Rupaliparda.com
বছৰটোৰ শেষৰটো দিনতো দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব নতুন গীতঃ 1

বছৰটোৰ শেষৰটো দিনতো দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব নতুন গীতঃ

বছৰটোৰ শেষৰটো দিনতো কন্ঠশিল্পী দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব তেওঁৰ নতুন গীতৰ সোঁৱাদ। অহা ৩১ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব দীক্ষুৰ কন্ঠৰে গীত “মইনা ২০২১”। গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে গীতটিৰ এটি টিজাৰ। এইবাৰ দীক্ষুৰ সৈতে গীতটিত দেখিবলৈ পোৱা যাব এহচান শ্বাহক; কেৱল মাত্ৰ দীক্ষুৱে নিজৰ বাবেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মকো সমানেই সহায় কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “আবিৰ” টো কন্ঠদান কৰা এই কন্ঠশিল্পী গৰাকীৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া।

বছৰটোৰ শেষৰটো দিনতো দীক্ষু শৰ্মাৰ অনুৰাগীয়ে লাভ কৰিব নতুন গীতঃ 2


দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে প্ৰথমাভাগত কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.