Rupaliparda.com
সুন্দৰ কনচেপ্ট আৰু সুন্দৰ কথাৰে "আগন্তুক"- 1

সুন্দৰ কনচেপ্ট আৰু সুন্দৰ কথাৰে “আগন্তুক”-

নৱপ্ৰজন্মৰ ন-ন সৃষ্টিয়ে আমাক প্ৰত্যেক দিনাই আমোদ দি আহিছে; কেতিয়াবা এওঁলোকৰ প্ৰকল্পই ইমানেই অধিক অভিভূত কৰি তোলে যে সাধাৰণজনৰ এওঁলোকৰ ওপৰত থকা বিশ্বাসবোৰ আৰু দুগুণ বাঢ়ি আহে। “আগন্তুক” শীৰ্ষক সদ্যমুক্তিপ্ৰাপ্ত গীতটিৰ বিষয়বস্তু তথা ইয়াৰ ভিডিঅ’টোৰ সাৰমৰ্মই ইতিমধ্যে সকলোকে গীতটিৰ প্ৰতি আকৰ্ষণ কৰি তুলিছে। নিজস্বতাৰ সন্ধানত কেতিয়াবা হাবাথুৰি খাই আমি প্ৰায়ে হতাশাৰ মাজত সোমাই পৰো। আচলতে, এনেবোৰ প্ৰসংগ উত্থাপন কৰিলেও সমাজৰ তথাকথিত নিয়মনুসৰি “বেয়া” সদৃশ এক ঋণাত্মক শব্দৰ প্ৰয়োগ হৈ পৰে। আনহাতে, এটা গীতেৰে এটা কাহিনীক উপস্থাপন কৰা আমি প্ৰায় দেখো। আজি-কালি প্ৰায় প্ৰতিটো গীতৰ সৈতে খাপ খোৱাকৈ একোটা কাহিনী থাকে যিয়ে জনসাধাৰণক আৰু অধিক সংযোগ কৰে; শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “আগন্তুক” শীৰ্ষক গীতটিৰ মাজেৰেও সম্প্ৰতি নৱপ্ৰজন্মৰ মাজত বুজাব নোৱাৰা অথবা অপ্ৰকাশিত অনুভূতিক প্ৰকাশৰ চেষ্টা কৰা হৈছে। সমান্তৰালকৈ, গীতটিৰ জনপ্ৰিয়তাৰ বিষয়ে আপুনি ইয়াৰ কমেন্টৰ যোগেৰেই দেখিবলৈ পাব। প্ৰত্যেককে গীতটিয়ে যে চুবলৈ সক্ষম হৈছে সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। গীতটিত কথা আৰু সুৰ দিয়াৰ উপৰিও ইয়াত কন্ঠদান কৰিছে ৰক্তিম প্ৰীতম দাসে; “প্ৰীতিৰ সুঁতি” শীৰ্ষক গীতটিৰ জৰিয়তে জনসাধাৰণৰ আৰু অধিক কাষ চাপিবলৈ সক্ষম হোৱা কন্ঠশিল্পী গৰাকীৰ আহিবলগীয়া প্ৰকল্প সমূহকলৈও অপেক্ষাৰত সকলো।


ইয়াত সংগীতৰ দায়িত্বত আছে কৌশিক শইকীয়াৰ লগতে পিয়ানো’ বজাইছে ময়ূৰ শইকীয়াই। গীতটিৰ ভিজুৱেল কনচেপ্ট আৰু আৰ্ট গীতাশ্ৰীৰ; ইয়াৰ ভিডিঅ’টোত অভিনয় কৰিছে প্ৰণামিকা আৰু অনুৰাধাই। প্ৰীতিস্না দত্তৰ দৃশ্যগ্ৰহণেৰে ইয়াত সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে ৰাশিশ্ৰুতি দাস। গীতটি বাণীবদ্ধ কৰিছে পাৰ্থজিৎ ৰয়ে; আটাইকেইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ চৰ্চা হৈছে এতিয়া চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

সুন্দৰ কনচেপ্ট আৰু সুন্দৰ কথাৰে "আগন্তুক"- 2


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত এই গীতটিয়েও শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তেওঁলোকৰ এই নতুন প্ৰচেষ্টাক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform