Rupaliparda.com
"লাইফ ইন এ পাপেট" ছবিখনলৈ আন্তঃৰাষ্ট্ৰীয় সন্মানঃ 1

“লাইফ ইন এ পাপেট” ছবিখনলৈ আন্তঃৰাষ্ট্ৰীয় সন্মানঃ

অসমীয়া চলচিত্ৰ সমূহে ইটোৰ পিছত সিটোকৈ গৌৰৱ কঢ়িয়াইছে অসমীয়া জনসাধাৰণৰ বাবে। এটা-এটাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে এই ছবিসমূহ; শেহতীয়াকৈ “লাইফ ইন এ পাপেট” শীৰ্ষক ছবিখনে লাভ কৰিছে বহুল চৰ্চা। উক্ত ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় চাৰিটা শাখাত বঁটা লাভ কৰিবলৈ সক্ষম হয়।পর্ট ব্লেয়াৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় শাখাত শ্ৰেষ্ঠ ছবিৰ লগতে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। কালদিয়া নদীৰ কাষত কেৱলমাত্ৰ কেনন ৫ ডি কেমেৰাৰে আগষ্ট মাহত শ্বুটিং সম্পন্ন কৰা এই ছবিখনে অসমৰ পুতলা নাচৰ ইতিহাসৰ লগতে ছবিখনত বৰ্ণোৱা হৈছিল ডাইন হত্যাৰ লগতে সম্প্ৰতি অসমৰ কিছু নিয়ম-নীতি। অসম তথা অসমীয়ালৈ বিভিন্ন সময়ত গৌৰৱ কঢ়িওৱাৰ ক্ষেত্ৰত সদায় আগৰণুৱা হৈ থকা অসমীয়া চলচিত্ৰ সমূহত একোটা বিষয়বস্তুৰ উচ্চ মানদণ্ডৰ উপস্থাপন দেখিবলৈ পোৱা যায়।

"লাইফ ইন এ পাপেট" ছবিখনলৈ আন্তঃৰাষ্ট্ৰীয় সন্মানঃ 2
"লাইফ ইন এ পাপেট" ছবিখনলৈ আন্তঃৰাষ্ট্ৰীয় সন্মানঃ 3


উক্ত ছবিখন পৰিচালনাৰ দায়িত্বত আছে ৰাজেন দাস। এইখিনিতে আপোনালোকক জনাই থওঁ যে, “লাইফ ইন এ পাপেট” শীৰ্ষক এই চিনেমাখনে পশ্চিম বংগৰ শান্তি নিকেটনত হোৱা ১৭সংখ্যক টেগ’ৰ আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত কাহিনীমূলক চলচ্চিত্ৰৰ শাখাত “উৎকৃষ্ট কৃতিত্বৰ বঁটা” লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.