Rupaliparda.com
"ILLEGAL" ৰ মশ্বন পিকচাৰে লগাইছে খলকনিঃ মুক্তিলৈ অপেক্ষাৰত দৰ্শক- 1

“ILLEGAL” ৰ মশ্বন পিকচাৰে লগাইছে খলকনিঃ মুক্তিলৈ অপেক্ষাৰত দৰ্শক-

পিছতেই মশ্বন পিকচাৰখনে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে জনসাধাৰণৰ। এই চিৰিজখনৰ কাহিনীয়ে যে প্ৰত্যেকজন জনসাধাৰণক ৰোমাঞ্চিত কৰিব সেয়া একাষাৰে কয় দিলেও হয়টো অতিৰঞ্জিত নহ’ব। এই ৱেব চিৰিজখনে শ্বুটিং সময়ছোৱাৰে পৰা জনসাধাৰণৰ হৃদয়ত খলকনিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল; ইয়াত মূখ্য চৰিত্ৰ ৰূপায়িত ৰবি শৰ্মাৰ ফিটনেছ তথা তেওঁৰ দমদাৰ লুকটোৱে যে এই ৱেব চিৰিজখনক আন এক পৰ্যায়লৈ তুলি নিবলৈ সক্ষম হ’ব সেয়া স্পষ্ট হৈ পৰিছে। ৰবি শৰ্মাৰ কাহিনী আৰু পৰিচালনা তথা দৃশ্যগ্ৰহণৰ দায়িত্বত থকা সুব্ৰত কাকতিৰ পৰিচালনাৰে আহিবলগীয়া “ILLEGAL” শীৰ্ষক এই ৱেব চিৰিজখন অসমীয়া সফল প্ৰকল্পৰ ভিতৰত এটা হ’ব বুলি এইবাবেই কোৱা হৈছে কিয়নো ইয়াক লৈ শুভ মহুৰতৰ দিনটোৰ পৰাই জনসাধাৰণৰ আকৰ্ষণৰ সৃষ্টি হৈছিল। পূৰ্বেও কেইবাবাৰো কৈছো যে একোটা নতুন বিষয়ক লৈ দৰ্শক সদায় উৎসাহী।


মননশীল কাহিনীৰে সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী এই ৱেব চিৰিজখনৰ প্ৰযোজনা কৰিছে NIRI MEDIA (OPC) PVT. LTD য়ে। একচনেৰে ভৰপূৰ “ILLEGAL” ৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে আৰু সহযোগী দৃশ্যগ্ৰহণকাৰী হৈছে উত্তম কলিতা। ৱেব চিৰিজ খনৰ আন আন কেইবাটাও চৰিত্ৰ ৰূপায়ন কৰিছে ৰিতীষা খাউণ্ড, অৰ্জুন, সোণমনি শৰ্মা, সিদ্ধাৰ্থজ্যোতি মূখাৰ্জীকে ধৰি কেইবাগৰাকীও ন-পূৰণি অভিনেতা অভিনেত্ৰীয়ে। হেমন্ত গগৈৰ সহযোগী পৰিচালনাৰ লগতে ইয়াত সহঃ পৰিচালনাৰ দায়িত্বত আছে সমীৰণ দাস, নিতু খনিকৰ আৰু জ্যোতিষ্মান চেতিয়া। ৰূপসজ্জা আৰু সাজসজ্জা বিজিয়েতা লগতে কমলৰ। চিৰিজ খনৰ সামগ্ৰিক ব্যৱস্থাপনা অৰ্ণৱ হাজৰিকাৰ। ৰবি শৰ্মাৰ এই উল্লেখনীয় এই প্ৰকল্পটোক বৰ্তমান উৎকন্ঠিত প্ৰতিজন সাধাৰণ অনুৰাগী। “ILLEGAL” ৰ মশ্বন পিকচাৰে লাভ কৰা জনপ্ৰিয়তাৰ পিছতেই এই কথা স্পষ্ট হৈ পৰিছে।

"ILLEGAL" ৰ মশ্বন পিকচাৰে লগাইছে খলকনিঃ মুক্তিলৈ অপেক্ষাৰত দৰ্শক- 2


ৰবি শৰ্মা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এনে এগৰাকী অভিনেতা যিগৰাকী অভিনেতা অভিনয়ৰ সমান্তৰালকৈ মনোনিৱেশ কৰে সামাজিক দায়ৱদ্ধতাৰ ক্ষেত্ৰতো আগৰণুৱা। প্ৰতিটো সময়ত স্থিতপ্ৰজ্ঞ বিচাৰ-বিবেচনা ৰখাৰ বাবেই তেওঁৰ অনুৰাগীৰ শাৰীও দীঘলীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform