নতুন বছৰ বুলি ক’লেই সকলোৱে কিবা নহয় কিবা এটা নতুন কৰাৰ মন মেলে; পূৰণি ভুল বোৰত বিৰাম লগাই আকৌ তেনে এক ভুল নকৰাৰ মানসিকতাৰে আগবাঢ়ে সকলো। ন-ন সংকল্পৰে প্ৰতিশ্ৰুতিবদ্ধ হয় প্ৰত্যেক সাধাৰণজন আৰু শেহতীয়াকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰো অধিকাংশ শিল্পীয়ে আহিবলগীয়া কামবোৰৰ সৈতে হৈছে সংকল্পবদ্ধ। নৱপ্ৰজন্মৰ পৰিচালক, অভিনেতা/অভিনেত্ৰী, কন্ঠশিল্পীৰ লগতে এইটো বছৰতে নিজৰ সৃষ্টিৰে আৰু অধিক জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা একাংশ প্ৰতিভাই নতুন বৰ্ষটোতনো কি সংকল্প ল’লে তাকেই জানিবলৈ ৰূপালীপৰ্দাই সুধিছিল তেওঁলোকক প্ৰশ্ন। চাওঁচোন আহক নতুন বৰ্ষ অৰ্থাৎ ২০২১ক লৈ কাৰ কেনে পৰিকল্পনা?
প্ৰকাশ ডেকা (পৰিচালক)-

“New year resolution” বুলি ক’লে মোৰ ভাল লাগে। সঁচাকৈ মই সৰুৰে পৰা প্ৰতিটো নতুন বছৰত নাইবা প্ৰতিটো জন্মদিনত কিবা এটা বেয়া অভ্যাস এৰিবলৈ চেষ্টা কৰি আহিছো। ই মোক বহুখিনি সহায় কৰিছে। বিশেষকৈ ক’বলৈ গ’লে, মোৰ সৰুৰ পৰা কিছুমান শাৰিৰীক সমস্যা থকা বাবে প্ৰতিটো নতুন বছৰত “resolution” লৈ লৈ মোৰ খাদ্যাভ্যাস বহুত উন্নিত কৰিছো। এতিয়া মই দিনটোত যিখিনি খাওঁ সেয়া সম্পূৰ্ণ ৰূপে স্বাস্থ্যকৰ বা স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু উচিত সময়ত খাওঁ।
এইবাৰৰ resolution বুলি ক’লে মই আচলতে বহুত দিনৰ পৰা ভাৱি আছো যে মই অলপ কামৰ সময় বঢ়াব লাগে। মই বৰ সাংঘাতিক ধৰণে এলেহুৱা। কাম বিলাক কাইলৈৰ পৰা কৰিম, কাইলৈৰ পৰা কৰিম বুলি থৈ দিওঁতে এতিয়া হেঁচা মাৰি ধৰিছে। সেয়ে অলপ ব্যস্ত হ’বলৈ চেষ্টা কৰিম। আৰু সমাজৰ বহুত কথাই মোক খুব দুখ দি থাকে। ডিপ্ৰেচনত গুচি যাওঁ। মই তাৰ বাবে মই ঔষধ লৈ থাকিব লগীয়া হৈছে। এইবাৰ ভাবিছো, কামেই অস্ত্ৰ। মুখেৰে একো কৰিব নোৱাৰো। কামত যদি ভালকৈ সফল হ’ব পাৰো তেতিয়া যিখিনি পাৰো টকা পইচা খৰচ কৰি হ’লেও প্ৰকৃতিৰ বাবে কিছুমান কাম কৰিবলৈ মন আছে। আৰু, যিসকলে সততাৰে নীৰৱে কৰি আছে তেওঁলোকক সহায় কৰিবলৈ মন আছে। ধন্যবাদ।”
প্ৰাঞ্জল গৈয়াৰী(পৰিচালক)-

“২০২০ বৰ্ষটো আচলতে মোৰ বুলিয়ে নহয়, সকলোৰে বাবে এক সংঘৰ্ষময় বছৰ আছিল। কিন্তু এই বৰ্ষটোৰ “লক-ডাউন” ৰ আৰম্ভণিৰ প্ৰথমাৱস্থাতেই মই ভাবি লৈছিলো যে যিহেটো জীৱনত সংঘৰ্ষ চলিয়েই আছে গতিকে এই সময়খিনি অকণমান বেলেগকৈ ব্যৱহাৰ কৰিবলৈ চালো; য’ত মই আৰু মোৰ কেইজনমান বন্ধুৱে মিলি কেইখনমান চুটি ছবি নিৰ্মাণ কৰিলো য’ত জনসাধাৰণৰ বহুল সমাদৰ পালো। বাকী যদি মই আহো ২০২১ লৈ, এই অহা বৰ্ষটোক লৈ আমি কেৱল আশা কৰিব পাৰো। গতিকে মইও আশা কৰিছো যে মোৰ আহিবলগীয়া সপোনৰ ছবি “দ্যা শ্লেম বুক” খনে আকৌ এবাৰ ৰাইজৰ কাষ চপাত সক্ষম হওঁক বুলি; মই সংকল্পবদ্ধ হৈছো যে জনসাধাৰণক আমোদ প্ৰদান কৰিব পৰা বিষয়বস্তুৰে যাতে মই সদায় তেওঁলোকক মনোৰঞ্জন প্ৰদান কৰিব পাৰো।”
মিনাংক ডেকা (মুকাভিনয় শিল্পী)

” মই চচিয়েল মিডিয়াত যথেষ্ট সময় খৰচ কৰো। ২০২১ত সেইটো কমাবলৈ চেষ্টা কৰিম। বাহিৰা কিতাপ পঢ়াটো ক্ৰমাৎ কমি যোৱাত নিজৰো আচলতে ভাল লগা নাই; গতিকে এইটো বছৰত সেয়া চেষ্টাও অব্যাহত ৰাখিম। বিশেষকৈ, ২০২১ ত ১০০০ জন ছাত্ৰ-ছাত্ৰী মুকাভিনয়ৰ বিষয়ে শিকাবলৈ চেষ্টা কৰিম; এয়া মোৰ নতুন টাৰ্গেট বুলিয়ে ধৰিব পাৰে আৰু আনহাতে, “নিৰ্বাক” ৰ ফালৰ পৰা অইন ভিন্ন কাৰ্যসূচী হাতত লোৱা হ’ব।”
দীপান্বিতা ডেকা (কন্ঠশিল্পী)

“পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰিছো, আহিবলগীয়া ২০২১ বৰ্ষটো সকলোৰে ভালে কুশলে যাওঁক; কাৰণ ২০২০ বৰ্ষটোত অহা ক’ৰোণাতংকই প্ৰত্যেকৰে জীৱনবোৰ খেলি-মেলি কৰি পেলালে গতিকে মই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে ২০২১ য়ে সকলোৰে বাবে সুখ-সমৃদ্ধি কঢ়িয়াই আনক। নতুন বৰ্ষ বুলি সঁচাকৈ ক’বলৈ গ’লে মই বহুখিনি পৰিকল্পনা কৰি থৈছো। মোৰ “মিচাকৈ নক’বি” গীতটিক ৰাইজে ইমান বেছি মৰম দি তেওঁলোকে মোক বিশ্বাসত লৈ ল’লে গতিকে এই বছৰটোতো মই নতুন নতুন গীতেৰে যাতে ৰাইজক উপহাৰ দিব পাৰো তাৰেই আশা কৰিছো। ৰূপালীপৰ্দাৰ জৰিয়তে মোৰ আগন্তুক পৰিকল্পনাসমূহ আপোনালোকে জানিবলৈ পাবই লগতে মইও এতিয়াই জনাবলৈ পাই সুখী যে অহা মাঘ বিহুৰ আগত মোৰ “ভাল লগা ল’ৰাটো” শীৰ্ষক এটি নতুন গীতে লাভ কৰিব মুক্তি।”
হিমশেখৰ বৰঠাকুৰ (কন্ঠশিল্পী)-

“বহু ব্যৱস্থাৰে পাৰ হৈ গল ২০২০বৰ্ষটি। হৰ্ষ বিষাদৰ মাজতে অতি হেঁপাহেৰে অসমৰ ৰাইজলৈ আগবঢ়ালো কেইটিমান গীতৰ সম্ভাৰ। ২০২১ চনক আদৰিবলৈ পুনৰ কেইটিমান গীত হাতত লৈছো; শ্ৰোতাৰ পৰা পোৱা আদৰ -উৎসাহক আঁকোৱালি আগবাঢ়ি যোৱাৰ প্ৰয়াসৰে ২০২১ হওঁক সকলোৰে বাবে এটি মংগল শুভ বৰ্ষ। ভগৱানে যেন কালব্যাধি মহামাৰী ক’ৰোনা ৰ সমাপ্তি ঘটাই এয়ে কৰিছো কামনা।”
পিংকুল আহমেদ (সংগীত পৰিচালক)

“২০২০ ত কৰা ভুলবোৰৰ পুনৰাবৃত্তি ২০২১ ত নকৰো। আৰু অধিক সংগীত ৰাইজৰ মাজত উলিয়াই দিয়াৰ চেষ্টা কৰিম; এয়াও মনত ৰাখিম যাতে এই সংগীতে মোক দৈহিক আৰু মানসিক কষ্ট নিদিয়ে।”
আয়ানজিৎ দেৱ শৰ্মা (অভিনেতা)

“বিগত বছৰত কৰা ভুলবোৰৰ পৰা পোৱা অভিজ্ঞতা লৈ সকলো দিশৰ পৰা সম্পূৰ্ণ হোৱাৰ চেষ্টা কৰিম। অভিনয়ৰ লগতে শিক্ষাগত জীৱনটোৰেও আগবঢ়াৰ চেষ্টা কৰিম ২০২১ ত।
ৰাজনীশ শইকীয়া( কন্ঠশিল্পী)-

“২০২০ য়ে বহুত শিকালে, বহুখিনি আগবাঢ়িলো আগতকৈ। ভাল বেয়াৰ মাজৰ পাৰ্থক্যৰ লগতে জনপ্ৰিয়তা আহিলেও কেনেদৰে মাটিৰ মানুহ হৈ থাকিব লাগে সেই আটাইবোৰো বুজিলো। ঠিক তেনেদৰে, ২০২১ বৰ্ষটোতো যাতে আন বহু অভিজ্ঞতা লাভ কৰো, শিকিব পাৰো আৰু ভাল গান শ্ৰোতাক দিব পাৰো তাৰেই আশা কৰিছো। শেষত আটাইলৈ ইংৰাজী নৱবৰ্ষৰ শুভকামনা।
কুলদীপ শইকীয়া(কাৰ্টুনিষ্ট)-

“বহু উঠা-নমাৰ মাজেৰে ২০২০টো পাৰ হ’ল । প্ৰতি বছৰে যিদৰে সংকল্প লওঁ এইবাৰো আছে ল’বলগীয়া অথবা আমাৰ কৰিবলগীয়া । মানুহৰ লগত বহুত আপোন হৈ বিশ্বাস কৰিলোঁ আৰু লগতে আশা ৰাখিছিলোঁ । এতিয়াৰ পৰা সেইটো নাৰাখোঁ। কোনোবাই বেয়া পালেও বিনিময়হীন আৰ্ট কৰি কেতিয়াও নিদিওঁ । আৰু, বিশেষকৈ মোৰ আন এটা সংকল্প হ’ল যে, মই নতুনকৈ আৰ্টিষ্ট গ্ৰুপ এটা বনাম যাৰ দ্বাৰা আমাৰ অসমৰ বনাঞ্চল ধ্বংস কৰাটো প্ৰতিৰোধ কৰিম।”
বেদব্ৰত বৰা (অভিনেতা)-

২০২১ চনত মোৰ এই পেছাটোক লৈ দৃঢ় হ’ম। টকা বুলিয়েই নহয়; নিষ্ঠা, দৃঢ়তা আদি প্ৰতিটো বস্তুকেই নিজৰ সৈতে ৰখাৰ চেষ্টা কৰিম। অভিনয়ৰ দিশটোৰ প্ৰতি এই বছৰটোত নিজক উচৰ্গা কৰিম। “Zerothdrama” ইউটিউব চেনেলটোত চুটি ছবি আপলোডৰ চেষ্টা কৰিম আৰু আমি ইয়াৰ দ্বাৰা ৱেব চিৰিজ নিৰ্মাণৰো পৰিকল্পনা কৰিছো এইটো বছৰত।”
Add comment