নৃত্যৰ সমান্তৰালকৈ অভিনয় ক্ষেত্ৰখনত সমানেই নিজৰ নাম উজ্বলাই ৰখা ৰূপচন্দা শৰ্মাক শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল পৰিচালনাৰ ক্ষেত্ৰখনৰ সৈতে। তেওঁৰ দ্বাৰা পৰিচালিত এটি গীতৰ ভিডিঅ’ই ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ সঁহাৰি তথা সমাদৰ। “এজাক সপোন” শীৰ্ষক এটা গীতৰ জৰিয়তে এগৰাকী পৰিচালক ৰূপে দৰ্শকৰ মাজলৈ ওলাই অহাত ৰূপচন্দা শৰ্মা সফল হৈছে বুলি ক’ব পৰা যায়। এই প্ৰসংগতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা ৰূপচন্দা শৰ্মাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁক যেতিয়া পৰিচালনা ক্ষেত্ৰখনত কিয়নো জড়িত হোৱাৰ মন মেলিলে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “আচলতে, পৰিচালনা দিশটোত মোৰ পূৰ্বৰ পৰাই ইচ্ছা আছিল বুলিয়ে কওঁ নে ধাউতি বুলিয়ে ক’ম এই ক্ষেত্ৰখনৰ প্ৰতিওল মোৰ বেলেগ এটা টান আছিল। সেইবাবেই মই যেতিয়া সুবিধা পাওঁ পৰিচালক একোগৰাকীৰ একেবাৰেই কাষতে থাকি তেওঁৰ কামবোৰৰ পৰ্যালোচনা চাবলৈ চেষ্টা কৰিছিলো। “দুটি মনৰ জোনাক” তো মই আগে ভাগে গৈ সহকাৰী পৰিচালক ৰূপত কামবোৰ কৰি থাকিবলৈ চেষ্টা কৰিছিলো আৰু আনহাতে মই বৰ্তমান ব্যস্ত হৈ থকা “শকুন্তলা” ধাৰাবাহিকখনৰ পৰিচালক সুনয়না বাৰ সৈতেও বেছি সময় কটাবলৈ চেষ্টা কৰো। কাৰণ, পৰিচালনাৰ পৰিসৰটো বৰ বহল গতিকে মই চেষ্টা কৰো কেমেৰা এংগল অথবা লেন্স সমূহৰ বিষয়ে অলপ কিছু বুজিবলৈ। পৰিচালনা দিশটোত মোৰ কোনো আনুষ্ঠানিক শিক্ষা নাই, আৰু সঁচাকৈ ক’বলৈ গ’লে মই নাভাবো যে কোনো এটা বিষয়ত পাৰ্গত হ’বলৈ হ’লে কোনো স্কুলীয়া পাঠ্যক্ৰমৰ প্ৰয়োজন; নিজৰ ইচ্ছা তথা মনোবলৰ বেছি প্ৰয়োজন হয়।”
তেওঁ আগলৈ কয় যে, “মই যিমান পাৰো, দুখন-তিনিখন মান কিতাপ পঢ়ি অথবা পৰিচালকৰ সৈতে একেবাৰে কাষত থাকি পৰিচালনা দিশটোৰ যিখিনি সৰু সৰু বস্তু সেইখিনি অৰ্জন কৰাৰ চেষ্টা কৰি আছো, অভিজ্ঞতা গ্ৰহণ কৰি আছো। আৰু, সেইবাবে হয়তো “এজাক সপোন” শীৰ্ষক এই গীতটো কৰোতে মোৰ ইমান বেছি কষ্ট হোৱা নাছিল কাৰণ মই বহুখিনি শিকি আহিছিলো। এগৰাকী অভিনেত্ৰী, নৃত্যশিল্পী ৰূপে মই যিমান দিওঁ, হয়টো তাতকৈ অধিক মই এগৰাকী পৰিচালক ৰূপে দিব পাৰিম কিয়নো এই বিষয়টোক লৈ মোৰ মনত যথেষ্ট ভাববোৰে খেলা কৰি থাকে। এই ভাববোৰৰ সৈতে মই অইনকো বাট দেখুৱাই আগবঢ়াই লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস হয়; আমি কেতিয়াবা ভয়ত, সংকোচত বহুখিনি কামৰ পৰা আঁতৰি থাকো কিন্তু মই ভৱিষ্যতলৈ আগুৱাই মোৰ পৰিচালনা দিশটোও মজবুত কৰিব বিচাৰো।”
