Rupaliparda.com
চিন্ময় বাৰ্মাৰ "যখিনী" ৰ প্ৰথমটো টিজাৰঃ আকৰ্ষণ কৰিছে দৰ্শকক- 1

চিন্ময় বাৰ্মাৰ “যখিনী” ৰ প্ৰথমটো টিজাৰঃ আকৰ্ষণ কৰিছে দৰ্শকক-

মুক্তি লাভ কৰিছে চুটি ছবি “যখিনী” ৰ টিজাৰ। মুক্তিৰ পিছতেই ই লাভ কৰিছে বহুল জনপ্ৰিয়তাৰ লগতে জনসাধাৰণৰ সঁহাৰি। কিয়নো পূৰ্বে এনেধৰণৰ বিষয়বস্তুৰ সৈতে চুটি ছবি নিৰ্মাণৰ পৰিকল্পনা হয়টো অইনে কৰা নাই অথবা এনেধৰণৰ চুটি ছবিৰ উপভোগ হয়টো দৰ্শকে কৰা নাই। উক্ত চুটি ছবিখনৰ টিজাৰটোৱে দৰ্শকৰ হৃদয়ত এক উখল-মাখলৰ সৃষ্টি কৰাত সক্ষম হৈছে। আচম্বিত কৰাৰ সমান্তৰালকৈ এই টিজাৰটোৱে দৰ্শকক চুটি ছবিখনক লৈ উৎসাহিত কৰি তোলাতো বহুল হাৰত সক্ষম হৈছে। চিন্ময় বাৰ্মাৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনে আহিবলগীয়া সময়ত দৰ্শকক যে বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব সেয়া হয়টো একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। দৰ্শকে আচলতে সদায় নতুনত্ব তথা ব্যতিক্ৰমী বস্তুৰ সন্ধান কৰে; আমাৰ প্ৰত্যেকজনে সৰু থাকোতে ককা-আইতা আৰু জ্যেষ্ঠ জনে এবাৰ নহ’লেও এবাৰলৈ এই “যখিনী” ৰ প্ৰসংগ সমুখলৈ আনিছিলেই। আমি প্ৰত্যেকেই “যখিনী” ৰ যথোপযুক্ত সাৰমৰ্ম নুবুজিলেও আচলতে ভয় খাইছিলো।


এই পৰিচালকগৰাকীয়ে আচলতে কেৱল মাত্ৰ এই বিষয়টোৰ আধাৰতেই নহয়; আহিবলগীয়া সময়ত এওঁৰ সৃষ্টিত আৰু অধিক নতুন সন্ধানৰ সুযোগ লাভ কৰিব আপুনি। কাৰণ এই পৰিচালক গৰাকীৰ পৰিচালনাৰে আগন্তুক সময়ত মুক্তি লাভ কৰিব আন এখন চুটি ছবি “ঘোঁৰাপাক”।ইতিমধ্যে এই চুটি ছবিখনৰো শ্বুটিং চিড্যুল সম্পূৰ্ণ হৈ উঠিছে। “যখিনী”ৰ দৰেই এই “ঘোঁৰাপাক” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ খনেও মুকলিৰ পিছতেই জনসাধাৰণৰ ধ্যান টানিবলৈ সক্ষম হৈছিল। উৎকন্ঠিত হৈছিল দৰ্শক সৰুৰ পৰাই শুনি থকা এই বিয়য়সমূহক স্ক্ৰীণত উপভোগ কৰিবলৈ। শেহতীয়াকৈ তেওঁৰ দ্বাৰা পূৰ্বে নিৰ্মিত এখন চুটি ছবি “মৰমে ৰিঙিয়ায়” উপলদ্ধ হৈছিল Moviesainta.com ত।

চিন্ময় বাৰ্মাৰ "যখিনী" ৰ প্ৰথমটো টিজাৰঃ আকৰ্ষণ কৰিছে দৰ্শকক- 2


আৰু, চুটি ছবিখন উপলদ্ধ হোৱা পিছতেই ই চুমুক দিলে সফলতাত। উক্ত এপটোত “টপ মষ্ট ভিউচ” থকা প্ৰকল্প সমূহৰ ভিতৰত চিন্ময় বাৰ্মাৰ চুটি ছবি “মৰমে ৰিঙিয়ায়” য়ে দখল কৰিছে দ্বিতীয়টো স্থান।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform