু কথা অথবা শব্দৰ প্ৰয়োগ হয় যিসমূহ শুনিবলৈ সুৱলা নহয়; ইয়াক লৈ বিভিন্ন জনে আপত্তিও দৰ্শায়। আৰু, এনে ধৰণৰ ভাষাক বিকৃত কৰাবোৰক কেনেদৰে বাধা প্ৰদান কৰিব পাৰি বুলি প্ৰশ্ন কৰাত বিশাল আগৰৱালায়ে কয় যে, “আমিও মুম্বাইত যিকেইজন অসমীয়া আৰ্টিষ্ট আছো; আমিও আচলতে একেখিনি অসুবিধা পাই আহিছো। যেতিয়া দিল্লী অথবা কলকাতাৰ বিজ্ঞাপন এজেঞ্চী সমূহে কোনো এটা বিজ্ঞাপনৰ ভাষাৰ সলনি কৰিব লগীয়া হয় তেতিয়া তেওঁলোকে হিন্দী অথবা বাংলা ভাষা কোৱা আৰ্টিষ্ট এজনকেই বিজ্ঞাপনটো “ডাব” কৰিবলৈ দিয়ে। পিছলৈ হয়টো তেওঁলোকৰ তাত দক্ষ ব্যক্তিৰ অভাৱ থাকে; ফলত বিজ্ঞাপনটোতনো কি হৈছে সেয়া বিচাৰ কৰি নাচায়।

"উল্লেখনীয় প্ৰকল্পৰ ভিতৰত মই অমিতাভ বচ্চনৰ বাবে ডাব কৰিছো"- বিশাল আগৰৱালা 2
"উল্লেখনীয় প্ৰকল্পৰ ভিতৰত মই অমিতাভ বচ্চনৰ বাবে ডাব কৰিছো"- বিশাল আগৰৱালা 3


আনহাতে, মুম্বাইত কিছু অনা-অসমীয়া আৰ্টিষ্ট আছে তেওঁলোকক একোটা পেকেজ প্ৰদান কৰা হয় সেই বিজ্ঞাপনটোক কেইবাটাও ভাৰতীয়া ভাষাত ডাব কৰিবলৈ । কিন্তু ভাষাটো ডাব কৰোতে যদি কেতিয়াবা ভুল হয় তেতিয়াহ’লে ডাব আৰ্টিষ্ট জনক আচলতে চুপাৰভাইজাৰ গৰাকীয়ে বাধা প্ৰদান কৰিব লাগে কিন্তু তেওঁলোকেও হয়টো কোনো অসুবিধাৰ ফলত এয়া নকৰে।ইয়াৰ উপৰিও, মুম্বাইতো এনে অসমৰ একাংশ লোক আছে যাৰ অসমীয়া ভাষাটো বৰ বেছি ভাল নহয় যদিও তেওঁলোকে ডাব কৰা বিজ্ঞাপনটো চুপাৰভাইজাৰ গৰাকীয়ে অনুমোদিত কৰিবলগীয়াত পৰে। আৰু, এইক্ষেত্ৰত এটাই উপায় হ’ল যিটো মই ভাবো যে আমাৰ লোকখিনিয়ে যদি কোনো এটা বিজ্ঞাপনত ভাষাটোক বিকৃত কৰা যেন অনুভৱ কৰিছে তেতিয়াহ’লে একোটা ই-মেইল যোগে তেওঁলোকে নিজ মতামত ব্যক্ত কৰি কোম্পানীলৈ পঠিয়াওঁক আৰু বিজ্ঞাপনটোৰ এনেধৰণৰ সম্প্ৰচাৰ বন্ধ নহ’লে কোম্পানীটোৰ পণ্যভাগ গ্ৰহণ নকৰো বুলি সংকল্প লওঁক, তেতিয়াহ’লে হয়টো বহুখিনি সলনি হ’ব।”

"উল্লেখনীয় প্ৰকল্পৰ ভিতৰত মই অমিতাভ বচ্চনৰ বাবে ডাব কৰিছো"- বিশাল আগৰৱালা 4


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত বিশাল আগৰৱালায়ে কয় যে, “মোৰ বিজ্ঞাপনৰ ক্ষেত্ৰত বহুখিনি প্ৰকল্প চলি আছে। কিছুদিন পূৰ্বে মই ৰণৱীৰ সিঙৰ বাবে কন্ঠ দিলো; লগতে “বধাই হো” ত আয়ূসমানৰ পিতৃৰ চৰিত্ৰ ৰূপায়ন কৰা গজৰাজ ৰাওঁৰ বাবেও মই ইতিমধ্যে কাম কৰিছো। উল্লেখনীয় প্ৰকল্পৰ ভিতৰত মই অমিতাভ বচ্চনৰ বাবে ডাব কৰিছো; যিটোৰ আটাইতকৈ ভাললগা বিষয় এয়াই যে মই বিগ বিৰ কাৰণে কন্ঠ দিছো। সোনকালেই হয়টো ই সম্প্ৰচাৰ হ’ব ৰাইজৰ মাজত।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform