Rupaliparda.com
জুবিন গাৰ্গ আৰু নেকিবৰ যুঁটীয়া কন্ঠৰে "ছোৱালী চাবি"- 1

জুবিন গাৰ্গ আৰু নেকিবৰ যুঁটীয়া কন্ঠৰে “ছোৱালী চাবি”-

হাৰ্টথ্ৰৱ শিল্পী জুবিন গাৰ্গে কেৱল মাত্ৰ নিজৰ গীতেৰেই নহয়; তেওঁ উঠি অহা প্ৰজন্মৰ সৈতেও বহু গীতত কন্ঠদান কৰা আমি শুনিছো। শেহতীয়াকৈ কন্ঠশিল্পী নেকিবৰ সৈতে জুবিন গাৰ্গৰ যুঁটীয়া কন্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন গীত “ছোৱালী চাবি”। ৰেকিবুলৰ কথা আৰু সুৰেৰে আৰু পুলক নাথৰ সংগীতেৰে মুক্তিপ্ৰাপ্ত গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছে সমাদৰ শ্ৰোতা-দৰ্শকৰ। “টেক্সি গাড়ী” লৈ শীৰ্ষক গীতটিৰ পৰা বহুল জনপ্ৰিয়তাত চুমুক দিয়া নেকিবৰ বৰ্তমান প্ৰায় প্ৰতিটো গীতে জনপ্ৰিয় বুলিও ক’লেও হয়টো বেছি কোৱা নহ’ব। আনহাতে, জুবিন গাৰ্গ হৈছে এনে এগৰাকী শিল্পী যাৰ কেৱল মাত্ৰ নামটোৱে যথেষ্ট অনুৰাগীক উৎসাহিত কৰিবলৈ আৰু তেনেক্ষেত্ৰত তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰত্যেকটো গীততেই জনসাধাৰণৰ সঁহাৰি লাভ কৰাটো তেনে সৰু কথা। অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্মদিন তথা “চেতনা দিৱস” ৰ দিনটোত জুবিন গাৰ্গৰ একক কন্ঠৰে মুক্তি লাভ কৰিছিল গীত “অগ্নি বীণাৰ তান”। “চিলা” এলবামত অন্তৰ্ভূক্ত তৃতীয়টো গীত “অগ্নি বীণাৰ তান” মুকলি হোৱাৰ পিছতেই আকৌ এবাৰ পূৰণি জুবিন গাৰ্গক উভতাই পাইছিল যেন অনুৰাগীয়ে। এটা কবিতাক গীত আকাৰে প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিছিল হাৰ্টথ্ৰৱ গৰাকীয়ে।

জুবিন গাৰ্গ আৰু নেকিবৰ যুঁটীয়া কন্ঠৰে "ছোৱালী চাবি"- 2


অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত এইবাৰ মুকলি কৰি দিছে “অগ্নি বীণাৰ তান”। গীতটিৰ প্ৰতিটো শব্দ তথা শাৰীয়ে অনুৰাগীৰ মনত ইমান অধিককৈ ঠাই বনাবলৈ সক্ষম হৈছিল মুক্তিৰ দিন ধৰি বৰ্তমানলৈ হিট লিষ্টত উক্ত গীতটো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.