Rupaliparda.com
২০২০ চনটোৰ সমাপ্তি আৰু ২০২১ ৰ আৰম্ভণি দীপলিনা ডেকাৰ "দলিচা" ৰেঃ 1

২০২০ চনটোৰ সমাপ্তি আৰু ২০২১ ৰ আৰম্ভণি দীপলিনা ডেকাৰ “দলিচা” ৰেঃ

দীপলিনা ডেকা বুলি ক’লেই একাংশ যুৱপ্ৰজন্মৰ হৃদয়ৰ খলকনি; সুন্দৰতাৰে একাংশক যেনেদৰে আকৰ্ষণ কৰে দীপলিনাই ঠিক তেনেদৰে তেওঁৰ প্ৰত্যেকটো প্ৰকল্পই আমোদ প্ৰদান কৰিবলৈ সক্ষম হয় শ্ৰোতা-দৰ্শকক। “চুই দিয়ানা” ত কন্ঠদান কৰি মন জুৰ পেলোৱা দীপলিনাৰ অভিনয়ৰো চৰ্চা অৱশ্যে নোহোৱাকৈ নাই! ইনষ্টাগ্ৰামত সক্ৰিয় হৈ থকা এইগৰাকী কন্ঠশিল্পীৰ আহিবলগীয়া প্ৰকল্পটোৰ নাম হৈছে “দলিচা”। চলিত বৰ্ষৰ জানুৱাৰী মাহত মুক্তিপ্ৰাপ্ত গীতটিৰ লিৰিকেল ভিডিঅ’ই সমাদৰ লাভ কৰা পিছতেই এই গীতটিৰ ভিডিঅ’ উপভোগ কৰিবলৈ পাব জনসাধাৰণে। গীতটিত কথা আৰু সুৰ হৈছে চিন্ময় কৌশিকৰ লগতে জয় নিৰ্বাণৰ। “দলিচা” ক নিজ সংগীত ব্যৱস্থাপনাৰে সুন্দৰকৈ সঁজাইছে পলাশ গগৈয়ে আৰু গীতটিত শব্দ মিশ্ৰণ দিগন্ত বৰদলৈৰ লগতে শব্দ গ্ৰহণ পিংকু দাসৰ। আনহাতে, আহিবলগীয়া গীতটিৰ ভিডিঅ’টোত দীপলিনা ডেকাৰ সৈতে দেখিবলৈ পোৱা যাব এক যুঁটি, তেওঁৰ সৈতে এইবাৰ অভিনয় কৰিব অভিনেতা সুব্ৰত দেউৰীয়ে। ইতিমধ্যে অভিনেতা গৰাকীৰ অভিনয় কেইবাটাও মিউজিক ভিডিঅ’ৰ উপৰিও ধাৰাবাহিকত উপভোগ কৰিছে দৰ্শকে।

২০২০ চনটোৰ সমাপ্তি আৰু ২০২১ ৰ আৰম্ভণি দীপলিনা ডেকাৰ "দলিচা" ৰেঃ 2


আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে সুদক্ষ পৰিচালক শচীন বৰুৱাই। পৰিচালনাৰ এই দিশটোত শচীন বৰুৱাৰ জনপ্ৰিয়তাৰ কথাও নুই কৰিব পৰা নাযায়। গুৱাহাটী আৰু তেজপুৰৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ সম্পন্ন হোৱা এই গীতটিৰ দৃশ্যগ্ৰহণ বিতুল দাসৰ। “ভবাই নাছিলো” ৰ জনপ্ৰিয়তা মাৰ নৌ-যাওঁতেই দীপলিনাৰ আন এক গীতৰ ভিডিঅ’ৰ মুক্তিৰ খবৰে ইতিমধ্যে উৎকন্ঠিত কৰি তুলিছে কন্ঠশিল্পী গৰাকীৰ প্ৰত্যেকগৰাকী অনুৰাগীক। কন্ঠশিল্পী গৰাকীৰ কন্ঠৰ সমান্তৰালকৈ তেওঁৰ ভিন্ন সামাজিক দিশত কৰা মন্তব্যও আচলতে লেখত ল’বলগীয়া; এক কথাত ক’বলৈ গ’লে স্থিতপ্ৰজ্ঞ প্ৰকৃতিটোৱেও আচলতে দীপলিনা ডেকাৰ প্ৰতি অনুৰাগীক হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

২০২০ চনটোৰ সমাপ্তি আৰু ২০২১ ৰ আৰম্ভণি দীপলিনা ডেকাৰ "দলিচা" ৰেঃ 3


“দলিচা” ৰ মুক্তিৰ তাৰিখ এতিয়াও সমুখলৈ অহা নাই যদিও ২০২০ চনটোৰ সমাপ্তি আৰু আহিবলগীয়া এটি সুন্দৰ বৰ্ষৰ আৰম্ভণি হ’ব দীপলিনা ডেকাৰ এটি গীতেৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.