Rupaliparda.com
নতুন বিকিনী ফটোৰে আকৌ দৰ্শকৰ কাষ চাপিছে দিশা পাটানীঃ 1

নতুন বিকিনী ফটোৰে আকৌ দৰ্শকৰ কাষ চাপিছে দিশা পাটানীঃ

বলীউডৰ ফিট অভিনেত্ৰী সকলৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী দিশা পাটানী। তেওঁ কেতিয়াবা ইয়াৰ বাবে ট্ৰোল হৈছে যদিও কেতিয়াবা আকৌ তেওঁৰ ফিগাৰৰ বাবে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে সাধাৰণ জনক।এইবাৰ আকৌ অভিনেত্ৰী গৰাকীৰ এখন ফটোৱে লাভ কৰিছে বহুল চৰ্চা। কোৱাৰেন্টাইনৰ সময়ছোৱাত চচিয়েল মিডিয়াত প্ৰায় একটিভ হৈ থকা অভিনেত্ৰী দিশাই শেহতীয়াকৈ মালদ্বীপলৈ গৈ সময় অতিবাহিত কৰাও আমি দেখিবলৈ পাইছিলো। সেই সময়ছোৱাৰ বিভিন্ন ফটো অথবা ভিডিঅ’ৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী গৰাকী।এইবাৰ আন এক বিকিনী পৰিহিত ফটোৱে লাভ কৰিছে চৰ্চা। এই ফটো খনত তেওঁ লাভ কৰিছে ১৩ লাখতকৈ অধিক ভিউৱাৰচ।

এম.এছ ধোনীৰ দ্বাৰা বলীউড ছবিত নিজ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছৰে পৰাই তেওঁ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হয় পৰে। তেওঁ বিগত সময়ছোৱাত বিভিন্ন ফিটনেছ ভিডিঅ’ আপলোড কৰাৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে ব্যক্তিগত ইউটিউব চেনেল এটাও খুলি লয়। দিশা পাটানীৰ টাইগাৰ শ্ৰফৰ সৈতে থকা সম্পৰ্কৰ বাবেও তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। উল্লেখ্য যে, আগন্তুক সময়ছোৱাত অভিনেত্ৰী দিশাক ছলমান খানৰ বহু প্ৰত্যাশিত ছবি “ৰাধে” ত দেখিবলৈ পোৱা যাব। ছলমান খানৰ সৈতে কাম কৰা তেওঁৰ অভিনয় জীৱনৰ এইটোৱে হ’ব দ্বিতীয়টো প্ৰকল্প।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform