Rupaliparda.com
জয় বৰুৱাৰ কন্ঠত মুক্তি লাভ "পৰিধি ভাঙি"; কি আছে এই গীতটিত?- 1

জয় বৰুৱাৰ কন্ঠত মুক্তি লাভ “পৰিধি ভাঙি”; কি আছে এই গীতটিত?-

শেহতীয়াকৈ জয় বৰুৱাৰ কন্ঠৰে মুক্তি লাভ কৰিছিল এটি গীত “পৰিধি ভাঙি”। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি থকা এগৰাকী কন্ঠশিল্পী জয় বৰুৱাৰ প্ৰায় প্ৰত্যেকটো সৃষ্টিত অংকুৰিত হয় থাকে নতুন বিষয়; যিয়ে জনসাধাৰণক সংযোগ কৰি ৰখাত সহায় কৰে। সদ্যমুক্তিপ্ৰাপ্ত “পৰিধি ভাঙি” শীৰ্ষক গীতটিত ৮০ দশকৰ শেষৰ ফালে পাঁচগৰাকীনাৰীৰ জীৱন আৰু কেৰিয়াৰৰ সংগ্ৰামৰ কাহিনীক বৰ্ণোৱা হৈছে। সমাজে গঢ়ি দিয়া এক তথাকথিত নিয়মৰ খোলাৰ পৰা ওলাই আহি সেই সময়ৰ কেইগৰাকী মান সংগ্ৰামী মহিলা শিল্পীয়ে নিজৰ ইচ্ছানুযায়ী সুন্দৰকৈ সঁজাই লোৱা পেছাগত জীৱনটোক লৈয়ে পৰিচালক পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছে এখন তথ্যচিত্ৰ “Breaking The silence”। এই তথ্যচিত্ৰখনৰেই প্ৰমোচনেল গীত “পৰিধি ভাঙি” ত কন্ঠদান কৰিছে জয় বৰুৱাই। গীতটি লিখিছে ইবচন লাল বৰুৱাই; ঘৰুৱা দৰ্শকৰ সমুখত নহ’লেও এই তথ্যচিত্ৰখনক বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহ সমূহলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছে তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই। সংগীত ক্ষেত্ৰখনৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতা ৰূপায়নৰ ক্ষেত্ৰত সদায় নিজক সক্ৰিয় কৰি ৰখা জয় বৰুৱাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া সেয়া হয়টো নক’লেও প্ৰত্যেকজন সংগীতপ্ৰেমী শ্ৰোতায়ে উপলদ্ধি কৰিব পাৰে।


আমি যদি আকৌ এবাৰ এই তথ্যচিত্ৰখনৰ প্ৰসংগলৈ আহো তেতিয়াহ’লে ক’ব লাগিব যে “সুৰ সমলয়” নামে এক মিউজিকেল বেণ্ডৰ গঢ় দিয়া পাঁচগৰাকী মহিলাৰ গোটে যেতিয়া মিউজিকৰ দ্বাৰা এখন মঞ্চত উঠি সামাজিক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰে তেতিয়া সেই সময়ছোৱাৰ জনসমাজৰ পৰা লাভ কৰা থকা-সৰকা, ককৰ্থনা ইত্যাদিক সৰোগত কৰি আগবাঢ়ি আহি “অসম আন্দোলন” ৰ সময়ছোৱাত সংগীতেৰে বিপ্লৱৰ সূচনা কৰা উক্ত মিউজিকেল বেণ্ডটোৰ কাহিনীক লৈয়ে নিৰ্মাণ কৰা হৈছে “Breaking The Silence”। “পৰিধি ভাঙি” গীতটিতো তথ্যচিত্ৰখনৰ এক চমু আভাষ দিয়া হৈছে জনসাধাৰণক; ৩০ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখন দৰ্শকে নজনা আৰু প্ৰায় কম সংখ্যক লোকৰ কাণত পৰা পাঁচগৰাকী বিপ্লৱী মহিলা শিল্পীৰ কাহিনী, সমাজৰ চৰ্তাৱলী সমূহক উফৰাই আগবঢ়া ক্ষেত্ৰত এওঁলোকৰ প্ৰতিদানক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে।

জয় বৰুৱাৰ কন্ঠত মুক্তি লাভ "পৰিধি ভাঙি"; কি আছে এই গীতটিত?- 2


ইয়াৰ পূৰ্বেও পৰিচালক পাৰ্থজিৎ বৰুৱাই সাক্ষাৎকাৰ যোগে জনাইছিল যে কেৱল অসম তথা ভাৰতবৰ্ষৰ বুলিয়ে নহয়; এই তথ্যচিত্ৰখনে বিশ্বৰ প্ৰতিগৰাকী নাৰীক সংযোগ কৰিবলৈ সক্ষম হ’ব। নাৰীৰ প্ৰতিবাদী কন্ঠ যাতে সাৰ্বজনীনভাৱে আগবাঢ়ি যায় তাৰ চেষ্টাতেই নিৰ্মাণ কৰি উলিওৱা হৈছে “Breaking The Silence”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform