যিমানেই বিজ্ঞান অথবা নতুনৰ আৱিষ্কাৰ নহওঁক কিয় অসমীয়া সংস্কৃতিৰ সৈতে ফেৰ মাৰিবলৈ সেই আটাইবোৰ অপাৰগ। এটা দিশৰ পৰা ক’বলৈ গ’লে, আমাৰ নৱপ্ৰজন্মই যিমানেই নতুনৰ প্ৰতি ঢাল নাখাওঁক কিয়! তেওঁলোকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু স্বৰূপ হৈ থাকে অসমীয়া সংস্কৃতি। সেইবাবেই সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত বহু অসমীয়াই পাৰদৰ্শিতা দেখুওৱাৰ উপৰিও এই নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰোৱাত সক্ষম হৈছে। শেহতীয়াকৈ এনে এগৰাকী নৃত্যশিল্পী ভায়লিনা বৰদলৈৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি পাতিছিলো কিছু কথা। নৃত্য ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে “মই নৃত্য ক্ষেত্ৰখনৰ সৈতে জন্মৰ পৰাই জড়িত বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। ঘৰত সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰা বাবেই মইয়ো নৃত্য-গীতৰ মাজেৰে শৈশৱ পাৰ কৰি আহিছো। মোৰ দেউতা পংকজ বৰদলৈ, সংগীত ক্ষেত্ৰখনৰ সৈতে স্বতঃৰ্স্ফুত ভাৱে জড়িত আছিল। প্ৰধানতঃ জ্যোতি সংগীত, ৰাভা সংগীতৰ চৰ্চা তথা প্ৰচাৰত তেওঁ ব্যস্ত আছিল। আৰু, মোৰ মাতৃ ৰুবী বৰদলৈ এগৰাকী প্ৰসিদ্ধ শাস্ত্ৰীয় নৃত্য শিল্পী। বিশেষকৈ, মোৰ মাৰ সত্ৰীয়া নৃত্য জগত খনত বিশেষ অৱদান আছে। সেইবাবেই হয়টো, নৃত্য-গীতৰ মূল ভাৱ জনাৰ আগতেই মই এই দুই ক্ষেত্ৰৰ সৈতে জড়িত হৈছিলো আৰু বৰ্তমানেও এই যাত্ৰা অব্যাহত ৰাখিছো। “লক-ডাউন” ৰ সময়ত কেনেদৰে নৃত্যচৰ্চা কৰিছিলা বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “লক-ডাউন” ৰ সময়কণ বৰ কষ্টকৰ আৰু আমনি দায়ক আছিল। এই মহামাৰীৰ আৰম্ভণিতে দেউতাৰ বহুদিনীয়া সপোন, “শৰতৰ জোনাকী ৰাতি” শীৰ্ষক এটা পূৰণি গীত ১৯৯৪ চনত দেউতা আৰু সন্ধ্যা মেননে কন্ঠদান কৰা; এই গীতটিক ৰিমেক কৰি আমি মুক্তি দিছিলো আৰু তাৰ পিছতেই মোৰ দেউতাৰ বিয়োগ হৈছিল।”
তেওঁ আগলৈ কয় যে, “লক-ডাউন” ৰ আৰম্ভণিৰ তিনি-চাৰিমাহ দেউতাৰ মৃত্যুৰ কথাটোৱে আমনি কৰিছিল যদিও পিছলৈ মই মোৰ নৃত্য-গীতৰ দিশটোত আৰু অধিক জোৰ দিলো। বহুদিনীয়া বিৰতিৰ পিছত আকৌ আখৰা কৰিবলৈ লৈছিলো আৰু সেইখিনি সময়ত “Scientifically Correct” কিছুমান মুদ্ৰাৰ হস্তক লৈ মই তাৰ বিশ্লেষণৰ সৈতে ফটোশ্বুট কৰোৱাইছিলো ; যিখিনি ফটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও জনপ্ৰিয় পেজে “ফিচাৰ ফটো” ৰূপে ব্যৱহাৰ কৰিবলৈ বিচাৰিলে। আনহাতে, চচিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমত চলি থকা সত্ৰীয়া নৃত্য আৰু বিভিন্ন পৰিৱেশ্য কলাৰ আলোচনাত মোৰ ভাৱ ধাৰণাৰ ব্যক্ত কৰিবলৈ আমন্ত্ৰণ কৰা হ’ল। এই আলোচনা সমূহত নিজকে সুন্দৰকৈ প্ৰস্তুত কৰিবলৈ আৰু দৰ্শকক কিবা এটা শিকাবলৈ যথেষ্ট চেষ্টা কৰিছিলো। পিছলৈ, মাৰ সৈতে দেউতাৰ এক পৰিকল্পনাক দিঠকত পৰিণত কৰাৰ চেষ্টা কৰিছিলো। মাৰ কথা আৰু দেউতাৰ সংগীতেৰে ২০১৩ চনৰ তেজপুৰ মহোৎসৱৰ “মহামিলনৰ তীৰ্থভূমি” শীৰ্ষক গীতটিৰ মিউজিক ভিডিঅ’ দেউতাৰ ৬০ সংখ্যক জন্মদিন অৰ্থাৎ চলিত বৰ্ষৰ ২৪ ডিচেম্বৰ মুকলি কৰি দিয়া হৈছিল।
ভায়লিনা বৰদলৈ আগন্তুক পৰিকল্পনা বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভৱিষ্যতৰ কিছু পৰিকল্পনা আছে; শেহতীয়াকৈটো মই এন.কে প্ৰডাকচন বেনাৰত নিৰ্মিত ত্ৰিদীব লাহনৰ দ্বাৰা পৰিচালিত এখন ৱেব ফিল্মত অভিনেত্ৰী ৰূপে আছো।”লক-ডাউন” ত আৰম্ভ হোৱা শ্বুটিঙৰ এতিয়াও কিছু বাকী আছে, অহা বছৰলৈ মুক্তি লাভৰ সম্ভাৱনা আছে। আনহাতে মই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ স্নাতকোত্তৰৰ ছাত্ৰী; গতিকে সেইটো দিশৰ পৰাও বহুখিনি ব্যস্ততা আছে। সময়ত কেনেদৰে মিলাব পাৰো তাক লৈও আচলতে পৰিকল্পনাহে কৰিবলগীয়া হৈছে। আচলতে, “শিল্পী জীৱনেই হ’ল ব্যৱস্থাপনা”।
Add comment