Rupaliparda.com
"ইয়াৰ মাজতে কাৰ্তিক আৰু আলিয়াক এই ছবিখনৰ পুনঃনিৰ্মাণত চাবলৈ বিচাৰিম"- বিবেক অব্ৰয় 1

“ইয়াৰ মাজতে কাৰ্তিক আৰু আলিয়াক এই ছবিখনৰ পুনঃনিৰ্মাণত চাবলৈ বিচাৰিম”- বিবেক অব্ৰয়

বিবেক অব্ৰয় আৰু ৰাণী মূখাৰ্জীৰ ছবি “সাথিয়া” য়ে সম্পূৰ্ণ কৰিলে নিজ ১৮ টা বৰ্ষ। “সাথিয়া” ছবিখনৰ কথা মনত পেলাই তাত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা বিবেক অব্ৰয়ে কয় যে, “ছবিখন মুক্তিৰ পিছত পুনেৰ এটা থিয়েটাৰে মোক ছবিখনৰ প্ৰমো’চনৰ বাবে মাতিছিল; মই এইটো দেখি হতহম্ব হৈ পৰিছিলো যে তাত বহু ছোৱালীয়ে মোৰ নাম লৈ চিঞৰিব লৈছিল। এয়া প্ৰথম আছিল য’ত মই এনে কিবা এটা অনুভৱ কৰিছিলো; মোৰ মনত আছে যে ৰাণীয়ে ইমান ভিৰ দেখি মোক কৈছিল যে সেই ভিৰৰ মাজলৈ ছোৱালী এজনী যোৱাটো ঠিক নহ’ব গতিকে তেওঁ আঁতৰি যাব। কিন্তু মই ভাবিলো যে দৰ্শক ইমান উৎসাহেৰে ৰৈ আছে আৰু তেওঁলোকৰ মাজলৈ যদি আমি কোনো নাযাওঁ তেতিয়াহ’লে তেওঁলোক সকলো হতাশ হ’ব। গতিকে মই গাড়ীৰ পৰা ওলাই গৈছিলো আৰু ওলাই যোৱাৰ লগে লগে মই অনুভৱ কৰিছিলো যে মোৰ ভৰিখন মাটিত লাগি থকা নাই; সেয়া ওপৰলৈ মোক উঠাই লৈ গৈছে। মই এনেবোৰ পূৰ্বতে এজন ৰকষ্টাৰ সৈতে হোৱাহে দেখিছোলো।”

"ইয়াৰ মাজতে কাৰ্তিক আৰু আলিয়াক এই ছবিখনৰ পুনঃনিৰ্মাণত চাবলৈ বিচাৰিম"- বিবেক অব্ৰয় 2
"ইয়াৰ মাজতে কাৰ্তিক আৰু আলিয়াক এই ছবিখনৰ পুনঃনিৰ্মাণত চাবলৈ বিচাৰিম"- বিবেক অব্ৰয় 3


বিবেক অব্ৰয়ক আকৌ এবাৰ “সাথিয়া” নিৰ্মাণ কৰিলে তাত কোন তাৰকা থাকিব বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “বহু নতুন আৰু প্ৰতিভাসম্পন্ন অভিনেতা-অভিনত্ৰী এই ইণ্ড্ৰাষ্ট্ৰী টোলৈ আহিছে, কিন্তু ইয়াৰ মাজতে মই কাৰ্তিক আৰু আলিয়াক এই ছবিখনৰ পুনঃনিৰ্মাণত চাবলৈ বিচাৰিম। একেবাৰে নতুন যুঁটি,যিটো মোৰ আৰু ৰাণীৰ আছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.