Rupaliparda.com
কৱীৰ সিঙৰ "maid" বনিতা খেৰাতৰ ব'ল্ডনেছঃ 1

কৱীৰ সিঙৰ “maid” বনিতা খেৰাতৰ ব’ল্ডনেছঃ

হিন্দী ছবি “কৱীৰ সিং” খন নিশ্চয় আপোনালোকৰ মনত আছে। নহয়নে? নাথাকিবও নো কিয়! ছবিখনে বহুল হাৰত দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে এই ছবিখন শ্বহীদ কাপুৰৰ প্ৰথমখন সফল ছবিৰূপে পৰিগণিত হৈছিল। ছবিখনত থকা কেইটামান দৃশ্যাংশই দৰ্শকৰ মনত বাৰুকৈয়ে ঠাই লৈছিল; এই দৃশ্য সমূহৰ এটা আছিল য’ত কৱীৰ সিং নিজৰ ঘৰত বন কৰা মহিলা গৰাকীক কোনো এক কাৰণত দৌৰাই পঠিয়ায় আৰু সেই বন কৰা মহিলা গৰাকীও ভয়ত হাততেই নিজৰ চেণ্ডেল যোৰ লৈ দৌৰি যায়। দৃশ্যটো একেবাৰেই সৰু আছিল যদিও এই দৃশ্যটোত অভিনীত মাৰাঠী অভিনেত্ৰী বনিতা খেৰাতক পচন্দও কৰিছিল বিভিন্ন জনে। শেহতীয়াকৈ এই গৰাকী অভিনেত্ৰীৰ এখন ফটোৱে চচিয়েল মিডিয়াত লগাইছে খলকনি; ফটোখনত অভিনেত্ৰী গৰাকী যদিও উলংগ অৱস্থাত আছে তৎস্বত্বেও তেওঁ জনসাধাৰণৰ ধনাত্মক মন্তব্য লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ ইনষ্টাগ্ৰামত প্ৰায়ে সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়; তেওঁৰ উক্ত ফটোখন ১ জানুৱাৰী তাৰিখে আপলোড কৰা হৈছিল আৰু ইয়াৰ পিছতেই ফটোখনে চচিয়েল মিডিয়াত লগায় খলকনি।


অভিনেত্ৰী গৰাকীয়ে কেপচনত লিখে যে, “মোৰ প্ৰতিভা, মোৰ কৰ্মনিষ্ঠা, মোৰ দৃঢ়তাৰ ওপৰত মই গৰ্ব কৰো; মই মোৰ শৰীৰটোৰ ওপৰত গৰ্ব কৰো। “কৱীৰ সিং” ৰ বহুল সফলতাৰ পিছত শ্বাহিদ কাপুৰৰো ডিমাণ্ড এই ক্ষেত্ৰখনত বেছি হৈ পৰিছে। শেহতীয়াকৈ অভিনেতা গৰাকীয়ে অভিনেত্ৰী মৃণালৰ সৈতে তেওঁলোকৰ আহিবলগীয়া ছবি “জৰ্সী” ৰ বাবে সমাপ্ত কৰিলে শ্বুটিং পৰ্যায়। ছবিখনত শ্বাহিদ কাপুৰে এজন এনে ক্ৰিকেটাৰৰ ভূমিকা ৰূপায়ন কৰিছে য’ত তেওঁ বহুল প্ৰতিভাৰ গৰাকী হোৱাৰ স্বত্বেও ভাৰতীয় ক্ৰিকেট নিজৰ ঠাই বনাব পৰা নাছিল। কিন্তু, পিছলৈ নিজ পুত্ৰৰ আশানুসৰি এটা স্পেচিয়েল জৰ্সী তেওঁ নিজৰ নামত কৰি পেলায়। এই ছবিখনৰ আন এক উল্লেখনীয় কথা এয়ে যে ইয়াত শ্বাহিদ কাপুৰৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেতা তথা শ্বাহিদৰ পিতৃ পংকজ কাপুৰক। পুনৰ বাৰ দুয়োগৰাকী অভিনেতাই স্ক্ৰীণ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform