Rupaliparda.com
পোষ্ট-প্ৰডাকচনত ব্যস্ত অৰিন্দম কৃষ্ণাত্ৰেয়ৰ অসমীয়া প্ৰথম চুপাৰহিৰো' ছবি "AVR" 1

পোষ্ট-প্ৰডাকচনত ব্যস্ত অৰিন্দম কৃষ্ণাত্ৰেয়ৰ অসমীয়া প্ৰথম চুপাৰহিৰো’ ছবি “AVR”

চলিত বৰ্ষটোৱে প্ৰায় সমূহ বিভাগত, প্ৰত্যেকৰে কামত স্তব্ধতা সানিলে; নহয়নে? প্ৰায় প্ৰত্যেকেই বহু সময়ত উপলদ্ধি কৰিছে শূণ্যতা; আচলতে চলিত বৰ্ষটোৰ প্ৰায় ভাগ সময়ে আছিল বিভিন্ন জনৰ বাবেই আছিল হতাশপূৰ্ণ। মনোৰঞ্জন ক্ষেত্ৰখনলৈ অহা স্তব্ধতাৰ পিছতেই বহু ছবিৰ শ্বুটিঙৰ পৰা আৰম্ভ কৰি ৰৈ গৈছিল মুক্তিৰ তাৰিখ; প্ৰায় এমাহ-দুমাহ নহয়। মুক্তিৰ বাবে ছবি সমূহ ৰ’ব লগা হৈছিল প্ৰায় এটা বছৰ পিছলৈ। স্তব্ধতা নহা হ’লে হয়টো এইটো বছৰৰ ভিতৰতে জনসাধাৰণে প্ৰথমবাৰৰ বাবে উপভোগ কৰিবলৈ পাৰিলেহেঁতেন প্ৰথমখন অসমীয়া চুপাৰহিৰো’ ছবি AVR: Advik Vs Ray। হয়, আপোনালোকে ঠিকেই শুনিছে আহিবলগীয়া সময়ত অসমীয়া চলচিত্ৰপ্ৰেমী দৰ্শকে উপভোগ কৰিবলৈ পাব এখন অসমীয়া চুপাৰহিৰো’ ছবি। আমি প্ৰায়ে চুপাৰহিৰো’ অথবা এনে কোনো শক্তিক লৈ আকৰ্ষণ অনুভৱ কৰো যিয়ে কিছু অলৌকিক কাৰ্য সম্পাদন কৰে। নৱপ্ৰজন্মৰ পৰিচালক সমূহৰ ন-ন সৃষ্টি সমূহ আমি ইতিমধ্যে উপভোগ কৰিছো আৰু এওঁলোকৰ বিষয়বস্তু সমূহত থকা নতুন ধাৰাইও তেওঁলোকৰ সৃষ্টিসমূহ গ্ৰহণযোগ্য কৰি তুলিছে।

পোষ্ট-প্ৰডাকচনত ব্যস্ত অৰিন্দম কৃষ্ণাত্ৰেয়ৰ অসমীয়া প্ৰথম চুপাৰহিৰো' ছবি "AVR" 2


নৱাগত পৰিচালক অৰিন্দম কৃষ্ণাত্ৰেয়ৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত ভি.এফ.এক্সৰ ভৰপূৰ পয়োভৰ দেখিবলৈ পোৱা যাব অৰ্থাৎ উক্ত ছবিখনত থাকিব ৬শ টাতকৈও অধিক ভি.এফ.এক্স শ্বটচ। কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে ব্ৰজেন নাথ শৰ্মা; পোষ্ট প্ৰডাকচনত থকঅ এই ছবিখনত থাকিব আন এটা নতুন কথা। চুপাৰহিৰো’ ছবিসমূহত আমি প্ৰায় এজন চুপাৰহিৰো’ জনক অধিক শক্তিশালী যেন অনুভৱ কৰো; কিন্তু এইবাৰ এই ছবিখনত ভিলেইন গৰাকীৰ তাত অধিক শক্তি অথবা মনোবল। উল্লেখ্য যে, ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ণৱ আয়ানে আৰু আনহাতে খলনায়ক অৰ্থাৎ ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰিছে প্ৰাঞ্জল শইকীয়াই। ছবিখনৰ নায়িকাৰ চৰিত্ৰত আছে নিহা ৰাণী দাস। দৃশ্যগ্ৰহণৰ দায়িত্বত আছে অৰিন্দমৰ লগতে কৈলাশ দুৱৰা আৰু নাছিৰুল হুচেইন।

পোষ্ট-প্ৰডাকচনত ব্যস্ত অৰিন্দম কৃষ্ণাত্ৰেয়ৰ অসমীয়া প্ৰথম চুপাৰহিৰো' ছবি "AVR" 3


অসমীয়া দৰ্শকে “হাই এক্সন” দৃশ্যৰ সোঁৱাদ ল’ব বুলি ক’ব পৰা এই ছবিখনে ২০২১ চনৰ অক্টোবৰত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে।। ছবিখনক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform