“অলপ বেছি হ’ল ……… নেকি??” এই সংলাপটি কাৰ,ক’ত আৰু কেতিয়া ব্যৱহাৰ কৰা হয় সেয়া ছাগে নক’লেও অসমৰ প্ৰায় প্ৰত্যেকখন ঘৰৰেই চিনাকী। বৰ্তমান ৰাজীৱ বৰঠাকুৰৰ দ্বাৰা পৰিচালিত জয়ন্ত দাস অভিনীত “ভাড়াঘৰ” প্ৰচাৰ কৰা হয় সন্ধিয়া ৬ বজাত ৰং চেনেলত। ৰাইজৰ মাজত জনপ্ৰিয় ধাৰাবাহিকখন অসমীয়া ধাৰাবাহিকৰ ভিতৰত দীঘলীয়া বুলি ধৰিব পাৰি। যাৰ “চিজন ৩” অৰ্থাৎ তিনি নম্বৰ খণ্ডতো প্ৰচাৰিত হৈ আছে। ভাৰাঘৰৰ মালিক লগতে ভাৰাতীয়াৰ নানান কাহিনীৰে দৰ্শকক আমোদ দিয়ে “ভাড়াঘৰ” এ।
ধাৰাবাহিক খনত একঘেয়ামীতা নাই বাবেই ই ইমান জনপ্ৰিয়। তাত থকা ভিন্ন চৰিত্ৰৰ ভিন্নতা তথা অভিনয় শৈলীৰ মাজৰ অসাদৃশ্যতাই দৰ্শকক আকৰ্ষণ কৰে। ভাৰাঘৰ বিচাৰি অহা ভাৰাতীয়াৰ সৈতে মালিকৰ যি সচৰাচৰ ব্যৱহাৰ তাক সুহুতীয়া কাহিনীৰে সুন্দৰভাৱে প্ৰতিফলিত কৰা হৈছে ধাৰাবাহিকখনত। “কাকতি” আৰু “কেওঁট” চৰিত্ৰ দুটাৰ সংলাপত থকা বাক্যবান নাইবা “কেওঁট” ৰ চকুচৰহা যি স্বভাৱ; সি দৰ্শকৰ মাজত জনপ্ৰিয়। “কাকতি” ৰ নিজ ভাৰাতীয়াৰ প্ৰতি যি দায়বদ্ধতা অথবা এজন মালিকে ভাৰাতীয়াৰ দুখত দুখী আৰু সুখত সুখী হোৱা একোটা কাহিনীৰ সংমিশ্ৰণ আছে ধাৰাবাহিক খনত।
ভাৰাতীয়াৰ নিজস্ব জীৱনৰ উখল-মাখল আদি অভিনয়ৰ জৰিয়তে সুন্দৰ প্ৰকাশ ঘটিছে “ভাৰাঘৰ” ত। ব্যংগাত্মক ভাৱে দৰ্শকক হহুৱাৰ অৱকাশ দিছে ধাৰাবাহিকখনে। ধাৰাবাহিকখনৰ শ্বুটিং চলে গুৱাহাটীৰ মাজমজিয়াৰ দিছপুৰত। সুন্দৰ অভিনয়ৰে সাম্প্ৰতিক সময়ত চলি থকা কিছু ঘটনাৰ আভাসেৰে থকা ধাৰাবাহিক খন চোৱাৰ উপযোগী। য’ত দৰ্শকক হাঁহিবও পাৰে নাইবা নিজক সেই পৰিস্থিতৰ সৈতে খাপ খুৱাই আমোদো ল’ব পাৰে।

Add comment