ৰূপচন্দা শৰ্মাৰ আহিবলগীয়া ধাৰাবাহিক “শকুন্তলা” ত তেওঁৰ চৰিত্ৰটোৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,”দুটি মনৰ জোনাক” ধাৰাবাহিকখনতকৈ “শকুন্তলা” ৰ চৰিত্ৰটো পৃথক। মই চৰিত্ৰটোৰ বিষয়ে এতিয়াই গোটেই খিনি কয় নিদিওঁ বাৰু, তথাপিও এটা কথা ক’ম যে “শকুন্তলা” ধাৰাবাহিকখনৰ শেষ পৰ্যায়লৈ মোক আপোনালোকে দেখিবলৈ নাপাব। মোৰ চৰিত্ৰটোৰ নাম “শেৱালি”; বৰ মৰম লগা চৰিত্ৰ। তাইৰ নিজৰ এটা কাহিনী আছে ধাৰাবাহিক খনত, “দুটি মনৰ জোনাক” ত মোৰ চৰিত্ৰটো মৰ্ডাণ আছিল, কিন্তু “শেৱালি” এগৰাকী খুব কোমল অন্তৰৰ ছোৱালী। তাই সপোন দেখি ভাল পায়; আৰু গুৰুত্বপূৰ্ণ কথা এয়াই যে, “শেৱালি” ছোৱালীজনীৰ গাঁৱত জন্ম, তাইৰ চৰিত্ৰটো নিজৰ গাওঁৰ মাজতেই সীমাৱদ্ধ। গতিকে, মোৰ দুইটা চৰিত্ৰই এটা আনটোতকৈ বহু বেলেগ; আৰু সেইবাবেই এই চৰিত্ৰটো কৰিবলৈ মই উৎসাহী হৈছিলো।” ৰূপচন্দাৰ পৰিচালনাৰ দিশটোত আহিবলগীয়া প্ৰকল্পৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “পৰিচালনা দিশটোত আহিবলগীয়া সময়ত বহুখিনি পৰিকল্পনা কৰি থৈছো। আচলতে পৰিকল্পনা খিনি সাৰ্থক কৰিবলৈও আন এটা পৰিকল্পনাৰ প্ৰয়োজন আৰু তাৰ বাবে আমাৰ এটা টীম আছে; আমি কথা পাতি আছো। মই এটা বহুত দৃঢ় শিল্পত ভৰি দিছো, এগৰাকী পৰিচালকৰ উপস্থাপন শৈলীটো বৰ সুন্দৰ হয় গতিকে ঠিক তেনেদৰে মই যিখিনি কথা ভাবো বা কল্পনা কৰো সেইখিনি যদি মোৰ পৰিচালনাৰ সৈতে মই জনসাধাৰণক দেখুৱাব পাৰো তেতিয়াহে মই সফল হ’ম।
পৰিচালনা দিশটো অকণমান চেলেঞ্জিং বুলি ভাবো। কাৰণ এই দিশটোৰ দ্বাৰা কিছুমান একঘেয়ামী অৰ্থাৎ সচৰাচৰ চলি অহা বিষয়ক সলনি কৰিব পৰা যায়। যেনে এজনী ছোৱালী ধুনীয়া হ’লেহে অভিনেত্ৰী হ’ব পাৰিব অথবা ব’ডি থাকিলেহে এজন ল’ৰা অভিনেতা হ’ব পাৰিব তেনেধৰণৰ কিছু মানসিকতা আজিৰ নৱপ্ৰজন্মই সলনি কৰা দেখিছো। আমিনল কোন হয় এজন ল’ৰা বা এজনী ছোৱালী কেনেকুৱা হয় প্ৰশ্ন কৰিবলৈ! গতিকে এনে কিছুমান ধাৰাক সলনি কৰাৰ মানসিকতাৰে মই যে এই দিশটোত ওলাই আহিছো সেইবাবেও মই সুখী। ফেচ অৰিয়েন্টেড এই কনচেপ্টটোক অকণমান সময়ৰ পৰা বাবে বাদ দি প্ৰতিভাক গুৰুত্ব দিবলৈ মই বিচাৰিছো। “
Add comment